ETV Bharat / bharat

বিবাহ বিচ্ছেদ অস্বীকাৰ কৰাটো একপ্ৰকাৰৰ নিষ্ঠুৰতা : উচ্চ ন্যায়ালয় - KERALA HIGH COURT ON DIVORCE - KERALA HIGH COURT ON DIVORCE

Kerala High Court: বিবাহ বিচ্ছেদ সম্পৰ্কত গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰিছে উচ্চ ন্যায়ালয়ে ৷ অপৈণত, ক্ষতিগ্ৰস্ত সম্পৰ্ক বজাই ৰাখিলে ভালতকৈ বেছি বেয়াহে হ’ব বুলি আদালতে ৰায়দান কৰে ৷ সমগ্ৰ ঘটনাটো প্ৰকৃততে কি, জানিবলৈ চাওক এই প্ৰতিবেদন ৷

KERALA HIGH COURT ON DIVORCE
বিবাহ বিচ্ছেদ সন্দৰ্ভত আদালতৰ ৰায় (Etv Bharat)
author img

By ETV Bharat Assamese Team

Published : Jul 22, 2024, 7:53 PM IST

নেশ্যনেল ডেস্ক, 22 জুলাই: বিবাহ বিচ্ছেদ সম্পৰ্কত গুৰুত্বপূৰ্ণ ৰায় ৷ এই ৰায় ঘোষণা কৰিছে উচ্চ ন্যায়ালয়ে ৷ এটা দম্পতীয়ে বিবাহ বিচ্ছেদ বিচাৰি আদালতৰ দাৰস্থ হোৱাৰ পিচতে আদালতে সমগ্ৰ প্ৰক্ৰিয়া পৰ্যবেক্ষণ কৰি এই গুৰুত্বপূৰ্ণ ৰায় ঘোষণা কৰে ৷

আদালতৰ ৰায় অনুসৰি, বিবাহ বিচ্ছেদ অস্বীকাৰ কৰাটো একপ্ৰকাৰৰ নিষ্ঠুৰতা ৷ পাৰিবাৰিক আদালতে মহিলাগৰাকীৰ বিবাহ বিচ্ছেদৰ আবেদন নাকচ কৰাৰ পিচত উচ্চ ন্যায়ালয়ে বিষয়টোত হস্তক্ষেপ কৰিছিল ৷ মহিলাগৰাকীৰ স্বামীয়ে এই বিবাহ বিচ্ছেদ অস্বীকাৰ কৰা বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক: ব্যক্তিগত সুখৰ বাবে আমিৰৰ পৰা আঁতৰি অহাটো জৰুৰী আছিল - Krian Rao Aamir Khan divorce

তথ্য অনুসৰি, আবেদনকাৰীয়ে প্ৰথমতে বিবাহ বিচ্ছেদৰ বাবে পাৰিবাৰিক আদালতৰ কাষ চাপিছিল ৷ কিন্তু তেওঁৰ স্বামীয়ে বিবাহ ভংগ কৰাৰ বিৰোধিতা কৰিছিল । নিম্ন আদালতে মহিলাগৰাকীৰ স্বামীৰ নিষ্ঠুৰতা প্ৰমাণ কৰিবলৈ প্ৰমাণৰ অভাৱৰ কথা উল্লেখ কৰি বিবাহ বিচ্ছেদৰ দাবী নাকচ কৰে ।

পৰৱৰ্তী সময়ত বিষয়টো উচ্চ ন্যায়ালয়ৰ কাষ চপাত ন্যায়ালয়ে আঙুলিয়াই দিছিল যে, পাৰিবাৰিক আদালতে মহিলাগৰাকী আৰু কন্যাৰ বক্তব্যক বিবেচনা কৰা নাছিল । দম্পতীটোৱে দুয়োজনৰ বৈবাহিক সম্পৰ্কক অৰ্থপূৰ্ণভাৱে বজাই ৰাখিবলৈ অক্ষম হৈছিল । যাৰ বাবে উচ্চ ন্যায়ালয়ে স্পষ্ট কৰি দিছিল যে, যদি এগৰাকী পতি বা পত্নী পৃথক হ'বলৈ সন্মত নহয়, তেন্তে ই বিবাহ বিচ্ছেদ বিচৰা ব্যক্তিজনৰ বাবে ই নিষ্ঠুৰ কাৰক হৈ পৰে ।

আদালতে এইটোও উল্লেখ কৰিছিল যে, এক অপৈণত, ক্ষতিগ্ৰস্ত সম্পৰ্ক বজাই ৰাখিলে ভালতকৈ বেছি বেয়াহে হ’ব ৷ যিয়ে দম্পতীটোৰ জীৱনৰ প্ৰগতিতো বাধা প্ৰদান কৰিব ৷ ন্যায়াধীশ ৰাজবিজয় ৰাঘৱন আৰু পি এম মনোজক লৈ গঠিত এক খণ্ড বিচাৰপীঠে বিবাহ বিচ্ছেদৰ আবেদন নাকচ কৰি পাৰিবাৰিক আদালতৰ আদেশ বাতিল কৰিছিল । অৱশ্যে এই ৰায়দান কৰিছে কেৰালা উচ্চ ন্যায়ালয়ে ৷

লগতে পঢ়ক: অধিনায়কত্বৰ পৰা বাদ: বিচিচিআয়ে খবৰটো দিয়াৰ পিছতেই হাৰ্দিক পাণ্ডিয়াৰ ডাঙৰ ঘোষণা - HARDIK PANDYA DIVORCE

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.