ETV Bharat / bharat

নাফে সিং ৰাঠী হত্যা গোচৰ; ৰাঠী পৰিয়ালক ভাবুকি দিয়া অভিযুক্তক গ্ৰেপ্তাৰ - Nafe Singh Rathee

Nafe Singh Rathee Murder Case : হাৰিয়ানাৰ ভাৰতীয় ৰাষ্ট্ৰীয় লোক দলৰ (আইএনএলডি) ৰাজ্যিক সভাপতি নাফে সিং ৰাঠীৰ হত্যাৰ পিছত দুৰ্বৃত্তই এতিয়া তেওঁৰ পৰিয়ালক হত্যাৰ ভাবুকি দিছে । অৱশ্যে হাৰিয়ানা আৰক্ষীয়ে অভিযুক্তক ৰাজস্থানৰ পৰা গ্ৰেপ্তাৰ কৰিছে । আৰক্ষীয়ে অভিযুক্তক বাহাদুৰগড়লৈ অনাৰ প্ৰস্তুতি চলাই আছে ।

ৰাঠী পৰিয়ালক ভাবুকি দিয়া অভিযুক্তক গ্ৰেপ্তাৰ

author img

By ETV Bharat Assamese Team

Published : Mar 1, 2024, 4:03 PM IST

নিউজ ডেস্ক, ১ মাৰ্চ : হাৰিয়ানাৰ ভাৰতীয় ৰাষ্ট্ৰীয় লোক দলৰ (আইএনএলডি) ৰাজ্যিক সভাপতি নাফে সিং ৰাঠীৰ হত্যাৰ গোচৰত আৰক্ষীয়ে এতিয়া কোনো শুংসূত্ৰ লাভ কৰা নাই । আৰক্ষীয়ে এতিয়াও হত্যাকাণ্ডটোৰ অভিযুক্তক গ্ৰেপ্তাৰ কৰিব পৰা নাই । ইফালে বৃহস্পতিবাৰে দুৰ্বৃত্তই নাফে সিং ৰাঠীৰ ঘৰত ফোনযোগে পৰিয়ালৰ সদস্যসকলক হত্যাৰ ভাবুকি দিয়ে । আনহাতে, এই ভাবুকিৰ ফোনটো অহাৰ সময়ত কংগ্ৰেছৰ ৰাজ্যসভাৰ সাংসদ দীপেন্দৰ হুদাও নাফে সিং ৰাঠীৰ ঘৰত উপস্থিত আছিল । সেই সময়ত নাফে সিং ৰাঠীৰ ঘৰত বহুসংখ্যক লোক সমবেত হয় ।

উল্লেখ্য যে নাফে সিং ৰাঠীৰ হত্যাকাণ্ডই প্ৰায় ৫ দিন অতিক্ৰম কৰিলে । কিন্তু আৰক্ষীয়ে এতিয়াও হত্যাকাৰীৰ সন্ধান উলিয়াব পৰা নাই । ইয়াৰ মাজতে দুৰ্বৃত্তই নাফে সিং ৰাঠীৰ পৰিয়ালক হত্যাৰ ভাবুকি দিবলৈ আৰম্ভ কৰিছে ।

অৱশ্যে এই ভাবুকি প্ৰদানৰ ২৪ ঘণ্টাৰ ভিতৰতে বাহাদুৰগড় আৰক্ষীয়ে ৰাজস্থানৰ পৰা লোকজনক আটক কৰে । আৰক্ষীয়ে অভিযুক্তক বাহাদুৰগড়লৈ আনি আছে । জানিব পৰা মতে, অভিযুক্তক সোধা-পোছা কৰাৰ সময়ত নাফে সিং ৰাঠী হত্যাকাণ্ডৰ সৈতে সম্পৰ্কিত কিছু গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিব পাৰে বুলি অনুমান কৰা হৈছে ।

উল্লেখ্য যে হাৰিয়ানাৰ ঝাজ্জৰ জিলাৰ বাহাদুৰগড়ত ২৫ ফেব্ৰুৱাৰীত দুৰ্বৃত্তই প্ৰায় ৪০-৫০ ৰাউণ্ড গুলীচালনা কৰি আইএনএলডিৰ ৰাজ্যিক সভাপতি নাফে সিং ৰাঠীক হত্যা কৰে । নাফে সিঙৰ পৰিয়ালৰ মতে, তেওঁ নিৰন্তৰ ভাবুকি লাভ কৰি আছিল । কিন্তু আক্ৰমণকাৰীয়ে নাফে সিঙক হত্যা কৰে । ইফালে তেওঁৰ হত্যাৰ পিছত দুৰ্বৃত্তই এতিয়া তেওঁৰ পৰিয়ালকো হত্যাৰ ভাবুকি প্ৰদান কৰিছে ।

লগতে পঢ়ক :চেন্নাই সচিবালয়ক বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি; অব্যাহত তালাচী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.