ETV Bharat / bharat

অৰুণাচল প্ৰদেশৰ ভিন্ন স্থানত ভয়াৱহ ভূমিস্খলন : বন্ধ হৈ পৰিছে পথ - Landslides in Arunachal Pradesh

author img

By ETV Bharat Assamese Team

Published : Jul 1, 2024, 9:54 PM IST

Landslides hit Arunachal: ভয়াৱহ বান আৰু ভূমিস্খলনৰ কৱলত অৰুণাচল প্ৰদেশৰ ভিন্ন অঞ্চল ৷ বন্ধ হৈ পৰিছে বহুকেইটা পথ ৷ উদ্ধাৰ অভিযান অব্যাহত ৷

Landslides hit Arunachal
Landslides in Arunachal Pradesh (ETV Bharat Assam)

তেজপুৰ, ১ জুলাই: ধাৰাসাৰ বৰষুণৰ ফলত অৰুণাচল প্ৰদেশৰ বিভিন্ন ঠাইত ভয়াৱহ বান আৰু ভূমিস্খলনে জুৰুলা কৰিছে ৰাইজক । ৰাজ্যখনৰ ৰাজধানী ইটানগৰ ডিভিজন 4 ৰ সমীপত হঠাৎ পাহাৰ খহি এক ভয়ানক ঘটনা সংঘটিত হোৱা তথ্য পোহৰলৈ আহিছে । পাহাৰৰ পৰা বৈ অহা পানীৰ ধলে ঘৰ, পথত থকা গাড়ী উটুৱাই নিয়াৰ লগতে কেবাটাও পথ ভূমিস্খলনৰ ফলত আবদ্ধ হৈ পৰিছে । সামাজিক মাধ্যমত এই ভূমিস্খলনৰ দৃশ্য ইতিমধ্যে ভাইৰেল হৈ পৰিছে ।

ভূমিস্খলনৰ কৱলত অৰুণাচল (ETV Bharat Assam)

ভূমিস্খলনৰ ফলত চালকসহিতে এখন গাড়ী বোকা মাটিয়ে ঢাকি পেলাই যদিও কথমপি মহিলা চালকগৰাকী ৰক্ষা পৰে । ৰাজ্যখনৰ বিভিন্ন জিলা আৰু ৰাজধানী চহৰৰ লগতে সকলো পাহাৰীয়া অঞ্চলত ভয়ানক ভূমিস্খলনৰ পৰা বিস্তৰ ক্ষতিসাধন হোৱাৰ তথ্য পোৱা গৈছে । বহুতো পথ আবদ্ধ হৈ পৰিছে ।

লগতে পঢ়ক: চৌদিশে বানৰ বিভীষিকা : জোনাইত দুজনৰ মৃত্যু, দেৰগাঁৱত সন্ধানহীন এজন - ASSAM FLOOD 2024

ভালুকপুং-টাৱাং সংযোগী পথত ভূমিস্খলনৰ ফলত প্ৰকাণ্ড শিল পথত বাগৰি পৰাত উক্ত পথটো বন্ধ হৈ পৰিছে । পশ্চিম অৰুণাচল প্ৰদেশৰ যাতায়তৰ বাবে তেজপুৰৰ পৰা একমাত্ৰ পথটোও বৰ্তমান বন্ধ হৈ আছে আৰু বহুতো যান-বাহন পথত আবদ্ধ হৈ পৰা দেখিবলৈ পোৱা গৈছে ।

ইটানগৰৰ সমীপত এখন স্কুল বাছৰ চালক, সহায়কাৰী আৰু এগৰাকী ছাত্ৰী ভূমিস্খলনৰ কবলত পৰে আৰু কথমপি তিনিওকে জীৱন্তে উদ্ধাৰ কৰা হয় ।

লগতে পঢ়ক: ইটানগৰত ভয়ংকৰ বান : ডাৱৰ বিস্ফোৰণ নহয় ধাৰাসাৰ বৰষুণৰ বাবেহে এই পৰিস্থিতি - Itanagar Flood

পাকেকিচাং অঞ্চলতো পানী আৰু ভূমিস্খলনৰ ফলত পথ বন্ধ হৈ পৰিছে ৷ সমান্তৰালভাৱে সাগালী, চিয়াং, চেপা আৰু বিভিন্ন ঠাইত ভয়াৱহ ভূমিস্খলন হোৱাত বহু কেইটা ঘৰ পানীৰ ধলে ভাঙি পেলোৱাৰ খবৰ পোৱা গৈছে । ইফালে কামেং নদীৰ ভয়াৱহ বানে এটা পকী ঘৰ উটুৱাই লৈ যায় ।

আনহাতে নামচাই আৰু চাংলাং জিলাত অসম ৰাইফলছৰ উদ্ধাৰকাৰী দলে ৫০০ বানাক্ৰান্ত লোকক উদ্ধাৰ কৰে । বিজয়পুৰ, ধৰ্মপুৰ, মুদৈ, সৃষ্টিপুৰ, হান্থই মৰা বিল আৰু চৌখাম অঞ্চলত এই লোকসকল বানৰ কবলত আবদ্ধ হৈ আছিল বুলি প্ৰতিৰক্ষা মুখপাত্ৰই এক বিবৃতিত জনাইছে । উদ্ধাৰৰ লগতে তেওঁলোকক তাৎক্ষণিক খাদ্য সামগ্ৰী যোগান ধৰা হৈছে ।

লগতে পঢ়ক: জোনাইত বাঢ়নী পানীয়ে ছিঙিলে গাইড বান্ধ; নিদ্ৰাহৰণ ৰাইজৰ - Assam flood 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.