ETV Bharat / bharat

শাৰদ পাৱাৰৰ মধ্যাহ্ন ভোজনৰ নিমন্ত্ৰণ নাকচ মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী, উপ-মুখ্যমন্ত্ৰীৰ

author img

By ETV Bharat Assamese Team

Published : Mar 1, 2024, 10:46 PM IST

CM Shinde rejected Sharad Pawar lunch invitation: শাৰদ পাৱাৰৰ আমন্ত্ৰণ নাকচ কৰিলে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী আৰু উপ-মুখ্য়মন্ত্ৰীয়ে । অজিত পাৱাৰেও আমন্ত্ৰণ লাভ কৰাৰ পাচতো ৰক্ষা নকৰিলে উক্ত আমন্ত্ৰণ । সমগ্ৰ বিষয়ক লৈ সৃষ্টি হৈছে তীব্ৰ ৰহস্য ।

CM Shinde rejected Sharad Pawar lunch invitation
শাৰদ পাৱাৰৰ মধ্যাহ্ন ভোজন নাকচ

নেশ্যনেল ডেস্ক,১ মাৰ্চ: শাৰদ পাৱাৰৰ আমন্ত্ৰণ নাকচ কৰিলে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী আৰু উপ-মুখ্য়মন্ত্ৰীয়ে । জানিব পৰা মতে মুখ্যমন্ত্ৰী একনাথ সিন্দে আৰু উপ-মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাডনাভিছ দুয়োকে শৰদ পাৱাৰে বাৰামতীত মধ্যাহ্নভোজনৰ বাবে আমন্ত্ৰণ জনাইছিল । কিন্তু ৰহস্যজনভাৱে মুখ্যমন্ত্ৰী আৰ উপ-মুখ্যমন্ত্ৰী দুয়োৱে আমন্ত্ৰণ প্ৰত্যাখ্যান কৰে । এক তথ্য অনুসৰি অজিত পাৱাৰেও আমন্ত্ৰণ লাভ কৰাৰ পাচতো উক্ত আমন্ত্ৰণ ৰক্ষা নকৰে ।

জানিব পৰা মতে শনিবাৰে বাৰামতী চহৰত 'নমো' চাকৰি মেলা অনুষ্ঠিত কৰা হয় । ৰাজ্যখনৰ মুখ্যমন্ত্ৰী একনাথ সিন্দে, উপ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাডনাভিছ আৰু অজিত পাৱাৰে এই বৈঠকত অংশগ্ৰহণ কৰিব । ৰোজগাৰ মেলা উপলক্ষে বাৰামতীলৈ অহা এই তিনিজন নেতাক জাতীয়তাবাদী শাৰদ পাৱাৰে তেওঁৰ 'গোবিন্দ বাগ' বাসগৃহত নৈশ ভোজনৰ বাবে বিশেষভাৱে আমন্ত্ৰণ জনায় । পিছে সাৰদ পাৱাৰৰ এই আমন্ত্ৰণ মুখ্যমন্ত্ৰী আৰু উপ-মুখ্যমন্ত্ৰী দুয়োগৰাকীয়ে প্ৰত্যাখ্যান কৰা বুলি তথ্য পোহৰলৈ আহিছে ।

  • " class="align-text-top noRightClick twitterSection" data="">

যদিও অজিত পাৱাৰে তেওঁৰ সমৰ্থনকাৰী বিধায়কসকলৰ সৈতে মহাজোঁটত যোগদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে, কিন্তু লক্ষণীয়ভাৱে শাৰদ পাৱাৰে মহা বিকাশ আঘাদীৰ সপক্ষে দৃঢ়ভাৱে থিয় হৈ আছে । সেয়েহে, শাসকীয় দলৰ সৈতে শাৰদ পাৱাৰৰ সংঘাত আৰম্ভ হোৱা বুলি এক তথ্য পোহৰলৈ আহিছে । একেদৰে, চৰকাৰে শাৰদ পাৱাৰক বাৰামতীত অনুষ্ঠিত হোৱা নমো ৰোজগাৰ মেলালৈ নিমন্ত্ৰণ কৰিবলৈও অস্বীকাৰ কৰা বুলি এক তথ্য় পোহৰলৈ আহিছে ।

ইয়াৰ পিচতে, পাৱাৰে মুখ্যমন্ত্ৰী আৰু উপ-মুখ্যমন্ত্ৰীক নৈশ ভোজনৰ বাবে আমন্ত্ৰণ জনায় আৰু তেওঁলোকক এক দ্বিধাত পেলায় । অৱশ্যে, এতিয়া মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা শাৰদ পাৱাৰলৈ এটা উত্তৰ প্ৰেৰণ কৰা হৈছে যে পূৰ্ব পৰিকল্পিত অনুষ্ঠানৰ বাবে তেওঁলোক ভোজনলৈ আহিব নোৱাৰে । লগতে, দুয়োজন উপ মুখ্যমন্ত্ৰীয়েও এই আমন্ত্ৰণ প্ৰত্যাখ্যান কৰে বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক: বিজেপিৰ নিৰ্বাচন সমিতিৰ বৈঠক সমাপ্ত; শীঘ্ৰে প্ৰকাশ পাব লোকসভা নিৰ্বাচনৰ প্ৰথম তালিকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.