ETV Bharat / bharat

গাজীপুৰত শিহৰণকাৰী ঘটনা: বাছত সংঘটিত অগ্নিকাণ্ডত জীৱন্তে অগ্নিদগ্ধ বহু লোক

উত্তৰ প্ৰদেশৰ গাজীপুৰত এখন চলন্ত বাছত জুই লাগিল । বাছখনত থকা বহুলোক জ্বলি যোৱাৰ আশংকা কৰা হৈছে ।

author img

By ETV Bharat Assamese Team

Published : Mar 11, 2024, 8:13 PM IST

Updated : Mar 11, 2024, 9:21 PM IST

Major accident in Ghazipur, fire broke out in the bus after touching the hyphenation line, many people reported burnt
জীৱন্তে অগ্নিদগ্ধ বহু লোক

নেশ্যনেল ডেস্ক, 11 মাৰ্চ : গাজীপুৰ জিলাখনৰ ১১ হাজাৰ ভল্টৰ বৈদ্যুতিক তাঁৰৰ সংস্পৰ্শলৈ অহাৰ পিচত বৰযাত্ৰীৰে ভৰা এখন বাছত জুই লাগে । মৰদাহ থানা এলেকাৰ মহাহৰ ধামলৈ যোৱা পথত এখন বাছত হাই টেনচন বিদ্যুতৰ তাঁৰ বাগৰি পৰে ৷ অলপ সময়ৰ ভিতৰতে বাছখন জ্বলিবলৈ ধৰিলে ।

  • " class="align-text-top noRightClick twitterSection" data="">

বাছখনত থকা যাত্ৰীসকল জ্বলি যোৱাৰ আশংকা কৰা হৈছে । এই দুৰ্ঘটনাত এতিয়ালৈকে ৫ জন লোকৰ মৃত্যু হৈছে বুলি নিশ্চিত কৰা হৈছে । আনহাতে গুৰুতৰভাৱে দগ্ধ হোৱা বহুলোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । তেওঁলোক সকলো মহাহৰ ধামৰ ওচৰৰ এটা মন্দিৰত আয়োজিত এখন বিবাহ অনুষ্ঠানত অংশ ল’বলৈ গৈ আছিল ৷

major-accident-in-ghazipur-fire-broke-out-in-the-bus-after-touching-the-hyphenation-line-many-people-reported-burnt
চলন্ত বাছত জুই

ঘটনাস্থলীত জুই নিৰ্বাপনৰ প্ৰচেষ্টা আৰু উদ্ধাৰ অভিযান চলি আছে । এতিয়ালৈকে পোৱা তথ্য অনুসৰি, মৌ জিলাৰ কাঝাৰ লোকসকলে এখন বিয়াৰ বাবে মহাহৰলৈ গৈ আছিল । দুৰ্ঘটনাটোত শোক প্ৰকাশ কৰি মুখ্যমন্ত্ৰী যোগীয়ে মৃতকৰ পৰিয়াললৈ ৫ লাখ টকা আৰু গুৰুতৰভাৱে আহতসকলক ৫০ হাজাৰ টকাৰ আৰ্থিক সাহায্য আৰু তেওঁলোকৰ বাবে বিনামূলীয়া চিকিৎসাৰ কথা ঘোষণা কৰিছে ।

মৌৰ ৰাণীপুৰ অঞ্চলৰ খেৰিয়ান খাজাৰ বাসিন্দা এগৰাকী যুৱতীৰ বিবাহ জিলাখনৰ মহম্মদবাদৰ মাহমুদপুৰ গাঁৱত ঠিক কৰা হৈছিল । মহাহৰ ধামৰ সমীপৰ ভাইৰো মন্দিৰত হ’বলগীয়া আছিল এই বিবাহ । মৌৰ পৰা কইনা ঘৰৰ ফালৰ মানুহ আহি আছিল ভাইৰো মন্দিৰলৈ । কইনাক নমাই দিয়াৰ পিচত বাছখন আন এটা পথত গৈ থকা অৱস্থাত সংঘটিত হয় এই দুৰ্ঘটনা ।

ডি এম, এছ পিকে ধৰি বহু শীৰ্ষ বিষয়া সেই স্থানত উপস্থিত হয় । আহতসকলক ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । তথ্য অনুসৰি বাছখনত প্ৰায় ৫০ জন বিবাহ অতিথি আছিল । বাছখনে বিদ্যুৎ পৰিবাহী লাইন স্পৰ্শ কৰাৰ লগে লগে মানুহ বিদ্যুৎস্পৃষ্ট হৈ পৰে । বিয়াৰ আলহীয়ে কিবা বুজি পোৱাৰ আগতেই বাছখন জ্বলিবলৈ আৰম্ভ কৰে আৰু জুয়ে চাৰিওফালৰ পৰা আগুৰি ধৰে । কোনো ওলাই আহিবলৈ সময় নাপালে বাছখনৰ পৰা ৷ গতিকে মৃত্যুৰ সংখ্যা বৃদ্ধি পাব পাৰে বুলি আশংকা কৰা হৈছে । ৫ জনতকৈ অধিক লোকৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে ৷

এছ পি ওমবীৰ সিঙে কয় যে ভিৰৰ কাৰণে মহাহৰ ধাম মন্দিৰৰ ওচৰৰ বেৰিয়াৰত বাছখনৰ প্ৰৱেশ বন্ধ কৰা হৈছিল । যাৰ বাবে চালকজনে আন এটা পথেৰে বাছখন লৈ গৈ আছিল । তেনেকুৱাতে বাটত ১১ হাজাৰ ভল্টৰ তাঁৰে বাছখন স্পৰ্শ কৰে । দুৰ্ঘটনাটোত পাঁচজনৰ মৃত্যু নিশ্চিত কৰা হৈছে । গুৰুতৰভাৱে আহত পাঁচজন লোকক চিকিৎসাৰ বাবে জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে । বাকী পাঁচজনৰ মাৰদাহ পিএইচচিত চিকিৎসা চলি আছে ।

লগতে পঢ়ক : বিজাপুৰত আৰক্ষীৰ ভাতৃক অপহৰণ কৰি হত্যা নক্সালবাদীৰ

Last Updated : Mar 11, 2024, 9:21 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.