ETV Bharat / bharat

কেৰালা ভূমিস্খলনত মৃতকৰ সংখ্যা 174 জনলৈ বৃদ্ধি: চিকিৎসাধীন স্বাস্থ্যমন্ত্ৰী বীণা জৰ্জ - LANDSLIDE IN WAYANAD

author img

By ANI

Published : Jul 31, 2024, 11:07 AM IST

Updated : Jul 31, 2024, 2:18 PM IST

Landslide in Kerala: বাঢ়িয়েই আছে ৱায়নাড ভূমিস্খলনত মৃত্যু হোৱা লোকৰ সংখ্যা ৷ 174 লৈ বৃদ্ধি মৃতকৰ সংখ্যা ৷ 200 লোক বৰ্তমানেও সন্ধানহীন ৷ ভুক্তভোগীৰ সন্ধান উলিয়াবলৈ স্নিফাৰ ডগ ব্যৱহাৰ ৷ সাহায্য আৰু উদ্ধাৰ অভিযান অব্যাহত ৷ ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ ল’বলৈ যোৱা কেৰালাৰ স্বাস্থ্যমন্ত্ৰী বীণা জৰ্জ আঘাতপ্ৰাপ্ত হৈ চিকিৎসাধীন ৷

Death toll rises to 151 in Wayanad landslide tragedy, rescue operation underway
কেৰালাত ভয়ংকৰ ভূমিস্খলন (ETV Bharat)

নেশ্যনেল ডেস্ক, 31 জুলাই: বুধবাৰে ৱায়ানাড ভূমিস্খলনৰ ঘটনাত মৃতকৰ সংখ্যা 174 জনলৈ বৃদ্ধি হৈছে বুলি জানিব পৰা গৈছে ৷ এই ভূমিস্খলনৰ ফলত কেবাজনো লোক আহত হোৱাৰ লগতে এতিয়াও বহু লোক আৱদ্ধ হৈ আছে বুলি ৰাজ্যখনৰ স্বাস্থ্য বিভাগে জনাইছে । 200 লোক বৰ্তমানেও সন্ধানহীন বুলি জানিব পৰা গৈছে ৷ ভুক্তভোগীৰ সন্ধান উলিয়াবলৈ স্নিফাৰ ডগ ব্যৱহাৰ কৰিছে জোৱানসকলে ৷

Death toll rises to 151 in Wayanad landslide tragedy, rescue operation underway
কেৰালাত ভয়ংকৰ ভূমিস্খলন (ANI)

ঘটনাস্থলীত সাহায্য আৰু উদ্ধাৰ অভিযান অব্যাহত আছে ।

উদ্ধাৰ অভিযানৰ পৰ্যালোচনাৰ বাবে বুধবাৰৰ পুৱা দুৰ্যোগ ব্যৱস্থাপনা কাৰ্যালয়ত কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰায় বিজয়নে এখন বৈঠক অনুষ্ঠিত কৰে ।

এই বৃহৎ ভূমিস্খলনে অঞ্চলটোত বিধ্বংসী ৰূপ ধাৰণ কৰে ৷ কাৰণ ঘৰ-দুৱাৰ আৰু পথৰ ক্ষতিসাধন হোৱাৰ লগতে গছ-গছনি উভালি পৰাত আৰু জলভাগ উফন্দি উঠাৰ ফলত উদ্ধাৰ অভিযানত সমস্যাৰ সৃষ্টি হৈছে ।

ইফালে, ৱায়নাড ভূমিস্খলনৰ ফলত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি শোক প্ৰকাশ কৰি ৰাজ্যখনত দুদিনীয়া শোক পালন কৰা হৈছে ৷ মঙলবাৰে কেৰালা বিধানসভাত ৰাষ্ট্ৰীয় পতাকাখন অৰ্ধনমিত কৰি ৰখা হয় । মঙলবাৰে কেন্দ্ৰীয় মন্ত্ৰী জৰ্জ কুৰিয়ানে পৰিস্থিতিৰ বুজ ল’বলৈ ৱায়ানাডত উপস্থিত হয় আৰু এনডিআৰএফ, চিআৰপিএফ আৰু সেনা বিষয়াৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে মত বিনিময়ত ভাগ লয় । নিশা 11 বজাত কলপেটাৰ এটা সাহায্য শিবিৰও পৰিদৰ্শন কৰে।

কুৰিয়ানে X ত লিখিছে, "ব্যাপক ভূমিস্খলনৰ ফলত হোৱা ৱায়ানাডত উপস্থিত হৈ সাহায্য অভিযানৰ বুজ লওঁ । এনডিআৰএফ, চিআৰপিএফ আৰু সেনা বিষয়াসকলৰ সৈতে মত বিনিময় কৰিলোঁ । নিশা 11 বজাত কালপেটাৰ এটা ৰিলিফ কেম্প ভ্ৰমণ কৰিলোঁ ।"

এন ডি আৰ এফৰ কমাণ্ডাৰ অখিলেশ কুমাৰে কয় যে "আমি কালি মুণ্ডাক্কাই গাঁৱৰ পৰা আহতসকলক উদ্ধাৰ কৰিলো । আমি আশংকা কৰিছো যে ভুক্তভোগীসকল ভাঙি যোৱা অট্টালিকাত আৱদ্ধ হৈ পৰিব পাৰে ৷ যোৱা নিশা 10 বজালৈকে আমি 70 জন লোকক উদ্ধাৰ কৰিলো ৷ তাৰ পিছত আমি বেয়া বতৰৰ বাবে উদ্ধাৰ অভিযান বন্ধ কৰিবলগীয়া হ’ল ৷ যিহেতু উদ্ধাৰ অভিযানত বহু দলে কাম কৰি আছে, সেয়েহে আমি মৃতকৰ সঠিক সংখ্যা দিব নোৱাৰো ৷ মানুহবোৰক আশ্ৰয় দিয়া হৈছে এখন ৰিজ’ৰ্টত আৰু এটা মছজিদত ৷ বৰষুণ যিহেতু হৈয়েই আছে, গতিকে আন এটা ভূমিস্খলনৰ সম্ভাৱনা আছে ।"

ইফালে, ঘটনাস্থলীলৈ গৈ কেৰালাৰ স্বাস্থ্যমন্ত্ৰী বীণা জৰ্জৰ বাহনখনে মালাপ্পুৰম জিলাৰ মাঞ্জেৰীৰ ওচৰত এক সৰু দুৰ্ঘটনাত পতিত হয় বুলি জানিব পৰা গৈছে । স্বাস্থ্যমন্ত্ৰীগৰাকী বৰ্তমান মাঞ্জেৰী মেডিকেল কলেজত চিকিৎসাধীন ৷ আন কোনো লোকৰ বৃহৎ আঘাত হোৱা নাই বুলি জানিব পৰা গৈছে ।

মন্ত্ৰী জৰ্জে ভুক্তভোগীসকলক প্ৰয়োজন হ’লে অস্থায়ী চিকিৎসালয় স্থাপনৰ কৰা হ’ব বুলিও আশ্বাস প্ৰদান কৰে । স্বাস্থ্যকৰ্মী আৰু জনসাধাৰণ উভয়কে সহায় কৰিবলৈ স্থাপন কৰা 24x7 নিয়ন্ত্ৰণ কক্ষ, কেৰেলাৰ স্বাস্থ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ কাম-কাজৰ বিষয়েও পৰ্যালোচনা কৰে ।

লগতে পঢ়ক: কেৰালাত ভয়ংকৰ ভূমিস্খলন : শিশুসহ কমেও 120 জনৰ মৃত্যু, বাঢ়িয়েই আছে মৃতকৰ সংখ্যা - Landslide in Wayanad

Last Updated : Jul 31, 2024, 2:18 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.