ETV Bharat / bharat

মন্দিৰত দুৰ্বৃত্তৰ আক্ৰমণ : স্থানীয় বাসিন্দাৰ পথ অৱৰোধ, উত্তৰ-পূব ভাৰতৰ সৈতে যোগাযোগ বিচ্ছিন্ন - Temple Attack In Dhupguri - TEMPLE ATTACK IN DHUPGURI

Agitation in Dhupguri : মন্দিৰত আক্ৰমণৰ প্ৰতিবাদত টায়াৰ জ্বলাই পথ অৱৰোধ ৷ বহু ঠাইত ৰে’লপথত বহি প্ৰতিবাদ কৰাত ৰে’ল চলাচলত ব্যাঘাত জন্মে । আৰক্ষী অধীক্ষকগৰাকীয়ে কয় যে দোষীক চিনাক্ত কৰাৰ প্ৰক্ৰিয়া অব্যাহত আছে। উত্তৰ-পূব ভাৰতৰ সৈতে যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে ৷

TEMPLE ATTACK IN BENGALS DHUPGURI
টায়াৰ জ্বলাই পথ অৱৰোধ (ETV BHARAT ENGLISH DESK)
author img

By ETV Bharat Assamese Team

Published : May 18, 2024, 8:36 PM IST

নেশ্যনেল ডেস্ক, 18 মে’ : পশ্চিমবংগৰ জলপাইগুৰি জিলাৰ ধূপগুৰিত শনিবাৰে দুস্কৃতিকাৰীয়ে মন্দিৰ ভাঙি পেলোৱাৰ ঘটনাক লৈ সৃষ্টি হৈছে তীব্ৰ উত্তেজনাৰ ৷ ঘটনাৰ সৈতে জড়িত দোষীক গ্ৰেপ্তাৰ কৰাৰ দাবীত আজি পুৱাৰে পৰা স্থানীয় বাসিন্দাসকলে প্ৰতিবাদ সাব্যস্ত কৰি পথ অৱৰোধ কৰিছে ৷ ইতিমধ্যে ঘটনাস্থলীত বৃহৎ আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে ৷ আনকি স্থানীয় লোকে আৰক্ষীৰ সন্মুখত প্ৰতিবাদ কৰিছিল যেতিয়া আৰক্ষীয়ে তেওঁলোকক শান্ত কৰিবলৈ আহিছিল ৷ প্ৰতিবাদত ধূপগুৰি ব্লকৰ বিভিন্ন অঞ্চলত টায়াৰ জ্বলাই পথ অৱৰোধ কৰে ৰাইজে ৷

অভিযোগ অনুসৰি আৰক্ষী অধীক্ষককো ঘটনাস্থলী পৰিদৰ্শন কৰিবলৈ বাধা দিয়া হয় ৷ প্ৰতিবাদ ৰাষ্ট্ৰীয় ঘাইপথলৈ বিয়পি পৰাৰ লগে লগে উত্তৰ-পূব ভাৰতৰ সৈতে যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে ৷ আৰক্ষীয়ে ঘটনাটোৰ আঁৰত থকা অপৰাধীক চিনাক্ত কৰি গ্ৰেপ্তাৰ কৰিবলৈ তদন্ত আৰম্ভ কৰিছে ৷

ধূপগুৰি খলাই গাঁৱৰ স্থানীয় বাসিন্দা আলোক পালে কয় যে শনিবাৰে পুৱা দুষ্কৃতিকাৰীয়ে এটা মন্দিৰ ভাঙি লণ্ডভণ্ড কৰে আৰু তেতিয়াৰ পৰাই দোষীক শীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ দাবীত পথ অৱৰোধ কৰা হৈছে ৷

জিলা আৰক্ষী অধীক্ষক খাণ্ডাবাহালে উমেশ গণপত এটা বৃহৎ আৰক্ষী দলৰ সৈতে ধূপগুৰিত উপস্থিত হয় ৷ ইয়াৰ পিচতে, স্থানীয় বাসিন্দা সকলে তেওঁৰ সন্মুখত প্ৰতিবাদ কৰিবলৈ আৰম্ভ কৰে ৷

ধূপগুৰি ট্ৰেফিক জংচনত 31নং ৰাষ্ট্ৰীয় ঘাইপথত টায়াৰ জ্বলোৱাৰ খবৰ পোৱাৰ লগে লগে অৱৰোধ উঠাবলৈ আৰক্ষী অধীক্ষক উপস্থিত হৈছিল ৷ অৱশ্যে তেওঁক ক্ষুব্ধ ৰাইজে বাধা প্ৰদান কৰে ৷

এছ পি খাণ্ডাবাহালে উমেশ গণপতে ঘটনাটোত দুখ প্ৰকাশ কৰি কয়, "যি ঘটিল সেয়া ভাল নহ’ল ৷ গতিকে মই ঘটনাস্থলীলৈ আহিছিলো, ঘটনাটোৰ তদন্ত চলি আছে ৷ পথ অৱৰোধ কৰা আৰু সাধাৰণ লোকসকলৰ বাবে সমস্যা সৃষ্টি কৰাটো উচিত নহয় ৷" আন্দোলনকাৰীয়ে অৱৰোধ উঠাই লোৱা নাছিল আৰু আৰক্ষী অধীক্ষকৰ গাড়ীখন ঘটনাস্থলীলৈ যোৱাৰ পথত ৰখাই দিয়া বুলি কয় তেওঁ ৷

ইফালে ৰে’লপথতো কেইবাটাও অৱৰোধ দেখা যায় ৷ যাৰ ফলত কেইখনমান ৰে’ল বাতিল কৰা হয় ৷ আন্দোলনকাৰীসকলে বহু ঠাইত ৰে’লপথতে বহি প্ৰতিবাদ সাব্যস্ত কৰে, যাৰ ফলত দিল্লী অভিমুখী সম্পৰ্ক ক্ৰান্তি এক্সপ্ৰেছ আৰু শিয়ালদাহলৈ যোৱা তীস্তা-তৰ্ষা এক্সপ্ৰেছত ব্যাঘাত জন্মে ৷ খলিগ্ৰাম ষ্টেচনতো আবদ্ধ হৈ পৰে এখন মালবাহী ট্ৰেইন ৷

লগতে পঢ়ক : দিল্লীৰ পৰা বেংগালুৰু অভিমুখী বিমানত অগ্নিকাণ্ড; জৰুৰী অৱতৰণ - Fire In Air India Flight

লগতে পঢ়ক : ছত্তীশগড়ত সেনাৰ এনকাণ্টাৰত নিহত নক্সালবাদী - Naxalite Encounter In Chhattisgarh

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.