ETV Bharat / bharat

ৰাজপথত বাগৰিল দ্ৰুতবেগী বাহন: থিতাতে নিহত দুজন - ROAD ACCIDENT

author img

By ANI

Published : May 29, 2024, 8:45 AM IST

Updated : May 29, 2024, 1:43 PM IST

Road accident in Odisha: ওড়িশাৰ কন্ধমাল জিলাত এখন দ্ৰুতবেগী বাছে নিয়ন্ত্ৰণ হেৰুৱাই ওলটি পৰে ৷ এই দুৰ্ঘটনাত দুজন লোকৰ মৃত্যুৰ লগতে কেইবাজনো লোক আহত হৈছে ৷

several killed and injured after bus overturns due to overspeeding in odhisha
ৰাজপথত বাগৰিল দ্ৰুতবেগী বাহন: থিতাতে নিহত দুজন (ANI)

নেশ্যনেল ডেস্ক, 29 মে’ : ওড়িশাৰ কন্ধমাল জিলাত মঙলবাৰে নিশা এখন দ্ৰুতবেগী বাছে নিয়ন্ত্ৰণ হেৰুৱাই ওলটি পৰে ৷ এই দুৰ্ঘটনাত দুজন লোকৰ মৃত্যুৰ লগতে কেইবাজনো লোক আহত হৈছে বুলি জানিব পৰা হৈছে ৷

বিষয়াসকলৰ মতে ৰায়াগাদা জিলাৰ মুনিগুড়াৰ পৰা কান্ধমাল জিলাৰ ফুলবানিলৈ গৈ থকা বাছখনত মুঠ 50 জন যাত্ৰী আছিল ৷ বাছখনে এটা টাৰ্নিংঙত ঘূৰিবলৈ লওতেই তীব্ৰগতিত আহি থকাৰ বাবে নিয়ন্ত্ৰণ হেৰুৱাই ফিৰিঙিয়াৰ ওচৰত দুৰ্ঘটনাত পতিত হৈছিল ৷ লগে লগে যাত্ৰীসকলৰ মাজত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয় ৷ যাত্ৰীসকলে কিবা বুজি উঠাৰ আগতে বাছখন উলটি পৰে ৷

এই ঘটনাটোৰ পিছত, স্থানীয় লোক আৰু আৰক্ষী প্ৰশাসন ঘটনাস্থলীত উপস্থিত হয় ৷ লগে লগে তেওঁলোকে আহতসকলক উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰে ৷ এই ঘটনাত দুজন লোকৰ মৃত্যু হৈছে ৷ মৃত লোক দুজন হৈছে টিকট কণ্ডাক্টৰ বিজয়া পাটনায়ক আৰু অৰ্জুন কানহাৰ ৷ মৃত অৰ্জুনৰ বয়স 17 বছৰ বুলি জানিবলৈ পৰা গৈছে ৷

ফুলবানীৰ এছ ডি এম চিত্তৰঞ্জন মহন্তই চিকিৎসালয়ত উপস্থিত হৈ ঘটনা প্ৰত্যক্ষ কৰি কয় যে, " এই দুৰ্ঘটনাত 2 জন লোকৰ মৃত্যু হয় আৰু আন নজন লোক আহত হয় ৷ সম্প্ৰতি আহত কেইগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । বাছখনত প্ৰায় 50 গৰাকী যাত্ৰী আছিল । অত্যধিক দ্ৰুতগতিত আহি থকাৰ বাবে বাছখনৰ চালকজনে নিয়ন্ত্ৰণ হেৰুৱায় ৷ বাছখন পিঞ্জিৰিয়াৰ এটা টাৰ্ণিংত ওলটি পৰে ৷

এই ঘটনাই সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পেলাইছে ৷

লগতে পঢ়ক: কালঘূৰ্ণি ৰেমলৰ প্ৰভাৱত ধুমুহা-বৰষুণৰ কবলত ৰাজ্য, বন্ধ শিক্ষানুষ্ঠান - Cyclone Remal

Last Updated : May 29, 2024, 1:43 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.