ETV Bharat / bharat

নাছিকত এম এইচ চুখয় ৩০ যুঁজাৰু বিমান দুৰ্ঘটনাগ্ৰস্ত; আহত পাইলট - Sukhoi30 fighter aircraft crashed - SUKHOI30 FIGHTER AIRCRAFT CRASHED

Sukhoi30 fighter aircraft crashed : বিমানখন ওজাৰ (নাছিক) বিমানবন্দৰৰ স্থানীয় উৰণ ক্ষেত্ৰত এক নিয়মীয়া অনুশীলনৰ সময়ত দুৰ্ঘটনাগ্ৰস্ত হয় । বিমানখন উইং কামাণ্ডাৰ প্ৰশান্ত নায়াৰে স্কুৱেন লীডাৰ এল বিছৱালৰ (ফ্লাইট টেষ্ট ইঞ্জিনিয়াৰ) সৈতে পৰিচালনা কৰি আছিল ।

Sukhoi30 fighter aircraft crashed
নাছিকত এম এইচ চুখয় ৩০ যুঁজাৰু বিমান দুৰ্ঘটনাগ্ৰস্ত (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Jun 4, 2024, 4:40 PM IST

নিউজ ডেস্ক, ৪ জুন : নাছিকৰ নিফাদ তালুকাত চুখয় ৩০ যুঁজাৰু বিমান দুৰ্ঘটনাগ্ৰস্ত । বিমানখন নিফাদৰ শিৰাজগাঁও অঞ্চলৰ এখন পথাৰত দুৰ্ঘটনাগ্ৰস্ত হয় । এই দুৰ্ঘটনাটোত এজন পাইলট আহত হয় । কাৰিকৰী বিজুতিৰ বাবেই এই দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি কোৱা হৈছে ।

মঙলবাৰে পুৱা নাছিকৰ ওজাৰৰ এইচএএলৰ ৰানৱেৰ পৰা চুখয় ৩০ খন যুঁজাৰু বিমানখনে উৰা মাৰিছিল । কিন্তু বিমানখনত হঠাতে কাৰিকৰী বিজুতি ঘটাৰ বাবে বিমানখনৰ দুয়োগৰাকী পাইলটে নিফাদ তালুকাৰ শিৰাজগাঁৱত এখন মুকলি পথাৰত বিমানখন অৱতৰণৰ চেষ্টা কৰাত দুৰ্ঘটনাগ্ৰস্ত হয় । কিন্তু তাৰ পূৰ্বেই দুয়োগৰাকী পাইলটে পেৰাচুটেৰে অৱতৰণ কৰে ।

আনহাতে, বিমানৰ পৰা জঁপিয়াই পৰাৰ সময়ত এগৰাকী পাইলট ঘটনাটোত আঘাতপ্ৰাপ্ত হয় । এই ঘটনাত বিমানখন সম্পূৰ্ণৰূপে জ্বলি যায় । দুৰ্ঘটনাটোৰ প্ৰকৃত কাৰণ কি সেই সন্দৰ্ভত এইচএএলে অনুসন্ধান আৰম্ভ কৰিব বুলি জনাইছে । ইফালে বিমান দুৰ্ঘটনাৰ খবৰ শুনাৰ লগে লগে স্থানীয় লোকসকল ঘটনাস্থলীত উপস্থিত হয় । লগে লগে আৰক্ষীও ঘটনাস্থলীত উপস্থিত হয় আৰু দুৰ্ঘটনাস্থলীত স্থানীয় লোক উপস্থিত হোৱাত বাধা প্ৰদান কৰে । লগতে আৰক্ষীয়ে পাইলট দুজনক উদ্ধাৰৰ ব্যৱস্থা কৰে ।

বিমানখন ওজাৰ (নাছিক) বিমানবন্দৰৰ স্থানীয় উৰণ ক্ষেত্ৰত এক নিয়মীয়া অনুশীলনৰ সময়ত দুৰ্ঘটনাগ্ৰস্ত হয় । বিমানখন উইং কামাণ্ডাৰ প্ৰশান্ত নায়াৰে স্কুৱেন লীডাৰ এল বিছৱালৰ (ফ্লাইট টেষ্ট ইঞ্জিনিয়াৰ) সৈতে পৰিচালনা কৰি আছিল ।

এইচএএলৰ এক বিবৃতি অনুসৰি, অনুসন্ধান পৰিষদক দুৰ্ঘটনাৰ সঠিক কাৰণ বিচাৰি উলিয়াবলৈ নিৰ্দেশ দিয়া হৈছে ।

বিমানখন পুৱা ১১.০৫ বজাত দুৰ্ঘটনাগ্ৰস্ত হয় আৰু পিম্পালগাঁও আৰক্ষী থানাই পুৱা ১১.১৫ বজাত দুৰ্ঘটনাটোৰ বিষয়ে তথ্য লাভ কৰে । এগৰাকী আৰক্ষী বিষয়াই পিটিআইক জনায় ।

উল্লেখ্য, ৰাছিয়াৰ চুখয়ৰ দ্বাৰা বিকশিত আৰু হিন্দুস্তান এৰোনটিক্স লিমিটেডৰ (এইচএএল) অনুজ্ঞাপত্ৰৰ অধীনত নিৰ্মাণ কৰা বিমানখন নাছিকৰ ওচৰৰ এইচএএল এয়াৰষ্ট্ৰিপৰ পৰা উৰা মাৰিছিল ।

লগতে পঢ়ক :তাজ এক্সপ্ৰেছৰ তিনিটা দবাত লাগিল জুই - Fire In Taj Express

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.