ETV Bharat / bharat

'স্বাগতম': মোদীয়ে ৰতন টাটালৈ কৰা এটা SMS এ সলনি কৰিছিল ৰাজপথৰ ৰূপ

2008 চনত, নৰেন্দ্ৰ মোদীয়ে ৰতন টাটালৈ প্ৰেৰণ কৰিছিল এক গুৰুত্বপূৰ্ণ এছএমএছ, যাৰ ফলত পশ্চিম বংগৰ পৰা টাটা নেনো প্ৰকল্প স্থানান্তৰিত হৈছিল গুজৰাটলৈ।

Etv Bharat
ৰতন টাটা আৰু প্ৰধানমন্ত্ৰী মোদী (PTI)
author img

By ETV Bharat Assamese Team

Published : Oct 11, 2024, 11:29 AM IST

নিউজ ডেস্ক, 11 অক্টোবৰ: ‘স্বাগতম’৷ জানি আচৰিত নহ’ব যে এই এটা শব্দৰ এছ এম এছে ভাৰতীয় উদ্যোগ জগতৰ এক নতুন অধ্যায়ৰ সূচনা কৰিছিল ৷ এই মোবাইল বাৰ্তাৰ ফলত ৰাতিৰ ভিতৰতে কোটি কোটি মধ্যবিত্ত ভাৰতীয়ৰ এক সপোনে পূৰ্ণতা পাইছিল৷ কিন্তু এই কাহিনী বহু ঘাত-প্ৰতিঘাত ভৰা ৷ এই কাহিনীৰ এজন নায়ক যদি দেশৰ প্ৰখ্যাত উদ্যোগপতি ৰতন টাটা তেনেহ’লে আনজন নায়ক ভাৰতৰ বৰ্তমান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷

এই কাহিনীৰ বিশদ জানিবলৈ আমি উভতি যাব লাগিব 2008 চনলৈ ৷ সেই সময়ত গুজৰাটৰ মুখ্যমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মাত্ৰ এটা শব্দৰ বাৰ্তাৰে টাটা গোষ্ঠীক উদ্ধাৰ কৰিছিল এক সংকটময় পৰিস্থিতিৰ পৰা ৷ দৰাচলতে সেই সময়ত পশ্চিম বংগৰ সিংগুৰত ৰতন টাটাৰ এক অভিলাষী প্ৰকল্প স্থবিৰ হৈ পৰিছিল ব্যাপক আন্দোলন আৰু জনৰোষৰ ফলত, যাৰ নেতৃত্বত আছিল তৃণমূল কংগ্ৰেছ তথা ইয়াৰ প্ৰধান মমতা বেনাৰ্জী ৷ নিশ্চয় আপোনালোকে ধৰিব পাৰিছে যে আমি কৈ থকা টাটাৰ সেই সপোনৰ প্ৰকল্প আছিল বিশ্বৰ আটাইতকৈ সুলভ মূল্যৰ চাৰিচকীয়া বাহন নেনো নিৰ্মাণ প্ৰকল্প ৷

লগতে পঢ়ক:১৯৬২ চনৰ চীনা যুদ্ধৰ বাবেই চিৰকুমাৰ হৈ ৰ’ল ৰতন টাটা !

2006 চনত টাটা গোটে সিংগুৰত নেনো কাৰ উৎপাদন প্ৰকল্প স্থাপনৰ বাবে তদানীন্তন মুখ্যমন্ত্ৰী বুদ্ধদেব ভট্টাচাৰ্যৰ নেতৃত্বত শাসনাধিষ্ঠ বাওঁমৰ্চা চৰকাৰৰ পৰা ভূমি অধিগ্ৰহণৰ বিৰুদ্ধে পশ্চিম বংগত বিৰোধী দল তৃণমূল কংগ্ৰেছৰ (টিএমচি) মুৰব্বী মমতা বেনাৰ্জীৰ নেতৃত্বত তীব্ৰ প্ৰতিবাদ আৰম্ভ হৈছিল। যাৰ ফলত টাটাৰ সেই সাধাৰণ ভাৰতীয়ক কম দামতে এখন চাৰিচকীয়া বাহন উপহাৰ দিয়াৰ যি সপোন আছিল সেই সপোন হৈ ৰৈছিল আধৰুৱা ৷

তেনেসময়তে এই সংকট মোচনৰ বাবে আবিৰ্ভাব হৈছিল এজন ৰাজনীতিবিদৰ ৷ ইতিমধ্যেই আপোনালোক অৱগত যে তেওঁ আছিল তেতিয়াৰ গুজৰাটৰ মুখ্যমন্ত্ৰী নৰেন্দ্ৰ মোদী, যিয়ে মাত্ৰ এটা শব্দৰ বাৰ্তাৰে ৰতন টাটাৰ এই সপোন সাৰ্থক কৰাৰ ক্ষেত্ৰত সহায় কৰিবলৈ আগবাঢ়ি আহিছিল ৷ যাৰ ফলত ভাৰতৰ ৰাজপথত দৌৰিছিল বহু অপেক্ষিত নেনো গাড়ী ৷

লগতে পঢ়ক: ভাৰত-চীনৰ যুদ্ধৰ বাবে প্ৰেমিকাৰ সৈতে বিয়াত বহিব পৰা নাছিল ৰতন টাটা

2008 চনত প্ৰবল আন্দোলন আৰু জনৰোষৰ হেঁচাত বাধ্য হৈ যেতিয়া উদ্যোগপতিজনে পশ্চিম বংগৰ পৰা টাটা নেনো প্ৰকল্পৰ প্ৰস্থানৰ কথা ঘোষণা কৰি কলকাতাত এখন সংবাদমেল সম্বোধন কৰি আছিল ঠিক সেই সময়তে মোদীয়ে টাটালৈ এছএমএছ প্ৰেৰণ কৰিছিল ৷

"যেতিয়া ৰতন টাটাই কলকাতাত এখন সংবাদমেলত কৈছিল যে তেওঁলোকে পশ্চিম বংগ এৰিছে, মই তেওঁলৈ 'স্বাগতম' বুলি এটা চমু এছএমএছ প্ৰেৰণ কৰিছিলো। আৰু এতিয়া আপুনি চাব পাৰিছে যে এটা ১ টকা (মূল্যৰ) এছএমএছে কি কৰিব পাৰে," এয়া আছিল 2010 চনত 2000 কোটি টকাৰ বিনিয়োগ সাপেক্ষে গুজৰাটৰ সানন্দত নিৰ্মিত টাটা নেনো বাহন উদ্বোধন কৰি মোদীয়ে কোৱা কথা।

উল্লেখ্য যে টাটাই 2008 চনৰ 3 অক্টোবৰত পশ্চিম বংগৰ পৰা নেনো প্ৰকল্পৰ প্ৰস্থানৰ কথা ঘোষণা কৰিছিল আৰু ঘোষণা কৰিছিল যে পৰৱৰ্তী চাৰি দিনৰ ভিতৰত গুজৰাটৰ সানন্দত প্ৰকল্পটো স্থাপন কৰা হ'ব। সেই সময়ত মোদীয়ে কৈছিল যে বহুতো দেশে নেনো প্ৰকল্পৰ বাবে সকলো ধৰণৰ সহায় আগবঢ়াব বিচাৰে, কিন্তু গুজৰাট চৰকাৰৰ বিষয়াসকলে নিশ্চিত কৰিছে যে প্ৰকল্পটো যাতে ভাৰতৰ বাহিৰলৈ নাযায়।

লগতে পঢ়ক: পাৰ্চী ৰীতি-নীতিৰে পঞ্চভূতত মিলি গ'ল মানৱ দৰদী মানুহজন

2010 চনৰ জুন মাহত সানন্দৰ প্ৰকল্পটোৰ পৰা প্ৰথমখন নেনো গাড়ী বজাৰলৈ উলিয়াই দিয়াৰ সময়ত টাটায়ো মোদী নেতৃত্বাধীন গুজৰাট চৰকাৰক এই প্ৰকল্প স্থাপনত সহায়ৰ হাত আগবঢ়োৱাৰ বাবে প্ৰশংসা কৰিছিল।

"যেতিয়া আমি নেনো প্ৰকল্পৰ বাবে আন এটা স্থান বিচাৰিছিলো, আমি শান্তি আৰু সম্প্ৰীতিৰ পৰিৱেশ বিচাৰিছিলো। গুজৰাটে আমাক প্ৰয়োজনীয় সকলোবোৰ নিশ্চিত কৰাৰ ক্ষেত্ৰত আন সকলোৰে বিৰুদ্ধে থিয় দিছিল। 'এয়া কেৱল টাটাৰ প্ৰকল্প নহয়, ই আমাৰ প্ৰকল্প', মোদীয়ে আমাক এই কথা কৈছিল। আমাৰ প্ৰতি থকা সমৰ্থন আৰু বিশ্বাসৰ বাবে আমি অশেষ কৃতজ্ঞতা জ্ঞাপন কৰিছো," সেয়া আছিল টাটাৰ ভাষ্য । অৱশ্যে ভাৰতৰ বজাৰত আশানুৰূপ সঁহাৰি নোপোৱাৰ কাৰণে টাটাই ২০১৮ চনত নেনো গাড়ীৰ উৎপাদন বন্ধ কৰিছিল।

এইদৰে এটা মোদী আৰু ৰতন টাটাৰ মাজৰ এটা মেছেজে ভাৰতৰ লঘু উদ্যোগৰ ক্ষেত্ৰত এক বিপ্লৱৰ আৰম্ভণিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা ৷

(PTI ইনপুটৰ সৈতে)

লগতে পঢ়ক: টাটা গ্ৰুপৰ বিশ্বমুখী যাত্ৰা আৰু ৰতন টাটাৰ অনবদ্য অৱদান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.