ETV Bharat / bharat

২৪ ঘণ্টাৰ ভিতৰতে লাখপতি হ'ল পান্নাৰ শ্ৰমিক ৰাজু ! - MP labourer found diamond

author img

By ETV Bharat Assamese Team

Published : Jul 25, 2024, 1:20 PM IST

MP labourer found diamond: পান্নাৰ কৃষ্ণ কল্যাণপুৰ খনিত উদ্ধাৰ মূল্যৱান হীৰা । ৰাজু গৌড় নামৰ শ্ৰমিকজনে খনন চলাই থকাৰ সময়তে উদ্ধাৰ কৰে প্ৰায় ৮০ লাখ টকা মূল্যৰ হীৰাটো । আগন্তুক নিলামত ৰাজহুৱা নিবিদাৰ বাবে উপলব্ধ হ'ব এই হীৰাটো ।

MP labourer found diamond
২৪ ঘণ্টাৰ ভিতৰতে লাখপতি হ'ল পান্নাৰ শ্ৰমিক ৰাজু (ETV Bharat)

নেশ্যনেল ডেস্ক,২৫ জুলাই : মধ্য প্ৰদেশৰ এগৰাকী সাধাৰণ শ্ৰমিকৰ ভাগ্য উদয় হ'ল । বুধবাৰে খনন চলাই থকাৰ মাজতে শ্ৰমিকজনে উদ্ধাৰ কৰিলে ১৯.২২ কেৰেটৰ এটা হীৰা । যিটো হীৰাৰ মূল্য চৰকাৰী নিলামত প্ৰায় ৮০ লাখ বা তাতোধিক হ'ব পাৰে । যিয়ে সাধাৰণ শ্ৰমিকজনৰ জীৱন সলনি কৰি দিব ।

শ্ৰমিকজনৰ নাম ৰাজু গৌড় । দৰিদ্ৰ পৰিয়ালৰ ৰাজু গৌড় নামৰ শ্ৰমিকজনে কোৱা মতে তেওঁ দুমাহ পূৰ্বে অৰ্থাৎ ২৪ মে'ত হীৰাৰ খনি লীজত লৈছিল । অৱশ্যে, কঠোৰ পৰিশ্ৰমৰ অন্তত বুধবাৰে পুৱতি নিশা তেওঁ খনন কৰি থকাৰ সময়তে মূল্যৱান খনিজ পদাৰ্থটো উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।

গৌড়ে কয় যে নিলামৰ অন্তত যি ধন পাব সেইখিনিৰে তেওঁৰ বিত্তীয় সংকট দূৰ হ'ব । ইয়াৰ দ্বাৰা তেওঁ সন্তানৰ শিক্ষাৰ খৰচ বহন কৰিব পাৰিব । কৃষ্ণ কল্যাণপুৰ খনিত মূল্যৱান হীৰটো উদ্ধাৰ কৰি উৎফুল্লিত হৈ তেওঁ কয় যে তেওঁ ইয়াক লৈ যথেষ্ট আনন্দিত আৰু হীৰাটো উদ্ধাৰ কৰিয়েই লগে লগে চৰকাৰী বিষয়াসকলৰ ওচৰত সেইটো জমা দিছে ।

গৌড়ে জনোৱা মতে হীৰাৰ নিলামৰ পৰা অহা ধনে তেওঁৰ পৰিয়ালক যথেষ্ট সহায় কৰিব । ৰাজু গৌড়ে জনোৱা মতে তেওঁ পূৰ্বে ট্ৰেক্টৰ চলাইছিল আৰু পৰিয়ালৰ বাবে যথেষ্ট পৰিশ্ৰম কৰিছিল । তেওঁ এতিয়া হীৰাৰ পৰা লাভ কৰা ধনখিনি সন্তানৰ শিক্ষাৰ বাবে খৰচ কৰিব আৰু কৃষিভূমি ক্ৰয় কৰিব ।

ইফালে জিলা উপায়ুক্ত সুৰেশ কুমাৰে কয় যে গৌড়ে খনিৰ পৰা উদ্ধাৰ কৰা হীৰাটোৱে তেওঁক নিম্নতম ৮০ লাখ টকা উপাৰ্জনৰ সুযোগ দিব । কুমাৰে লগতে কয় যে তেওঁ ৰাজুক সাক্ষাৎ কৰিছে আৰু অভিনন্দন জনাইছে । লগতে হীৰা কাৰ্যালয়ৰ পৰা প্ৰমাণপত্ৰও প্ৰদান কৰিছে ।

উপায়ুক্তৰ মতে মূল্যৱান হীৰাটো আগন্তুক নিলামত ৰাজহুৱা নিবিদাৰ বাবে উপলব্ধ হ'ব । নিলামৰ পিচত উৎস (টিডিএছ)ত ১২ শতাংশ কৰ আৰু এক শতাংশ কৰ কৰ্তন কৰা হ'ব আৰু বাকী পৰিমাণ গৌড়ৰ একাউণ্টত জমা কৰা হ'ব ।

২০২৪ চনত পান্না হীৰা কাৰ্যালয়ত এতিয়ালৈ মুঠ ৮ টা হীৰা জমা কৰা হৈছে । ৰাজুৱে জমা কৰা হীৰাটোৰ আনুমানিক মূল্য ৮০ লাখ টকা হ'ব যদিও নিলামত ১ কোটি টকাৰ ওপৰলৈ যাব পাৰে । উল্লেখ্য যে পান্নাক হীৰাৰ চহৰ বুলি জনা যায় । য'ত হীৰাকে ধৰি বিভিন্ন প্ৰকাৰৰ মূল্যৱান খনিজ পদাৰ্থ উদ্ধাৰ কৰা হয় ।

লগতে পঢ়ক :প্ৰায় ৬ লাখ ছিমকাৰ্ড বন্ধ কৰিলে চৰকাৰে: কিয় এই পদক্ষেপ ? - MHA on Cyber Crime

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.