ETV Bharat / bharat

ভাৰতীয় নৌসেনাত অন্তৰ্ভুক্ত এমএইছ৬০আৰ ছীহ'ক হেলিকপ্টাৰ

author img

By ETV Bharat Assamese Team

Published : Mar 7, 2024, 12:07 PM IST

MH60R Seahawk helicopter: নৌসেনা প্ৰধান এডমিৰেল আৰ হৰি কুমাৰে বুধবাৰে কোচিৰ আইএনএছ গৰুড়ত এক অনুষ্ঠানত দেশৰ প্ৰথম এমএইছ৬০আৰ ছীহ'ক হেলিকপ্টাৰক নৌসেনা বাহিনীলৈ আদৰণি জনায় । মাত্ৰ কেইমিনিটমানৰ ভিতৰতে শত্ৰুৰ চাবমেৰিন ধ্বংস কৰিব পৰা ক্ষমতা আছে এই হেলিকপ্টাৰৰ ।

MH60R Seahawk helicopter
ভাৰতীয় নৌসেনাত অন্তৰ্ভুক্ত এমএইছ৬০আৰ ছীহ'ক হেলিকপ্টাৰ

নেশ্যনেল ডেস্ক,৭ মাৰ্চ : ভাৰতীয় নৌসেনাৰ অংশ হ'ল বিশ্বজুৰি চৰ্চিত এমএইছ৬০আৰ ছীহ'ক হেলিকপ্টাৰ । নৌসেনা প্ৰধান এডমিৰেল আৰ হৰি কুমাৰে বুধবাৰে আইএনএছ গৰুড়ত আয়োজিত এক বিশাল অনুষ্ঠানত দেশৰ প্ৰথম এমএইচ৬০আৰ স্কোয়াড্ৰনক কমিছন কৰে ।

বৈদেশিক সামৰিক বিক্ৰী কাৰ্যসূচীৰ অংশ হিচাপে ভাৰতে আমেৰিকাৰ পৰা ক্ৰয় কৰা ২৪ খন হেলিকপ্টাৰৰ ভিতৰত ৬ খন প্ৰথম পৰ্যায়ত দক্ষিণ নৌসেনাৰ অংশ হ'ব । ২০২০ চনৰ ফেব্ৰুৱাৰীত ভাৰতে আমেৰিকাৰ সৈতে শক্তিশালী এমএইছ৬০আৰ ছীহ'ক হেলিকপ্টাৰ ক্ৰয় কৰাৰ বাবে এক চুক্তি স্বাক্ষৰ কৰিছিল । লুকাই থকা শত্ৰুৰ চাবমেৰিন অতি কম সময়ৰ ভিতৰতে চিনাক্ত কৰি ধ্বংস কৰিব পৰা শক্তি আছে এই হেলিকপ্টাৰৰ ।

একে সময়তে, এই হেলিকপ্টাৰে শত্ৰুৰ ঘাটিত আক্ৰমণ কৰিব পাৰে আৰু কোনো ক্ষতি নোহোৱাকৈ উভতিও আহিব পাৰে । এম এইচ ৬০ আৰ ছীহ'ক হেলিকপ্টাৰৰ আটাইতকৈ ডাঙৰ বৈশিষ্ট্যটো হ'ল যে সাগৰৰ পৃষ্ঠত শত্ৰু দেশৰ জাহাজৰ লগতে সাগৰৰ গভীৰতাত লুকাই থকা চাবমেৰিনবোৰ চিনাক্ত কৰি আক্ৰমণ কৰিব পাৰে ।

অত্যাধুনিক এএলএফএছ ডিপিং সোণাৰ আৰু চ'নো বয় ব্যৱহাৰ কৰি এই হেলিকপ্টাৰে সাগৰৰ যিকোনো গভীৰতাৰ মাজেৰে পাৰ হৈ যোৱা চাবমেৰিনবোৰ চিনাক্ত কৰি ধ্বংস কৰিব পাৰে । এক মাল্টি-মিছন হেলিকপ্টাৰ এমএইছ৬০ আৰ ছীহ'ক যিকোনো ভূমিকাৰ বাবে ব্যৱহাৰ কৰিব পাৰি । এই হেলিকপ্টাৰবোৰে অতীতত কৰা অভিযানবোৰত বিশেষ সফলতা দেখুৱাইছে ।

বিভিন্ন উদ্দেশ্যৰে এই হেলিকপ্টাৰ ব্যৱহাৰ কৰিব পাৰি । ই চাবমেৰিন বিৰোধী আক্ৰমণ, শত্ৰুৰ যুদ্ধ জাহাজৰ ওপৰত আক্ৰমণ, অনুসন্ধান আৰু উদ্ধাৰ অভিযান, লজিষ্টিক সমৰ্থন, কৰ্মচাৰী স্থানান্তৰ আৰু চিকিৎসা সামগ্ৰী স্থানান্তৰৰ বাবে সক্ষম । ইয়াৰ উপৰিও এই হেলিকপ্টাৰখন বায়ুকেন্দ্ৰিক প্ৰতিৰক্ষা অভিযানত অংশ গ্ৰহণ কৰিবলৈও সক্ষম ।

লগতে পঢ়ক :গুনাত বিমান দুৰ্ঘটনাগ্ৰস্ত, গুৰুতৰভাৱে আহত প্ৰশিক্ষাৰ্থী মহিলা পাইলট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.