ETV Bharat / bharat

মণিপুৰত নিৰীহ জনতাৰ মৃত্যু; মুখ্যমন্ত্ৰীৰ পদত্যাগৰ দাবী কংগ্ৰেছৰ - Manipur fresh violence

author img

By ETV Bharat Assamese Team

Published : Sep 10, 2024, 12:30 PM IST

Manipur fresh violence : চলিত মাহৰ আৰম্ভণিৰ পৰাই উত্তৰ পূবৰ ৰাজ্য মণিপুৰত পুনৰ হিংসাত্মক ঘটনা আৰম্ভ হৈছে । প্ৰতিদিনে নতুন নতুন স্থানত ড্ৰোণ আৰু মিছাইল আক্ৰমণৰ দৰে ঘটনা সংঘটিত হৈছে । সোমবাৰে সশস্ত্ৰ সংগঠনৰ আক্ৰমণত এগৰাকী মহিলা নিহত হয় । পৰিস্থিতি নিয়ন্ত্ৰণৰ দাবীত শিক্ষাৰ্থীসকলে প্ৰতিবাদ সাব্যস্ত কৰিছে । বিৰোধী কংগ্ৰেছেও মুখ্যমন্ত্ৰীৰ পদত্যাগৰ দাবী উত্থাপন কৰিছে ।

Manipur fresh violence
মণিপুৰত নিৰীহ জনতাৰ মৃত্যু;মুখ্যমন্ত্ৰীৰ পদত্যাগৰ দাবী কংগ্ৰেছৰ (ANI)

নেশ্যনেল ডেস্ক, ১০ ছেপ্টেম্বৰ : মণিপুৰত অস্থিৰতা অব্যাহত আছে । উত্তৰ পূবৰ ৰাজ্যখনত পুনৰ এগৰাকী সাধাৰণ নাগৰিকৰ মৃত্যুৰ খবৰ পোৱা গৈছে । আৰক্ষীয়ে মঙলবাৰে কোৱা মতে কাংপোকপি জিলাত দুটাকৈ সশস্ত্ৰ গোটৰ মাজত সংঘৰ্ষ হৈছিল । য'ত এগৰাকী ৪৬ বছৰীয়া মহিলা নিহত হয় । ঘটনাটো দেওবাৰে নিশা দূৰৱৰ্তী থাংবুহ গাঁৱত সংঘটিত হয় ।

ইয়াৰ লগে লগে শেহতীয়া হিংসাত্মক ঘটনাত ৰাজ্যখনত মৃত্যুৰ সংখ্যা ৯ জনলৈ বৃদ্ধি হৈছে আৰু ১২ৰো অধিক লোক আহত হৈছে । শেহতীয়া হিংসাত্মক ঘটনাবোৰত ড্ৰোণ আৰু মিছাইল আক্ৰমণ অন্তৰ্ভুক্ত আছে ।

আৰক্ষীয়ে জনোৱা মতে দুৰ্বৃত্তই গাঁওখনৰ কেইবাটাও ঘৰ জ্বলাই দিয়ে । যাৰ ফলত গাঁওবাসী অৰণ্যলৈ পলাই যায় । মৃত মহিলাগৰাকীক নেমজাখোল লুংদিম বুলি চিনাক্ত কৰা হৈছে । চুৰাচান্দপুৰ জিলা চিকিৎসালয়ত মৰণোত্তৰ পৰীক্ষাৰ অন্তত মহিলাগৰাকীৰ মৃতদেহ তেওঁৰ পৰিয়ালক হস্তান্তৰ কৰা হৈছে ।

আৰক্ষীয়ে জনোৱা মতে সশস্ত্ৰ গোটৰ সংঘৰ্ষত যথেষ্ট পৰিমাণৰ শক্তিশালী বোমা নিক্ষেপ কৰা হৈছিল । এই ঘটনাৰ পিচত সমীপৰ এখন বিদ্যালয়ত নিয়োজিত চিআৰপিএফ জোৱান আৰু উগ্ৰপন্থীৰ মাজত গুলীচালনাও হয় ।

শিক্ষাৰ্থীৰ প্ৰতিবাদ

শেহতীয়াকৈ হিংসাত্মক ঘটনা আৰম্ভ হোৱাৰ লগে লগে ৰাজ্যবাসী শংকিত হৈ পৰিছে । ঘটনাৰ ব্যৱস্থা গ্ৰহণৰ দাবীত ৰাজ্যখনৰ বিভিন্ন সংগঠন তথা ছাত্ৰ সমাজে প্ৰতিবাদ সাব্যস্ত কৰিছে । ড্ৰোণ আৰু মিছাইল আক্ৰমণৰ আঁৰত জড়িত লোকসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে ৰাজ্যখনত শান্তি প্ৰতিষ্ঠাৰ দাবীত সোমবাৰে মণিপুৰ সচিবালয় আৰু ৰাজভৱনৰ সন্মুখত হাজাৰ হাজাৰ শিক্ষাৰ্থীয়ে প্ৰতিবাদ সাব্যস্ত কৰে ।

বিদ্যালয় আৰু মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলে এই প্ৰতিবাদত অংশগ্ৰহণ কৰে । পৰৱৰ্তী সময়ত শিক্ষাৰ্থীসকলে মুখ্যমন্ত্ৰী এন বীৰেন সিং আৰু ৰাজ্যপাল এল আচাৰ্যকো সাক্ষাৎ কৰে । ৰাজ্যপালক সাক্ষাতৰ পিচত ছাত্ৰ প্ৰতিনিধিসকলে সাংবাদিকক কয় যে তেওঁলোকে হিংসা প্ৰতিহত কৰাত ব্যৰ্থ হোৱা আৰক্ষী সঞ্চালক প্ৰধান আৰু ৰাজ্য চৰকাৰৰ নিৰাপত্তা উপদেষ্টাক অপসাৰণকে ধৰি ৬ টা দাবী উত্থাপন কৰিছে ।

ইফালে দেওবাৰে ৰাজ্য চৰকাৰে আচাৰ্যৰ সৈতে এক বৈঠকত 'গৃহ মন্ত্ৰালয় পৰিচালিত ইউনিফাইড কমাণ্ড' ৰাজ্য চৰকাৰক হস্তান্তৰ কৰিবলৈ দাবী জনাইছিল । ইউনিফাইড কমাণ্ডে ৰাজ্যখনত নিৰাপত্তা অভিযানত তদাৰক কৰে আৰু বিভিন্ন সুৰক্ষা সংস্থা অন্তৰ্ভুক্ত কৰে ।

  • মুখ্যমন্ত্ৰী বীৰেন সিঙক বৰ্খাস্ত কৰাৰ দাবী কংগ্ৰেছৰ

শেহতীয়াকৈ হোৱা হিংসাত্মক ঘটনাৰ মাজতে কংগ্ৰেছে সোমবাৰে মুখ্যমন্ত্ৰী এন বীৰেন সিঙক তাৎক্ষণিকভাৱে বৰ্খাস্ত কৰিবলৈ আৰু কেন্দ্ৰীয় চৰকাৰে সংবেদনশীল নিৰাপত্তা পৰিস্থিতিৰ সম্পূৰ্ণ দায়িত্ব ল'বলৈ দাবী জনায় । লগতে উচ্চতম ন্যায়ালয়ৰ দ্বাৰা নিৰ্দেশিত মণিপুৰ তদন্ত আয়োগে ইয়াৰ তদন্ত ত্বৰান্বিত কৰিব লাগে বুলিও কংগ্ৰেছে দাবী জনায় । এক্সৰ এটা পোষ্টত খাৰ্গেয়ে কয়, "মণিপুৰত প্ৰধানমন্ত্ৰী মোদীৰ নিকৃষ্ট বিফলতাক ক্ষমা কৰিব নোৱাৰি ।"

তেওঁ কয়, "মণিপুৰৰ বিজেপি মুখ্যমন্ত্ৰীয়ে নিৰ্লজ্জভাৱে নিজৰ পদবীৰ অযোগ্যতাক প্ৰদৰ্শন কৰিছে । 'ইউনিফাইড কমাণ্ড' ৰাজ্য চৰকাৰলৈ স্থানান্তৰ কৰাৰ দাবী জনাইছে বুলি জানিব পৰা গৈছে । ইউনিফাইড কমাণ্ডে মণিপুৰত নিৰাপত্তা অভিযান তদাৰক কৰে আৰু বৰ্তমান কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ বিষয়া, ৰাজ্যিক নিৰাপত্তা উপদেষ্টা আৰু ভাৰতীয় সেনাৰ এটা দলে পৰিচালনা কৰে ।"

খাৰ্গেয়ে কয় যে ৰাজ্যিক বাহিনীৰ সহায়ত সকলো ধৰণৰ বিদ্ৰোহী গোটৰ ওপৰত ব্যাপক অভিযান চলাব লাগে । তেওঁ লগতে কয় যে উচ্চতম ন্যায়ালয়ে মণিপুৰৰ জাতিগত হিংসাৰ তদন্ত আয়োগক নিৰ্দেশ আৰু নিৰীক্ষণ কৰি ইয়াৰ তদন্ত ত্বৰান্বিত কৰিব লাগে । মোদী চৰকাৰে চিবিআই, এনআইএ আৰু হিংসাৰ তদন্ত কৰি থকা অন্যান্য সংস্থাৰ অপব্যৱহাৰ কৰিব নালাগে বুলিও খাৰ্গেয়ে দাবী কৰে ।

লগতে পঢ়ক :মণিপুৰত ছাত্ৰ সংগঠনৰ উত্তাল প্ৰতিবাদ : ৫০ বিধায়কৰ পদত্যাগৰ দাবী - Students protests in Manipur

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.