ETV Bharat / bharat

ভূমিৰ বিনিময়ত নিযুক্তি গোচৰ : পিতা-পুত্ৰৰ বিৰুদ্ধে জাল চপাই আনিছে ই ডিয়ে - Land For Job Scam

author img

By ETV Bharat Assamese Team

Published : Aug 6, 2024, 6:08 PM IST

Chargesheet against Lalu Yadav And Tejashwi Yadav: 13 আগষ্টত ৰাউছ এভিনিউ আদালতত শুনানি গ্ৰহণ কৰা হ’ব আৰ জে ডি শীৰ্ষ লালু প্ৰসাদ যাদৱ আৰু বিহাৰৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী তেজস্বী যাদৱকে ধৰি 11 অভিযুক্তৰ বিৰুদ্ধে দাখিল কৰা অভিযোগনামাৰ । ই ডিয়ে দাখিল কৰিছে 1000 পৃষ্ঠাৰ পৰিপূৰক অভিযোগনামা ৷

Bihar Former CM Lalu Yadav And Tejashwi Yadav May Get Into Trouble, ED Filed Supplementary Chargesheet In Land For Job Scam
ভূমিৰ বিনিময়ত নিযুক্তি গোচৰ : পিতা-পুত্ৰৰ বিৰুদ্ধে জাল চপাই আনিছে ই ডিয়ে (ETV Bharat)

নেশ্যনেল ডেস্ক, 6 আগষ্ট: ভূমিৰ বিনিময়ত নিযুক্তি গোচৰত বলৱৎকাৰী সঞ্চালকালয়ে 1000 পৃষ্ঠাৰ অভিযোগনামা দাখিল কৰিছে । অহা 13 আগষ্টত ৰাউছ এভিনিউ আদালতত শুনানি গ্ৰহণ কৰা হ’ব আৰ জে ডিৰ শীৰ্ষ লালু প্ৰসাদ যাদৱ আৰু বিহাৰৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী তেজস্বী যাদৱকে ধৰি 11 জন অভিযুক্তৰ বিৰুদ্ধে দাখিল কৰা অভিযোগনামাৰ ।

সমস্যাত লালু আৰু তেজস্বী: ইডিয়ে পৰিপূৰক চাৰ্জশ্বীট দাখিল কৰাৰ বাবে লালু আৰু তেজস্বীৰ সমস্যা বৃদ্ধি পাব পাৰে । তদন্তকাৰী সংস্থাটোৰ মতে, এই গোচৰটো 2004 চনৰ পৰা 2009 চনলৈ লালু যাদৱ ৰে’ল মন্ত্ৰী হিচাপে নিযুক্ত হৈ থকা সময়ছোৱাৰ ৷ অভিযোগ অনুসৰি ৰে’লৱেত নিযুক্তি পোৱা লোকসকলে চাকৰিৰ বিনিময়ত আৰ জে ডিৰ শীৰ্ষ পৰিয়ালৰ সদস্য আৰু সহযোগীক ভেটি হিচাপে মাটি দিছিল ।

সম্ৰাটৰ কটাক্ষ: লালু যাদৱ আৰু তেজস্বী যাদৱৰ বিৰুদ্ধে পৰিপূৰক অভিযোগনামা দাখিল কৰাৰ পিচত বিহাৰ চৰকাৰৰ সমালোচনাৰ সন্মুখীন হৈছে লালু যাদৱ আৰু তেজস্বী যাদৱ । চুৰি কৰা ব্যক্তিৰ বিৰুদ্ধে নিশ্চিতভাৱে অভিযোগনামা হ’ব বুলি লালু যাদৱ আৰু তেজস্বী যাদৱক সমালোচনা কৰিছে উপ-মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰীয়ে । ইয়াৰ পূৰ্বেও লালু পৰিয়ালক সম্ৰাট চৌধুৰীয়ে টাৰ্গেট কৰি লোৱা পৰিলক্ষিত হৈছিল ।

উপ-মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, "লেণ্ড ফৰ জব গোচৰ মতে চাকৰিৰ বিনিময়ত মাটি লোৱা হৈছে । লালু পৰিয়ালৰ বিৰুদ্ধে যি ধৰণৰ অভিযোগ উত্থাপন হৈছে, সেই ধৰণৰ অভিযোগৰ প্ৰতি লক্ষ্য ৰাখি অভিযোগনামা দাখিল কৰাটো কোনো ডাঙৰ কথা নহয় ।"

ঘটনা কি: ঘটনাটো 2004 চনৰ পৰা 2009 ৰ ভিতৰৰ । লালু যাদৱ কংগ্ৰেছ চৰকাৰৰ দিনত ৰে’ল মন্ত্ৰী হিচাপে নিযুক্ত হৈ আছিল । চাকৰিত নিযুক্তি পোৱা একাংশই লালুৰ পৰিয়ালক মাটি উপহাৰ দিয়া বা বিক্ৰী কৰা বুলি অভিযোগ উত্থাপন হৈছে । অভিযোগ উত্থাপন হৈছে যে ৰে’লৱেত চাকৰি পোৱা বহু লোকে লালু যাদৱৰ পৰিয়াল বা তেওঁৰ ঘনিষ্ঠৰ নামত নিজৰ মাটি দান দিছিল ।

চি বি আয়ে এফ আই আৰ দাখিল কৰিছিল: এই গোচৰ সন্দৰ্ভত চি বি আয়ে গোচৰ তৰিছিল আৰু তাৰ ভিত্তিতহে ই ডিয়ে তদন্ত চলাইছে । চি বি আয়ে এজাহাৰত অভিযোগ তুলিছিল যে 2004-2009 চনত লালু যাদৱ ৰে’ল মন্ত্ৰী হৈ থকাৰ সময়ত মাটিৰ বিনিময়ত ৰে’লৱেৰ গ্ৰুপ ডিত একাংশ প্ৰাৰ্থীক নিযুক্তি দিছিল ।

লগতে পঢ়ক: লালু প্ৰসাদ যাদৱৰ বিৰুদ্ধে চি বি আইৰ অভিযোগনামা দাখিল

নৰেন্দ্ৰ মোদীৰ পূৰ্বৰ প্ৰতিশ্ৰুতি সন্দৰ্ভত উভতি ধৰিলে লালুৱে: সামাজিক মাধ্যমত প্ৰশ্নবাণ - lok sabha election 2024

বিপদত লালু প্ৰসাদ যাদৱ: 27 বছৰ পুৰণি গোচৰত গ্ৰেপ্তাৰী পৰোৱানা জাৰি আদালতৰ - Arrest Warrant Against Lalu Yadav

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.