নেশ্যনেল ডেস্ক, 21 জানুৱাৰী : "মুছলমানসকলে জ্ঞানৱাপী আৰু শ্বাহি ইদগাহ মছজিদ হিন্দুসকলক হস্তান্তৰ কৰা উচিত ৷" ৰামৰ জন্মভূমি অযোধ্যাত নৱনিৰ্মিত ৰাম মন্দিৰক সমৰ্থন কৰি পুৰাতত্ত্ববিদ কে.কে. মহম্মদে এই গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে ৷ লগতে ৰাম মন্দিৰ বিৰোধী তত্ত্বসমূহকো অস্বীকাৰ কৰিছে মহম্মদে ।
উখল-মাখল ৰামনগৰী অযোধ্যা । দেশজুৰি এতিয়া গুঞ্জৰিত হৈছে ভগৱান শ্ৰীৰামৰ বন্দনা । ৰামৰ প্ৰাণ প্ৰতিষ্ঠাৰ এই মাহেন্দ্ৰ ক্ষণলৈ আগ্ৰহেৰে বাট চাইছে সকলো ৰামভক্তৰ লগতে দেশবাসীয়ে ।
ভাৰতীয় পুৰাতাত্ত্বিক জৰীপ (এএছআই)ৰ আঞ্চলিক সঞ্চালক হিচাপে অৱসৰ গ্ৰহণ কৰা মহম্মদক কেইবাটাও গুৰুত্বপূৰ্ণ পুৰাতাত্ত্বিক ফলাফলৰ কৃতিত্ব দিয়া হয় ৷ যাৰ ভিতৰত আছে মোগল সম্ৰাট আকবৰৰ দ্বাৰা নিৰ্মিত ইবাদত খানা আৱিষ্কাৰ, যিটো ধৰ্মতত্ত্ববিদ আৰু বিভিন্ন ধৰ্মৰ পণ্ডিতসকলৰ মাজত ধৰ্মীয় বিতৰ্ক আৰু আলোচনাৰ মাজেৰে নিৰ্মাণ কৰা হৈছিল ।
মহম্মদে লগতে কৈছিল যে, তেওঁ অধ্যাপক বি.বি. লালে নেতৃত্ব দিয়া এটা দলৰ অংশ আছিল আৰু কেইবাটাও হিন্দু মন্দিৰৰ দৰে শিলালিপি, স্তম্ভ উদ্ধাৰ কৰিছিল । আনকি ভৱনটোৰ দেৱালতো হিন্দু দেৱ-দেৱীৰ কেইবাটাও চিত্ৰ অংকন কৰা আছিল ৷ যিবোৰ বহু ঠাইত বিকৃত কৰা হৈছিল । সেই ঠাইত জীৱ-জন্তু, মহিলা, যোদ্ধা আৰু এনে ধৰণৰ কেইবাটাও সামগ্ৰীৰ টেৰাকোটা মূৰ্তিও বিচাৰি পাইছিল ৷
মহম্মদে লগতে কৈছিল যে তেওঁ আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ পৰা ইতিহাসত স্নাতকোত্তৰ ডিগ্ৰী সম্পূৰ্ণ কৰাৰ পিচত এএছআইৰ পুৰাতত্ব মহাবিদ্যালয়ৰ স্নাতকোত্তৰ ডিপ্লোমাৰ ছাত্ৰ আছিল ৷ তেতিয়াৰ পৰাই তেওঁ খনন কাৰ্য আৰম্ভ কৰিছিল । "আমাৰ দলৰ এজন সদস্য আছিল জ্যেষ্ঠ কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ পত্নী জয়শ্ৰী ৰামনাথন । মই ট্ৰেঞ্চখননত জড়িত আছিলো ৷" মহম্মদে কৈছিল । মহম্মদৰ জনোৱা অনুসৰি, অধ্যাপক ইৰফান হাবিবৰ নেতৃত্বত কমিউনিষ্ট ইতিহাসবিদসকলে প্ৰেছ বিবৃতি প্ৰকাশ কৰিছিল যে ড৹ বি.বি.লাল আৰু তেওঁৰ দলে খননকাৰ্যৰ পৰা একো বিচাৰি পোৱা নাছিল ।
"তেতিয়াই অধ্যাপক লালক ইয়াৰ সঁহাৰি দিবলৈ বাধ্য কৰোৱা হৈছিল ৰাইজক ভুৱা ফলাফল দিয়া হৈছিল । অধ্যাপক ইৰফান হাবিব এজন পুৰাতত্ত্ববিদ তথা ইতিহাসবিদ নাছিল আৰু তেওঁ ফলাফলসমূহ বিকৃত কৰি জনসাধাৰণৰ মাজত এক ধৰিমীয় মেৰুকৰণৰ সৃষ্টি কৰিছিল ৷ অৱশ্যে, মছজিদটো 1976 চনত কৰা খনন কাৰ্যৰ সময়ত নহয় 1992 চনতহে মছজিদটো ধ্বংস কৰা হৈছিল ৷" মহম্মদে কয় ।
মহম্মদে লগতে উল্লেখ কৰে যে, "গাঁথনিটোৰ তলৰ পৰা উদ্ধাৰ কৰা ভগ্নাৱশেষ দ্বাদশ শতিকাৰ বিষ্ণুহাৰিশিলা শিলালিপি আছিল ৷ সমালোচকসকলে পূৰ্বতেই কৈছিল যে এইটো 18 শতিকাৰ এটা শিলালিপি আছিল ৷ শিলালিপিত, বিষ্ণুৰ বিষয়ে স্পষ্টকৈ লিখা হৈছিল যিয়ে বালীক হত্যা কৰিছিল আৰু দহটা মূৰৰ অধিকাৰী ৰাৱনক হত্যা কৰিছিল ৷ ইয়াৰ অৰ্থ হৈছে ভগৱান ৰাম আৰু সেয়েহে সেই ঠাইখন কাৰ আছিল সেয়া স্পষ্ট হৈ পৰিছে ।"
অৱশ্যে তেওঁ এজন পুৰাতত্ত্ববিদ হিচাপে কৈছিল যে, তেওঁ কেতিয়াও ঐতিহাসিক আৰু পুৰাতাত্ত্বিক গুৰুত্বপূৰ্ণ কোনো গাঁথনি ধ্বংস কৰাটো সমৰ্থন কৰা নাছিল । তেওঁ স্বীকাৰ কৰিছিল যে বাবৰি মছজিদ ধ্বংস হোৱাত তেওঁৰো গা কঁপি উঠিছিল ৷
জ্ঞানব্যপী আৰু মথুৰা হিন্দুলোকসকলক হস্তান্তৰ কৰাৰ বাবে হিন্দুসকলৰ দাবীৰ সন্দৰ্ভত মহম্মদে কয় যে, জ্ঞানৱাপী আৰু মথুৰা হিন্দুসকলক ঘূৰাই দিয়াটোৱেই এই সমস্যাটোৰ একমাত্ৰ স্থায়ী সমাধান । সকলো ধৰ্মীয় নেতৃত্বই একেলগে এই গাঁথনিসমূহ হিন্দু সম্প্ৰদায়ক হস্তান্তৰ কৰা উচিত । কাশী, মথুৰা আৰু অযোধ্যা হিন্দুসকলৰ বাবে অতি গুৰুত্বপূৰ্ণ কিয়নো তেওঁলোকে ভগৱান শিৱ, ভগৱান কৃষ্ণ আৰু ভগৱান শ্ৰী ৰামক চিত্ৰিত কৰিছে । এই মছজিদসমূহৰ বাবে মুছলমানসকলৰ কোনো আৱেগ জড়িত নাই ।
খননকাৰী দলৰ অংশহোৱা এজন ব্যক্তি হিচাপে পুৰাতত্ত্ববিদগৰাকীয়ে কয়, "সঁচাকৈয়ে মই এজন পেছাদাৰী পুৰাতত্ত্ববিদ হিচাপে সুখী যে, অযোধ্যাত ভগৱান ৰামৰ বাবে এটা ৰাজকীয় মন্দিৰ স্থাপন হৈছে । এজন পুৰাতত্ত্ববিদ হিন্দু বা মুছলমান নহয় । মই এজন পেছাদাৰী পুৰাতত্ত্ববিদ আৰু মই পেছাদাৰীভাৱে বহুত সুখী যে কেইবা বছৰৰ খনন আৰু বৈজ্ঞানিক অনুসন্ধানে সঠিক ফলাফল দিছে আৰু এটা বিশাল মন্দিৰ নিৰ্মাণ হৈছে ৷ মই অত্যন্ত সুখী ।"
লগতে পঢ়ক: জ্ঞানবাপী মছজিদ গোচৰৰ আজি শুনানী গ্ৰহণ কৰিব এলাহাবাদ উচ্চ ন্যায়ালয়ে !