ETV Bharat / bharat

এছচিবিএৰ সভাপতি হিচাপে নিৰ্বাচিত কপিল চিব্বাল, মুখ্য ন্যায়াধীশৰ অভিনন্দন - SCBA President Kapil Sibal

author img

By ETV Bharat Assamese Team

Published : May 17, 2024, 2:28 PM IST

SCBA President Kapil Sibal: উচ্চতম ন্যায়ালয় বাৰ এছ'চিয়েশ্যন (এছচিবিএ)ৰ সভাপতি হিচাপে নিৰ্বাচিত হোৱা কপিল চিব্বালক অভিনন্দন জনালে মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে । ইয়াৰ পূৰ্বে ৩ বাৰকৈ চিব্বাল এছচিবিএৰ সভাপতি আছিল ।

SCBA President Kapil Sibal
এছচিবিএৰ সভাপতি হিচাপে নিৰ্বাচিত কপিল চিব্বাল, মুখ্য ন্যায়াধীশৰ অভিনন্দন (ANI)

নেশ্যনেল ডেস্ক,১৭ মে' : প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা কপিল চিব্বাল পুনৰ এবাৰ উচ্চতম ন্যায়ালয় বাৰ এছ'চিয়েশ্যন (এছচিবিএ)ৰ সভাপতি হিচাপে নিৰ্বাচিত হয় । উচ্চতম ন্যায়ালয় বাৰ এছ'চিয়েচনৰ সভাপতি হিচাপে নিৰ্বাচিত হোৱাৰ পিচতে ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে কপিল চিব্বালক অভিনন্দন জনায় । অভিনন্দন জ্ঞাপন কৰি মুখ্য ন্যায়াধীশে কাৰ্যকৰী সমিতিৰ সদস্যসকলৰ বাবে চিব্বালৰ সহযোগিতা কামনা কৰে ।

ইফালে চিব্বালেও মুখ্য ন্যায়াধীশক ধন্যবাদ জ্ঞাপন কৰি কয় যে এয়া তেওঁৰ সন্মান যে ২২ বছৰৰ পিচত পুনৰ তেওঁ বাৰত সেৱা আগবঢ়োৱাৰ সুযোগ দিয়া হৈছে । এই ক্ষেত্ৰত তেওঁ মুখ্য ন্যায়াধীশৰ সম্পূৰ্ণ সহযোগিতা বিচাৰে আৰু বিচাৰপীঠৰ প্ৰতি সেয়া তেওঁৰ প্ৰতিশ্ৰুতি বুলি উল্লেখ কৰে । এই সহযোগিতাৰ জৰিয়তে তেওঁলোকে কাৰ্যসূচীক আগুৱাই লৈ যাব পাৰিব বুলিও উল্লেখ কৰে ।

বাৰ এছ'চিয়েশ্যনৰ নিৰ্বাচনত চিব্বালে ১,০৬৬ টা ভোট লাভ কৰে আৰু তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী জ্যেষ্ঠ অধিবক্তা প্ৰদীপ ৰায়ক পৰাস্ত কৰে । ইয়াৰ লগে লগে তেওঁ চতুৰ্থবাৰৰ বাবে এছচিবিএৰ সভাপতি হিচাপে নিৰ্বাচিত হয় । ইয়াৰ পূৰ্বে তেওঁ ১৯৯৫-৯৬, ১৯৯৭-৯৮ আৰু ২০০১-০২ চনত এছচিবিএৰ সভাপতি আছিল ।

চিব্বালৰ উপৰিও জ্যেষ্ঠ অধিবক্তা আদিশ চি আগৰৱালা, প্ৰদীপ কুমাৰ ৰায়, প্ৰিয়া হিঙ্গোৰানী, ত্ৰিপুৰাৰী ৰায় আৰু নীৰজ শ্ৰীবাস্তৱে এছচিবিএৰ সভাপতি পদৰ বাবে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল ।

চিব্বাল হাৰ্ভাৰ্ড ল' স্কুলৰ স্নাতক আৰু তেওঁ ১৯৮৯-৯০ চনত ভাৰতৰ অতিৰিক্ত ছলিচিটৰ জেনেৰেল আছিল । তেওঁক ১৯৮৩ চনত জ্যেষ্ঠ অধিবক্তা হিচাপে মনোনীত কৰা হৈছিল ।

লগতে পঢ়ক :উচ্চতম ন্যায়ালয় বাৰ এছ'চিয়েশ্যনৰ সভাপতি হিচাপে নিৰ্বাচিত কপিল চিব্বাল - SCBA President Kapil Sibal

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.