ETV Bharat / bharat

দুই ফৈদৰ মাজত সংঘৰ্ষ, এজনক গুলীয়াই হত্যা - Pune man shot dead

Pune man shot dead: দুই ফৈদৰ মাজত হোৱাৰ সংঘৰ্ষৰ ফলত অবিনাশ ধনৱে নামৰ এজন যুৱকৰ মৃত্যু । যুৱকজনৰ মূৰত গুলী লাগিছিল । আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে ।

Pune man shot dead
দুই ফৈদৰ মাজৰ সংঘৰ্ষত এজনক গুলীয়াই হত্যা
author img

By ETV Bharat Assamese Team

Published : Mar 17, 2024, 3:27 PM IST

নেশ্যনেল ডেস্ক,১৭ মাৰ্চ : মহাৰাষ্ট্ৰৰ পুনেৰ ইন্দাপুৰত ভয়ংকৰ ঘটনা । এখন হোটেলত দুই ফৈদৰ মাজত হোৱা সংঘৰ্ষত এজন যুৱকৰ মৃত্যু । ৫-৬ জনীয়া এটা দলৰ সৈতে হোৱা কাজিয়াত যুৱকজনক গুলীয়াই হত্যা কৰে । গুলীচালনাক লৈ হোটেলখনত তীব্ৰ উত্তেজনাৰ সৃষ্টি হয় । মৃত যুৱকজনৰ নাম অবিনাশ ধনৱে বুলি জানিব পৰা গৈছে । সূত্ৰৰ মতে এই ঘটনাটো দুটা ফৈদৰ মাজত হোৱা কাজিয়াৰ ফলতে সংঘটিত হৈছিল । আৰক্ষীয়ে জনোৱা মতে মৃত অবিনাশ ধনৱেয়ে তেওঁৰ বন্ধুবৰ্গৰ সৈতে ইন্দাপুৰৰ হোটেলখনত দুপৰীয়াৰ আহাৰৰ বাবে গৈছিল ।

এই সময়তে তেওঁক অনুসৰণ কৰি থকা ৫-৬ জনীয়া লোকে হঠাতে তেওঁক আক্ৰমণ কৰে । আক্ৰমণকাৰীসকলে তেওঁক লক্ষ্য কৰি গুলীচালনা কৰে । আনকি তেওঁলোকে তেওঁক চোকা অস্ত্ৰৰে আক্ৰমণো কৰে । এই আক্ৰমণৰ ফলত ঘটনাস্থলীতে অবিনাশৰ মৃত্যু হয় । অবিনাশৰ মূৰত গুলী লাগিছিল । অৱশ্যে তেওঁক কোনে গুলীচালনা কৰিছিল সেয়া এতিয়াও স্পষ্ট হোৱা নাই ।

আৰক্ষীয়ে জনোৱা মতে অবিনাশ পুনেৰ আলান্দি অঞ্চলত বাস কৰিছিল । ঘটনাটো সংঘটিত হোৱাৰ পিচতে প্ৰত্যক্ষদৰ্শী আৰু স্থানীয় লোকে আৰক্ষীক খবৰ দিয়ে । খবৰ পোৱাৰ লগে লগে আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু অনুসন্ধান আৰম্ভ কৰে । আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে । অৱশ্যে অবিনাশক আক্ৰমণ কৰাৰ আঁৰৰ ৰহস্য এতিয়াও জানিব পৰা হোৱা নাই । এই ঘটনাৰ পিচত আৰক্ষীয়ে চিচিটিভিৰ ফুটেজ সংগ্ৰহ কৰিছে আৰু তদন্ত আৰম্ভ কৰিছে ।

উল্লেখ্য যে যোৱা কিছুদিন ধৰি পুনে চহৰত অপৰাধ যথেষ্ট বৃদ্ধি পাইছে । যাৰ ফলত পুনেত সাধাৰণ নাগৰিকসকল নিৰাপত্তাহীনতাত ভুগিছে । শেহতীয়াকৈ পুনেত বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰীও জব্দ কৰা হৈছে ।

লগতে পঢ়ক :হাৰিয়ানাৰ স্পেয়াৰ পাৰ্টছ নিৰ্মাণ কোম্পানীৰ বয়লাৰ ফাটি ৫০ জনতকৈ অধিক কৰ্মচাৰী অগ্নিদগ্ধ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.