ETV Bharat / bharat

গণপ্ৰহাৰৰ ফলত মৃত্যু হোৱা নাই উত্তৰ প্ৰদেশৰ দুই যুৱকৰ- আৰক্ষীৰ তথ্যত প্ৰকাশ - Mob Lynching In Animal Trafficking - MOB LYNCHING IN ANIMAL TRAFFICKING

Raipur Mob lynching update : ৰায়পুৰৰ আৰাঙত গৰু সৰবৰাহৰ অভিযোগত উত্তৰ প্ৰদেশৰ তিনি যুৱকক প্ৰহাৰ । প্ৰায় ১২ জনীয়া যুৱকৰ প্ৰহাৰত মৃত্যু হয় দুজনৰ । আনজন যুৱত চিকিৎসালয়ত জীৱন-মৃত্যুৰ সৈতে যুঁজ দি আছে ৷ ইফালে আৰক্ষীয়ে গণপ্ৰহাৰৰ ফলত দুই যুৱকৰ মৃত্যু হোৱা নাই বুলিহে উল্লেখ কৰিছে ৷

Raipur Mob lynching update
গণপ্ৰহাৰৰ ফলত মৃত্যু হোৱা নাই উত্তৰ প্ৰদেশৰ দুই যুৱকৰ- আৰক্ষীৰ তথ্যত প্ৰকাশ (Etv Bharat)
author img

By ETV Bharat Assamese Team

Published : Jun 8, 2024, 10:53 AM IST

নেশ্যনেল ডেস্ক, ৮ জুন : পুনৰ বাতৰিৰ শিৰোনাম দখল কৰিছে গণপ্ৰহাৰৰ বাতৰিয়ে ৷ এইবাৰ গণপ্ৰহাৰত প্ৰাণ হেৰুৱাব লগা হ’ল দুই যুৱকে ৷ প্ৰায় 12 জনীয়া এটা দলৰ প্ৰহাৰত প্ৰাণ হেৰুৱাব লগাত পৰে দুই যুৱকে ৷ নিহত দুই যুৱক উত্তৰ প্ৰদেশৰ চাহাৰনপুৰৰ বুলি জানিব পৰা গৈছে ৷

এই গণপ্ৰহাৰৰ ঘটনাটো সংঘটিত হৈছে চত্তীশগড়ৰ ৰায়পুৰৰ আৰঙত ৷ এই বাতৰিটো পোহৰলৈ অহাৰ পাচতে সৰ্বত্ৰে সৃষ্টি হৈ প্ৰতিক্ৰিয়াৰ ৷ আনকি নিহত দুই যুৱকৰ পৰিয়ালৰ লোকেও গণপ্ৰহাৰৰ ফলতে দুই যুৱকৰ মৃত্যু হোৱা বুলি উল্লেখ কৰিছে ৷

Raipur Mob lynching update
গণপ্ৰহাৰৰ ফলত মৃত্যু হোৱা নাই উত্তৰ প্ৰদেশৰ দুই যুৱকৰ- আৰক্ষীৰ তথ্যত প্ৰকাশ (Etv Bharat)

ইফালে আৰক্ষীৰ ফালৰ পৰাও এই ঘটনাৰ তদন্ত কৰি থকা হৈছে ৷ কিন্তু এই আৰক্ষীয়ে গণপ্ৰহাৰৰ ফলত দুই যুৱকৰ মৃত্যু হোৱা নাই বুলিহে উল্লেখ কৰিছে ৷ আৰক্ষীয়ে সমগ্ৰ ঘটনাটো তন্ন তন্নকৈ পৰীক্ষা কৰি আছে বুলি জানিব পৰা গৈছে ৷

উল্লেখ্য যে, উক্ত ঘটনাটো সংগঠিত হৈছিল বৃহস্পতিবাৰে মাজ নিশা ৷ জানিব পৰা মতে, তিনি যুৱকে ৰায়পুৰ আৰক্ষীৰ তথ্য অনুসৰি উত্তৰ প্ৰদেশৰ তিনিজন যুৱকে এখন ট্ৰাকত গৰু তুলি মহাছামুণ্ড হৈ ওড়িশালৈ লৈ গৈ আছিল ।

এই সময়ছোৱাত বৃহস্পতিবাৰে নিশা 10 ৰ পৰা 12 জন যুৱকে আৰঙত তেওঁলোকক তালাচী কৰাৰ লগতে প্ৰহাৰ কৰে । কেৱল প্ৰহাৰ কৰাই নহয়, তিনিওজন যুৱকক পেলাই দিয়ে মহানদীত । ফলত এজন যুৱকৰ থিতাতে মৃত্যু হয় । আনহাতে চিকিৎসাধীন অৱস্থাত আন এজন যুৱকৰ মৃত্যু হয় ৷ শেহতীয়া তথ্য অনুসৰি, তৃতীয়জন যুৱক হাস্পতালত চিকিৎসাধীন হৈ আছে ৷

লগতে পঢ়ক : গৰু সৰবৰাহৰ সন্দেহত মাজনিশা গণপ্ৰহাৰ তিনি যুৱকক: দুজনৰ মৃত্য়ু - Two killed in mob lynching

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.