ETV Bharat / bharat

৭ বাৰকৈ বিবাহপাশত আবদ্ধ : ৬ গৰাকী স্বামীৰ পৰা ভৰণ-পোষণৰ নামত লৈছে ধন - Woman married 7 times

author img

By ETV Bharat Assamese Team

Published : Aug 19, 2024, 4:56 PM IST

Woman married 7 times: কৰ্ণাটকত চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে । এগৰাকী মহিলাই ৭ বাৰকৈ বিবাহ পাশত আবদ্ধ হৈছে । ৬ গৰাকী স্বামীৰ পৰা ভৰণ-পোষণৰ নামত সংগ্ৰহ ধন । সপ্তম স্বামীৰ সৈতেও কোনো বিষয়ক লৈ আদালতত চলি আছে গোচৰ ।

Woman married 7 times
৭ বাৰকৈ বিবাহপাশত আবদ্ধ (ETV Bharat)

নেশ্যনেল ডেস্ক,১৯ আগষ্ট : আপুনি প্ৰতিদিনে বিবাহ বিচ্ছেদ, যৌতুক আদিৰ দৰে ঘটনাৰ খবৰ লাভ কৰে । কেতিয়াবা যদি স্বামীয়ে পত্নীক প্ৰৱঞ্চনা কৰে, কেতিয়াবা আকৌ পত্নীয়ে স্বামীক প্ৰৱঞ্চনা কৰি আন পুৰুষৰ সৈতে পলায়ন কৰে । এই ধৰণৰ ঘটনাবোৰৰ মাজতে কৰ্ণাটকৰ পৰা আহিছে আন এক চাঞ্চল্যকৰ খবৰ । আপুনিও শুনি আচৰিত হ'ব !

৭ বাৰকৈ বিবাহপাশত আবদ্ধ কৰ্ণাটকৰ মহিলা :

এবাৰ দুবাৰ নহয় ৭ বাৰকৈ বিবাহপাশত আবদ্ধ হৈছে এগৰাকী মহিলা । ইতিমধ্যে ৬ গৰাকী স্বামীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি তেওঁলোকৰ পৰা ভৰণ-পোষণৰ নামত ধন লৈছে মহিলাগৰাকীয়ে । সপ্তমগৰাকী স্বামীৰ সৈতেও আদালতত গোচৰ চলি আছে মহিলাগৰাকীৰ ।

আদালতৰ ভিডিঅ' ভাইৰেল :

সামাজিক মাধ্যমত আদালতত অধিবক্তা আৰু বিচাৰকৰ কথোপকথনৰ এটা ভিডিঅ' ভাইৰেল হৈ পৰিছে । যিটোৱে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে । ১ মিনিট ২৬ ছেকেণ্ডৰ ক্লিপটো এক্সত দীপিকা ভৰদ্বাজ নামৰ একাউণ্ট এটাৰ পৰা শ্বেয়াৰ হৈছে । ক্লিপটোৰ ওপৰত লিখা দীঘলীয়া টুইট অনুসৰি, কৰ্ণাটকৰ এগৰাকী মহিলা ৭ বাৰ বিবাহপাশত আবদ্ধ হৈছিল আৰু তেওঁৰ ৬ জন স্বামীৰ পৰা ভৰণ-পোষণৰ ধন লৈ আছে । সপ্তমগৰাকী স্বামীৰ সৈতে জড়িত গোচৰটো আদালতৰ মজিয়াত আছে । ভিডিঅ'টো বিচাৰক আৰু অধিবক্তাসকলৰ মাজত হোৱা কথোপকথনৰ সৈতে আৰম্ভ হয় । বিচাৰকে অধিবক্তাসকলক গোচৰটোৰ সৈতে সম্পৰ্কিত কিছুমান মৌলিক প্ৰশ্ন কৰা দেখা গৈছে ভিডিঅ'টোত ।

ইয়াত প্ৰকাশ কৰা হৈছে যে মহিলাগৰাকীয়ে তেওঁৰ প্ৰতিগৰাকী স্বামীৰ সৈতে ৬ মাহৰ পৰা ১ বছৰলৈ সম্পৰ্ক ৰাখিছিল । তাৰ পিছত তেওঁলোকৰ বিৰুদ্ধে ৪৯৮এ গোচৰ (স্বামী আৰু পৰিয়ালৰ বিৰুদ্ধে অত্যাচাৰৰ অভিযোগ) ৰুজু কৰে । ভিডিঅ'টোত বিচাৰকজনে কয়, "আপুনি আইনৰ সৈতে খেলি আছে ।" ক্লিপটোৰ শেষলৈ, তেওঁ গোচৰটোৰ বাবে আন এটা দিন নিৰ্ধাৰণ কৰে আৰু কৰ্তৃপক্ষক প্ৰতিগৰাকী স্বামীৰ ওপৰত সকলো বিৱৰণ প্ৰদান কৰিবলৈ নিৰ্দেশ দিয়ে । বিচাৰকে প্ৰশ্ন কৰে যে ইয়াৰ পূৰ্বে গোচৰবোৰৰ কি হৈছিল ? অধিবক্তাই কয় যে সেইবোৰ গোচৰ ইতিমধ্যে নিষ্পত্তি হৈছে ।

টুইটটোত কোৱা হৈছে, "ধাৰাবাহিক ৪৯৮এ অভিযোগকাৰী । কৰ্ণাটকৰ এগৰাকী মহিলাই ৭ বাৰ বিবাহপাশত আবদ্ধ হৈছে । প্ৰতিটো সম্পৰ্ক সৰ্বাধিক ১ বছৰলৈ আছিল । ৪৯৮এ দাখিল কৰিছিল । ৬ গৰাকী স্বামীৰ পৰা ধন লৈছিল । এতিয়া সপ্তম স্বামীৰ সৈতে গোচৰটো চলি আছে । তেওঁৰ সৈতে সকলো তথ্য থকা স্বত্বেও, মাইলৰ্ডে তেওঁক কাৰাগাৰলৈ প্ৰেৰণ কৰা নাই । জয় হো সমতা ।"

নেটিজেনৰ সমালোচনা :

নেটিজেনসকলক কমেণ্ট বক্সত ভিডিঅ'টোৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰা দেখা গৈছে । বহুতে মহিলাগৰাকীৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে । একাংশই ইয়াক শাস্তিৰ যোগ্য অপৰাধ বুলি অভিহিত কৰিছে । আন একাংশই আকৌ ইয়াক একাংশ মহিলাৰ এক প্ৰকাৰৰ ষ্টাৰ্টআপ ব্যৱসায় বুলি উদ্বেগ প্ৰকাশ কৰিছে । এগৰাকীয়ে কৈছে যে মহিলাগৰাকীৰ পৰিচয় জনা প্ৰয়োজন যাতে অষ্টমগৰাকী স্বামী ৰক্ষা পৰে ।

লগতে পঢ়ক :গ্ৰাহকৰ ২৬ কিলোগ্ৰাম সোণ আত্মসাৎ কৰি গ্ৰেপ্তাৰ বেংক মেনেজাৰ - BANK OF MAHARASHTRA

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.