নিউজ ডেস্ক, ১২অক্টোবৰ : দেশৰ ৰাজধানী দিল্লীৰ প্ৰতিটো অঞ্চলৰ বাসিন্দাই নিজৰ অঞ্চলটোৰ কোনো বৈশিষ্ট বা কাহিনীক লৈ গৌৰৱ কৰি আহিছে । ইয়াৰে কিছুমান পাহৰণিৰ গৰ্ভত বিলীন হয় আৰু কিছুমান স্মৃতি হৈ ৰৈ যায় । কিন্তু যেতিয়া সময় আহে সেইবোৰ কাহিনী সতেজ হৈ পৰে । দিল্লীৰ তিতাৰপুৰ গাঁৱৰ ৰাৱণ বাবাৰ সৈতে জড়িত হৈ আছে সেই একেই কাহিনী । এতিয়া তেওঁ এই পৃথিৱীত নাই যদিও শিল্পীগৰাকীয়ে এৰি যোৱা অৱদান তথা আদৰ্শৰ বাবে আজিও সকলোৰে মাজত জীয়াই আছে ।
দিল্লীৰ এই অঞ্চলটো ৰাৱণৰ পুত্তলিকাৰ বাবে বিখ্যাত । ইয়াত বাস কৰা লোকসকলে স্বাধীনতাৰ আগৰে পৰাই ৰাৱণৰ পুত্তলিকা প্ৰস্তুত কৰি আহিছে । এই কামত কেৱল পুৰুষেই নহয়, মহিলা আৰু শিশুও জড়িত হৈ আছে । স্থানীয় লোকসকলে এই সন্দৰ্ভত কয় যে বহু বছৰ পূৰ্বে ইয়াত এজন বাবা আছিল, যিগৰাকী সকলোৰে মাজত 'ৰাৱণ ৱালে বাবা' হিচাপে জনাজাত আছিল । তেওঁ মানুহক ৰাৱণৰ পুত্তলিকা প্ৰস্তুত কৰাৰ কলা শিকাইছিল ।
বাবাই ধুতি-কুৰ্তা পিন্ধিছিল
বহু বছৰ ধৰি ৰাৱণৰ পুত্তলিকা নিৰ্মাণ কৰি অহা অজয়ে এই সন্দৰ্ভত কয় যে তেওঁৰ দেউতাকে ৰাৱণ বাবাৰ পৰা পুত্তলিকা বনোৱাৰ কৌশল আয়ত্ব কৰিছিল । উল্লেখ্য় যে তিতাৰপুৰ গাঁৱত প্ৰথম পুত্তলিকাটো বাবাই নিৰ্মাণ কৰিছিল । ইয়াৰ পিছত লাহে লাহে সকলোৱে তেওঁৰ পৰা ৰাৱণৰ পুত্তলিকা বনাবলৈ শিকিছিল আৰু আজি হাজাৰ হাজাৰ পৰিয়াল ইয়াত ৰাৱণ নিৰ্মাণত জড়িত হৈ পৰিছে । তেওঁ পুনৰ কয় যে বাবাই কুৰ্তা আৰু ধুতি পিন্ধিছিল । তেওঁৰ কুৰ্তাত 'জয় শ্ৰীৰাম' বুলি লিখা আছিল । এতিয়া য'ত ঠাকুৰ গাৰ্ডেন মেট্ৰ' ষ্টেচন অৱস্থিত তাত বাবাৰ এটা সৰু কুটীৰ আছিল বুলিও অজয়ে কয় ।
ঘৰৰ বাহিৰত আঁৰিছে বাবাৰ ফটো
তেওঁ লগতে কয়," মানুহে ৰাৱণৰ পুত্তলিকা বিক্ৰী কৰিবলৈ কেৱল ৰাৱণ বাবাৰ পৰাহে শিকিছে, সেয়া সঁচা হওক বা নহওঁক । ইয়াৰ কাৰণ হৈছে দিল্লীৰ বহুতো পুৰণি এলেকাত ইয়াৰ পৰাই ৰাৱণৰ পুত্তলিকা নি ব্যৱহাৰ কৰা হয় । সেই লোকসকলে কেৱল ৰাৱণ বাবাৰ শিষ্যসকলৰ পৰাহে পুত্তলিকা ক্ৰয় কৰিবলৈ পচন্দ কৰে । সেইকাৰণে মই ঘৰৰ বাহিৰত দেউতাৰ নাম আৰু বাবাৰ এখন ফটো ৰাখিছো যাতে গ্ৰাহক সন্তুষ্ট হয় যে আমি 'বাবা'ৰ শিষ্য।"
তিতাৰপুৰৰ দেৱতা আছিল বাবা
তেওঁৰ উপৰি চুলতান সিঙে কয়,"তিতাৰপুৰ গাঁৱত ৰাৱণ বাবা এক সুপৰিচিত নাম । আজি হাজাৰ হাজাৰ মানুহে তেওঁৰ পৰা পুত্তলিকা নিৰ্মাণৰ কৌশল শিকি জীৱিকা চলাই আছে । তেওঁ তিতাৰপুৰ গাঁৱৰ মানুহৰ বাবে দেৱতা আছিল । এতিয়া সময় আহি পৰিছে যে যিজনে এই বছৰ শিল্পী হিচাপে কাম কৰি আছে, তেওঁ অহা বছৰ নিজেই ৰাৱণৰ পুত্তলিকা বনোৱা আৰম্ভ কৰিব । বাবা এজন হিন্দু আছিল আৰু চেকেন্দ্ৰাবাদৰ পৰা আহি দিল্লীত বসতি স্থাপন কৰিছিল । তেওঁ কেৱল ৰাৱণেই নহয়, বাঁহেৰে নিৰ্মিত বহুতো আকৰ্ষণীয় সামগ্ৰীও তৈয়াৰ কৰিছিল । তেওঁ অবিবাহিত আছিল আৰু সন্ন্যাসীৰ দৰে বাস কৰিছিল ।"