ETV Bharat / bharat

নাগালেণ্ডৰ ২৯ নং ৰাষ্ট্ৰীয় ঘাইপথত ভূমিস্খলন; হতাহত ৯ - landslides on NH29

author img

By ANI

Published : Sep 5, 2024, 8:23 AM IST

Nagaland NH 29 Landslides : ধাৰাসাৰ বৰষুণে বিপৰ্যস্ত কৰিছে নাগালেণ্ডৰ জনজীৱন । বৰষুণ আৰু ভূমিস্খলনত বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে ৰাজ্যখন । তাৰ মাজতে ডিমাপুৰ-কোহিমা ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত ভূমিস্খলনৰ ঘটনাত ছযজন লোক নিহত হোৱাৰ লগতে আন তিনিজন আহত হয় । চৰকাৰে হতাহতসকলৰ পৰিয়াললৈ এককালীন সাহায্য ঘোষণা কৰিছে ।

Nagaland NH 29 Landslides
নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ' (ANI Photo)

নিউজ ডেস্ক, ৫ ছেপ্টেম্বৰ : নাগালেণ্ডত ধাৰাসাৰ বৰষুণ আৰু ভূমিস্খলনে বিপৰ্যস্ত কৰিছে জনজীৱন । তাৰ মাজতে ২৯ নং ৰাষ্ট্ৰীয় ঘাইপথত (ডিমাপুৰ-কোহিমা) সংঘটিত ভূমিস্খলনৰ ঘটনাত ছয়জন লোকে প্ৰাণ হেৰুৱায় । আনহাতে, আহত হয় আন তিনিজন । ইফালে এই ঘটনাত হতাহতসকলৰ পৰিয়াললৈ নাগালেণ্ড চৰকাৰে ক্ষতিপূৰণ ঘোষণা কৰিছে । নাগালেণ্ড চৰকাৰে নিহত ব্যক্তিসকলৰ পৰিয়াললৈ ৪ লাখ টকাকৈ এককালীন সাহায্য প্ৰদানৰ ঘোষণা কৰিছে ।

আনহাতে, নাগালেণ্ড ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ (এনএছডিএমএ) নিয়ম অনুসৰি আহত তিনিজন লোকক ১৬ হাজাৰকৈ দিয়া হ'ব । ৰাজ্যখনৰ উপ-মুখ্যমন্ত্ৰী জেলিয়াঙে এই কথা প্ৰকাশ কৰিছে । ইফালে, বুধবাৰে সংঘটিত এই হতাহতৰ ঘটনাৰ পিচত নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ'ই পৰিস্থিতিৰ বুজ লয় আৰু জনসাধাৰণক চৰকাৰী পৰামৰ্শ মানি চলিবলৈ আহ্বান জনায় ।

"এখন বৈঠক আহ্বান কৰি ২৯ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত দুৰ্যোগৰ পৰিস্থিতিৰ বুজ লোৱা হয় । এই ঘটনাত ৬ জন লোকৰ মৃত্যু হৈছে । মই জনসাধাৰণক চৰকাৰী পৰামৰ্শৰ মানি চলিবলৈ অনুৰোধ জনাইছো । চৰকাৰে জৰুৰীকালীন সেৱা আৰু অনুদান প্ৰদান কৰি আছে ।" মৃতকৰ পৰিয়াললৈ মই গভীৰ সমবেদনা জ্ঞাপন কৰিছো ।" মুখ্যমন্ত্ৰীয়ে এক্স পোষ্টত কয় ।

তেওঁ লগতে কয়, "নেৰানেপেৰা বৰষুণৰ ফলত ২৯ নং ৰাষ্ট্ৰীয় ঘাইপথত হোৱা বৃহৎ পৰিমাণৰ ধ্বংসৰ বাবে মই গভীৰভাৱে চিন্তিত । কৰ্তৃপক্ষই পৰিস্থিতি মূল্যাংকন কৰি আছে আৰু প্ৰভাৱিত লোকসকলক সহায় কৰিছে । ৰাজ্য চৰকাৰে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণৰ বাবে ভাৰত চৰকাৰ আৰু ৰ্ষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ সৈতে যোগাযোগ অব্যাহত ৰাখিব আৰু অতি সোনকালে স্বাভাৱিক অৱস্থা পুনৰুদ্ধাৰ কৰিব ।"

আনহাতে, নাগালেণ্ডৰ উপ-মুখ্যমন্ত্ৰী জেলিয়াঙে কয় যে ৰাজ্য চৰকাৰে নাগালেণ্ড ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণক (এন এছ ডি এম এ) সংশ্লিষ্ট জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ (ডি ডি এম এ এছ) জৰিয়তে নিহত আৰু আহতসকলৰ পৰিয়ালৰ বাবে অনুদান মুকলি কৰিবলৈ নিৰ্দেশ দিছে ।

তেওঁ কয় যে মৃতকৰ পৰিয়ালক চাৰি লাখকৈ অনুদান প্ৰদান কৰা হ'ব । আনহাতে, এন এছ ডি এম এৰ নিয়ম অনুসৰি আহত লোকসকলক ১৬ হাজাৰ টকাকৈ অনুদান দিয়া হ'ব । ইফালে ছয়গৰাকী লোকৰ এই দুৰ্ভাগ্যজনক মৃত্যুৰ ঘটনাত দুখ ব্যক্ত কৰি জেলিয়াঙে কয়, "আমি ছয়গৰাকী ব্যক্তিৰ শোকসন্তপ্ত পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ আৰু চিকিৎসালয়ত ভৰ্তি হৈ থখা তিনিজন আহত ব্যক্তিৰ আশু আৰোগ্য কামনা কৰিছো ।"

জেলিয়াঙে লগতে কয় যে গধুৰ বাহন চলাবলৈ আন কোনো বিকল্প পথ নথকাৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন নিগম লিমিটেডক (এন এইচ আই ডি চি এল) খাদ্য-সামগ্ৰীৰ দৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগানত যাতে বিৰূপ প্ৰভাৱ নপৰে তাৰ বাবে ২৯ নং ৰাষ্ট্ৰীয় ঘাইপথ অতি সোনকালে কাৰ্যক্ষম কৰি তুলিবলৈ নিৰ্দেশ দিয়া হৈছে ।

লগতে পঢ়ক :বাংলাদেশী অনুপ্ৰৱেশৰ সুবিধা কৰি দিছে অসম চৰকাৰে : হেমন্ত ছোৰেণ - Hemant Soren
লগতে পঢ়ক :হিমবাহ বিস্ফোৰণ : হিমালয়ৰ প্ৰতি আহিছে ভাবুকি - Glacial Lake Outbursts

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.