ETV Bharat / bharat

মণিপুৰৰ হিংসাত্মক ঘটনা সন্দৰ্ভত তিনিটাকৈ গোচৰ পুনঃ ৰুজু NIA ৰ - MANIPUR VIOLENCE

জিৰিবামত সংঘটিত হিংসাত্মক ঘটনাৰ লগতে আন দুটা ঘটনাৰ বিৰুদ্ধে গোচৰ পুনৰ ৰুজু কৰিছে NIA ই ৷ এক বিবৃতিযোগে কৰ্তৃপক্ষই এই কথা অৱগত কৰিছে ৷

Jiribam killings
Manipur violence (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Nov 27, 2024, 9:21 AM IST

নতুন দিল্লী: সংঘৰ্ষজৰ্জৰ মণিপুৰত হিংসাত্ম কাৰ্য সংঘটিত কৰা কাৰ্যৰ বিৰুদ্ধে তদন্তৰ বাবে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে দায়িত্ব অৰ্পন কৰিছিল ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা চমুকৈ NIA ক ৷ ইতিমধ্যে জিৰিবামত সংঘটিত হিংসাত্মক ঘটনাৰ লগতে আন দুটা ঘটনাৰ বিৰুদ্ধে গোচৰ পুনঃ ৰুজু কৰিছে অনুসন্ধানকাৰী সংস্থাটোৱে ৷ এক বিবৃতিযোগে কৰ্তৃপক্ষই এই কথা অৱগত কৰিছে ৷

বিবৃতিটোত কোৱা হৈছে, ‘‘কেন্দ্ৰীয় গৃহ পৰিক্ৰমা মন্ত্ৰণালয়ৰ নিৰ্দেশ অনুসৰি দোষীৰ বিৰুদ্ধে ক্ষিপ্ৰতাৰে গোচৰ ৰুজু কৰি ৰাষ্ট্ৰীয় তদন্ত সংস্থাই মণিপুৰত শেহতীয়াকৈ সংঘটিত হোৱা হিংসাত্মক পৰিস্থিতিৰ সৈতে জড়িত তিনিটা ডাঙৰ গোচৰৰ পুংখানুপুংখ তদন্ত আৰম্ভ কৰিছে ।’’

সংঘাতপূৰ্ণ ৰাজ্যখনত হিংসাত্মক পৰিস্থিতি বৃদ্ধি পোৱাৰ মাজতে বৃহত্তৰ ষড়যন্ত্ৰ প্ৰতিৰোধৰ বাবে গৃহ মন্ত্ৰণালয়ে অপৰাধৰ গুৰুত্ব বিবেচনা কৰি তদন্তৰ দায়িত্ব NIA ক গতাই দিয়াৰ সিদ্ধান্ত লয় ৷ তাৰ পাছতে সন্ত্ৰাসবাদ বিৰোধী সংস্থাটোৱে ২০২৪ চনৰ ১৩ নৱেম্বৰৰ নৃশংস আক্ৰমণৰ ঘটনাৰ বিৰুদ্ধে তিনিটা গোচৰ পুনৰ পঞ্জীয়ন কৰে ।

‘‘প্ৰথম গোচৰত (এফআইআৰ নং ২৯(১১) বৰোবেক্ৰা আৰক্ষী থানা, তাৰিখ ১১ নৱেম্বৰ, ২০২৪) বৰোবেক্ৰাত কেইবাটাও ঘৰ জ্বলাই দিয়া হৈছিল আৰু দুজন সাধাৰণ নাগৰিকৰ মৃত্যু হৈছিল । পাছত অজ্ঞাত উগ্ৰপন্থীয়ে ৩ গৰাকী মহিলা আৰু ৩ শিশুকে গৰাকীকে ধৰি ৬ জন লোকক অপহৰণ কৰি হত্যা কৰিছিল ।” বিবৃতিটোত কোৱা হৈছে ।

ঘটনাটো সংঘটিত হৈছিল যোৱা ১১ নৱেম্বৰত ৷ একাংশ অচিনাকি অস্ত্ৰধাৰী উগ্ৰপন্থীয়ে বৰোবেক্ৰা থানাৰ দিশে গুলীচালনাৰ লগতে জাকুৰাধোৰ কাৰোঙত অৱস্থিত একাংশ ঘৰ-দোকান আদিলৈ গুলীচালনা কৰাৰ লগতে পিছত থানাখনতো অগ্নিসংযোগ কৰে । বৰোবেক্ৰা থানাৰ আৰক্ষী আৰু চি আৰ পি এফ জোৱানে প্ৰত্যুত্তৰ দিয়াৰ ফলত তীব্ৰ গুলীচালনা হয় । পৰৱৰ্তী সময়ত তালাচী অভিযানত জ্বলি যোৱা ঘৰৰ ভিতৰত দুটা মৃতদেহ উদ্ধাৰ কৰা হয় বুলি বিবৃতিটোত প্ৰকাশ ।

ভাৰতীয় ন্যায় সংহিতা (বিএনএছ), ২০২৩ আৰু অস্ত্ৰ আইন, ১৯৫৯ ৰ বিভিন্ন ধাৰাত RC-15/2024/NIA/IMP ত NIA ই গোচৰটো পুনৰ পঞ্জীয়ন কৰিছে ।

NIA ই তদন্ত আৰম্ভ কৰা দ্বিতীয়টো গোচৰৰ সৈতে ১১ নৱেম্বৰত জাকুৰাধোৰ কাৰোং আৰু বৰোবেক্ৰা থানা জিৰিবামত অৱস্থিত চি আৰ পি এফ চকীত সশস্ত্ৰ উগ্ৰপন্থীয়ে কৰা আক্ৰমণৰ সম্পৰ্ক আছে । এই আক্ৰমণত আঘাতপ্ৰাপ্ত চি আৰ পি এফ কনিষ্টবলক চিকিৎসাৰ বাবে শিলচৰলৈ স্থানান্তৰ কৰা হয় । নিৰাপত্তা বাহিনী আৰু আৰক্ষীৰ দলৰ তালাচীৰ সময়ত আক্ৰমণস্থলীৰ সমীপৰ পৰা অচিনাক্ত সশস্ত্ৰ উগ্ৰপন্থীৰ মৃতদেহৰ লগতে অস্ত্ৰ-শস্ত্ৰ আৰু গোলা-বাৰুদ উদ্ধাৰ কৰা হয় ।

ভাৰতীয় ন্যায় সংহিতা (বিএনএছ), ২০২৩ আৰু অস্ত্ৰ আইন, ১৯৫৯ ৰ বিভিন্ন ধাৰাত RC-14/2024/NIA/IMP ত NIA ই গোচৰটো পুনৰ পঞ্জীয়ন কৰিছে ।

তৃতীয়টো গোচৰ জিৰিবামত অস্ত্ৰধাৰী উগ্ৰপন্থীয়ে এগৰাকী মহিলাক হত্যা কৰাৰ সৈতে জড়িত । ঘটনাটো সংঘটিত হৈছিল যোৱা ৭ নৱেম্বৰত ৷ মণিপুৰৰ জিৰিবামৰ জেইৰোলোপকপি (জাইৰাউন) ৰ ঙুৰথানছাঙৰ পত্নী আৰু তিনিটা সন্তানৰ মাতৃ ৩১ বছৰীয়া জোছাংকিমক অস্ত্ৰধাৰীয়ে উগ্ৰপন্থীয়ে নিজৰ বাসগৃহত ধৰ্ষণ কৰি জীৱন্তে জ্বলাই দিয়াৰ অভিযোগ উত্থাপন হৈছিল ।

প্ৰথমে ৮ নৱেম্বৰ, ২০২৪ তাৰিখে জিৰিবাম থানাত এফআইআৰ নং ৮০ (১১) ২০২৪ ত গোচৰ পঞ্জীয়ন কৰা হৈছিল ৷ NIA ই ভাৰতীয় ন্যায় সংহিতা (বি এন এছ) ২০২৩, অস্ত্ৰ আইন ১৯৫৯, আৰু ইউএ(পি) আইনৰ সংশ্লিষ্ট ধাৰা অনুসৰি RC-13/2024/NIA/IMP ত পুনৰ পঞ্জীয়ন কৰিছে ৷

বিবৃতিটোত কোৱা হৈছে যে ২০২৪ চনৰ ২১-২২ নৱেম্বৰত NIA ৰ দলে ঘটনাস্থলী পৰিদৰ্শন কৰি তদন্ত আৰম্ভ কৰে । সম্প্ৰতি স্থানীয় আৰক্ষীৰ পৰা NIA ক গোচৰৰ নথি গতাই দিয়াৰ প্ৰক্ৰিয়া চলি আছে ।

লগতে পঢ়ক: মণিপুৰত নিৰাপত্তা বাহিনীৰ তীব্ৰ অভিযান; জব্দ বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ

মণিপুৰৰ মুখ্যমন্ত্ৰীয়ে মুখ খুলিলে; উগ্ৰপন্থীক কঠোৰ হাতেৰে দমনৰ আশ্বাস

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.