ETV Bharat / bharat

উদ্ধাৰ অভিযানৰ অন্ত: ৰে’ল সুৰক্ষা আয়োগে তদন্ত কৰিব কাঞ্চনজংঘা এক্সপ্ৰেছ দুৰ্ঘটনাৰ - Kanchanjunga Train Wreck - KANCHANJUNGA TRAIN WRECK

Kanchanjunga express collided: অৱশেষত অন্ত পৰিল কাঞ্চনজংঘা এক্সপ্ৰেছ দুৰ্ঘটনাৰ উদ্ধাৰ অভিযান ৷ কেন্দ্ৰীয় ৰে’লমন্ত্ৰী ঘটনাস্থলীত উপস্থিত হৈ নিৰ্দেশ দিলে তদন্তৰ ৷

Kanchanjunga express collided
Kanchanjunga Train Wreck (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Jun 17, 2024, 8:54 PM IST

Updated : Jun 17, 2024, 10:12 PM IST

নিউজ ডেস্ক, 17 জুন: সোমবাৰে পুৱা পশ্চিম বংগৰ নিউ জলপাইগুৰি ৰে’ল ষ্টেচনৰ পৰা প্ৰায় 8 কিঃমিঃ দূৰত দুৰ্ঘটনাত পতিত হয় শিয়ালদহ অভিমুখী কাঞ্চনজংঘা এক্সপ্ৰেছ ৷ ৰঙাপানী ষ্টেচনৰ পৰা কিছুদূৰ অহাৰ পিচতেই ক্ৰছিঙৰ বাবে ৰখাই থোৱা হৈছিল কাঞ্চনজংঘা এক্সপ্ৰেছখন ৷ কিন্তু সেই সময়তে এখন তীব্ৰবেগী মালবাহী ৰে’লে আহি যাত্ৰীবাহী ৰে’লখনৰ গাৰ্ড ভানত খুন্দা মাৰে ৷

মালবাহী ৰে’লখনে ইমানেই জোৰত খুন্দা মাৰে যে যাত্ৰীবাহী ৰে’লখনৰ দবা লাইনচ্যুত হৈ পৰে ৷ এই ঘটনাত 9 গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে আহত হৈছে আন কেবাগৰাকীও লোক ৷ ইতিমধ্যে কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে ঘটনাথলী পৰিদৰ্শন কৰিছে ৷ 13174 নং কাঞ্চনজংঘা এক্সপ্ৰেছ ৰে’লগাড়ীখন আগৰতলাৰ পৰা শিয়ালদহ অভিমুখে আহি আছিল ৷

লগতে পঢ়ক: কলকাতা অভিমুখী কাঞ্চনজংঘা এক্সপ্ৰেছ আৰু মালবাহী ৰে’লৰ সংঘৰ্ষ; 15 জনৰ মৃত্যু - KANCHANJUNGHA EXPRESS ACCIDENT

উদ্ধাৰ অভিযানৰ সামৰণি: কেন্দ্ৰীয় ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে সদৰী কৰিছে যে ইতিমধ্যে এই দুৰ্ঘটনাৰ উদ্ধাৰ অভিযানৰ অন্ত পৰিছে ৷ এই ঘটনা সন্দৰ্ভত ৰেল সুৰক্ষা আয়োগে তদন্ত কৰিব বুলি জানিবলৈ দিছে কেন্দ্ৰীয় ৰে’লমন্ত্ৰীগৰাকীয়ে ৷ তেওঁ লগতে কয় যে এনে দুৰ্ঘটনাৰ যাতে পুনৰাবৃত্তি নহয়, তাৰ বাবে যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা হ’ব ৷ ‘‘ৰে’ল সুৰক্ষা আয়োগে সম্পূৰ্ণ তদন্ত কৰিব ৷’’ তেওঁ কয় ৷

ৰে’ল দুৰ্ঘটনাৰ পিচতে ঘটনাস্থলীত উপস্থিত হোৱা কেন্দ্ৰীয় ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে লগতে কয় যে এইটো হৈছে মূল লাইন ৷ গতিকে অতিশীঘ্ৰে ইয়াক যাতায়াতৰ উপযোগী কৰি তুলিব লাগিব ৷ ‘‘ৰে’লেৱেই দুৰ্ঘটনাৰ কাৰণ নিশ্চিত কৰিব আৰু এনে ঘটনা যাতে ভৱিষ্যতে সংঘটিত নহয়, তাৰ বাবে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব ৷’’ মন্ত্ৰীগৰাকীয়ে কয় ৷

বিয়লিৰ ভাগত বাগডোগ্ৰা বন্দৰত উপস্থিত হোৱা মন্ত্ৰীগৰাকী এখন বাহনেৰে ৰঙাপানীলৈ আহে ৷ কিন্তু আধা বাটৰ পৰা পথৰ দুৰৱস্থাৰ বাবে তেওঁ এখন মটৰ চাইকেলৰ সহায় ল’বলগীয়া হয় ৷

লগতে পঢ়ক: বংগৰ ৰে’ল দুৰ্ঘটনা : যাত্ৰীৰ সুৰক্ষা, 'কৱচ' ৰূপায়ণৰ স্থিতিক লৈ উঠিছে প্ৰশ্ন - KANCHANJUNGHA EXPRESS ACCIDENT

19 খন ৰে’লৰ যাত্ৰা বাতিল : এই ৰে’ল দুৰ্ঘটনাৰ পিচতেই 19 খন ৰে’লৰ যাত্ৰা বাতিল কৰিবলগীয়া হৈছে ৷ এই ৰে’লসমূহৰ ভিতৰত কেইখনমান উল্লেখযোগ্য ৰে’ল হৈছে

  • 19602 নিউ জলপাইগুৰি-উদয়পুৰ এক্সপ্ৰেছ (সাপ্তাহিক)
  • 20503 ডিব্ৰুগড়-নতুন দিল্লী ৰাজধানী এক্সপ্ৰেছ
  • 12423 ডিব্ৰুগড়-নতুন দিল্লী ৰাজধানী এক্সপ্ৰেছ
  • 01666 আগৰতলা- ৰাণী কমলাপতি স্পেছিয়েল ট্ৰেইন
  • 12399 শিয়ালদহ-নিউ আলিপুৰদুৱাৰ পদাতিক এক্সপ্ৰেছ

মমতাৰ মতামত: পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ৰে’লৱে কৰ্মচাৰী আৰু বিষয়াসকলৰ সৈতে সংহতি প্ৰকাশ কৰি কয় যে শাসকীয় চৰকাৰ আৰু ৰে’ল মন্ত্ৰালয়ে কেৱল নিৰ্বাচনত জয়ী হোৱাৰ বাবেহে চিন্তা কৰে । মমতাই কয়, "তেওঁলোকে (ৰেল মন্ত্ৰালয়ে) যাত্ৰীৰ সুবিধাৰ প্ৰতি কোনো গুৰুত্ব নিদিয়ে । আনকি ৰে’লৱে’ৰ বিষয়া, ৰে’লৱে’ অভিযন্তা, ৰে’লৱে’ৰ কাৰিকৰী কৰ্মচাৰী আৰু শ্ৰমিকৰ কথাও চিন্তা নকৰে ।"

ৰে’লৱে’ৰ কৰ্মীসকলে সমস্যাত পৰিছে বুলিও কয় মমতাই ৷ যিহেতু তেওঁলোকৰ পুৰণি পেঞ্চন আঁচনি মন্ত্ৰালয় আৰু চৰকাৰে বাতিল কৰিছে । মুখ্যমন্ত্ৰীৰ উদ্ধৃতি দি এএনআইয়ে কয় যে, "তেওঁলোক বিপদত পৰিছে । মই সম্পূৰ্ণৰূপে ৰে'ল কৰ্মচাৰী আৰু ৰে'লৱে’ৰ বিষয়াৰ লগত আছোঁ । তেওঁলোকে যৎপৰোনাস্তি চেষ্টা কৰিছে ।" মমতাই চৰকাৰ আৰু মন্ত্ৰালয়ক পৰামৰ্শ দিয়ে যে তেওঁলোকে নিজৰ শাসন ব্যৱস্থাত গুৰুত্ব দিব লাগে ।

লগতে পঢ়ক: পশ্চিমবংগৰ ৰে’ল দুৰ্ঘটনাত শোকপ্ৰকাশ মুখ্য়মন্ত্ৰীৰ, বাতিল কেইবাখনো ৰে’লৰ যাত্ৰা - KANCHANJUNGHA EXPRESS ACCIDENT

Last Updated : Jun 17, 2024, 10:12 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.