ETV Bharat / bharat

বিক্ৰী হৈ গ’ল এখন গাঁও; ঘুণাক্ষৰেও গম নাপালে গাঁওবাসীয়ে ! কিন্তু কেনেকৈ... - Juna Pahadiya Village

author img

By ETV Bharat Assamese Team

Published : Jul 16, 2024, 9:30 AM IST

Land fraud case : একেলগে গৃহহীন এখন গাঁৱৰ ৬০০ লোক ৷ কোন মুহূৰ্ত নিজৰ আপোন ঘৰখন বা গাঁওখন এৰি যাব লাগে ঠিক নাই ৷ কাৰণ পূৰ্বপূৰুষৰ এটা ভুলে বিপদত পেলাইছে ৬০০ লোকক ৷ গাঁওবাসীৰ অজ্ঞাতে বিক্ৰী কৰা হ’ল এখন গাঁও -

Land fraud case
বিক্ৰী হৈ গ’ল এখন গাঁও (ETV Bharat)

নেশ্যনেল ডেস্ক, ১৬ জুলাই: বিক্ৰী হৈ গ’ল এখন গাঁও ৷ য’ত ১০০ বা ২০০ নহয়, সৰ্বমুঠ ৬০০ জনসংখ্যা আছিল ৷ কিন্তু এতিয়া সেই ৬০০ লোক যাব ক’লৈ ? কিয় বিক্ৰী কৰা হ’ল গাঁওখন ? প্ৰশ্ন বহুত, কিন্তু উত্তৰৰ নামত এটা ডাঙৰ শূন্য !

আমি উল্লেখ কৰা ঘটনাটো এই মুলুকতে সংঘটিত হৈছে ৷ ২০২৪ চনৰ ১৩ জুলাই মাহত সমগ্ৰ গাঁওখন বিক্ৰী কৰা এক ঘটনা পোহৰলৈ আহিছে, য’ত মাটিৰ দালালে গাঁওবাসীৰ সৈতে ষড়যন্ত্ৰ কৰি ভুৱা প্ৰমাণ দেখুৱাই মাটি বিক্ৰী কৰে ৷

এই ঘটনাটো পোহৰলৈ অহাৰ পাচতে গোটেই গাঁওখনত সৃষ্টি হৈছে এক হুলস্থূলীয়া পৰিৱেশৰ ৷ ঘটনা সন্দৰ্ভত দাখিল কৰা হৈছে এজাহাৰ ৷ এই এজাহাৰ লাভ কৰাৰ পাচতে আৰক্ষীয়ে আৰম্ভ কৰে তদন্ত ৷ জানিব পৰা মতে, ঘটনা সন্দৰ্ভত আৰক্ষীয়ে দুজনক গ্ৰেপ্তাৰ কৰিছে ৷

আমি উল্লেখ কৰা এই ঘটনাটো সংঘটিত হৈছে গুজৰাটৰ গান্ধীনগৰ জিলাৰ ৬০০ জনসংখ্যা থকা জুনা পাহাডীয়া নামৰ গাঁওখনত । গুজৰাটৰ LCB (Local Crime Branch) ৰ তদন্তকাৰী বিষয়াই উল্লেখ কৰা মতে, ‘‘ইতিমধ্যে দুজন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে ৷ ধৃত দুই অভিযুক্তক আদালতত হাজিৰ কৰাই জিম্মাত বিচৰা হৈছে । ইফালে ঘটনাৰ পাঁচজন অভিযুক্ত এতিয়াও পলাতক হৈ আছে ।”

লগতে পঢ়ক : অন্ধ্ৰ প্ৰদেশৰ চৰকাৰী ভূমিত নিৰ্মাণ হৈ থকা ৱাই এছ আৰ চি পিৰ কাৰ্যালয়ত প্ৰশাসনৰ বুলড’জাৰ - YSRCP central office

প্ৰকৃত ঘটনাটো কি ?

গান্ধীনগৰ জিলাৰ ডেহগাম তালুকাৰ পুৰণি পাহাডীয়া গাঁও, যাৰ ব্লক জৰীপ নং ১৪২ (পুৰণি জৰীপ নং ৬) ৷ ১-৪৫-৯৭ বৰ্গমিটাৰ জোখৰ এই মাটিখিনি ১৯৮২, ১৯৮৭ আৰু ২০০৩ চনত বৰ্তমানৰ আবেদনকাৰীসকলে ৫০ টকাৰ ষ্টাম্প পেপাৰ, প্লেইন টেক্সট আৰু ৱাৰেণ্টী ডীডৰ অধীনত বিক্ৰী কৰিছিল ।

সমগ্ৰ গাঁওখনৰ জৰীপ নম্বৰ, ব্লক জৰীপ নং ১৪২ (পুৰণি জৰীপ নং ৬)ত অৱস্থিত । ইয়াক ‘জুনা পাহাডীয়া’ নামেৰে জনা যায় । লগতে গাঁওখনৰ বাসিন্দাসকলৰ সম্পত্তিৰো মূল্যায়ন কৰা হৈছে । গাঁও পঞ্চায়তৰ উদ্যোগত গাঁওখনত এটা পানীৰ ব’ৰো নিৰ্মাণ কৰা হৈছে । এই আটাইকেইখন ৰচিদ গাঁওবুঢ়াই গাঁওবাসীক দিয়ে ।

আনকি গাঁৱৰ মানুহেও ঘৰৰ খাজানাও দি আছে । এই স্থানত ইন্দিৰা আৱাসকে ধৰি বিভিন্ন আঁচনিৰ অধীনতো ঘৰো আৱণ্টন দিয়া হৈছিল । গাঁওখনত আৰ চি চিৰ পথো (RCC roads) নিৰ্মাণ কৰা হৈছে ।

লগতে পঢ়ক : চৰকাৰী মাটি জালিয়াতিৰে বিক্ৰী কৰি গ্ৰেপ্তাৰ হ'ল চৰকাৰী লাটমণ্ডল - Land fraud case

গাঁওবাসীক আচম্বিত কৰা এক চাঞ্চল্যকৰ খবৰ :

কিছুদিন পূৰ্বে সমগ্ৰ গাঁৱৰ মাটি বিক্ৰীৰ ডীড কৰা হৈছিল । গাঁৱৰ ৰাইজে এই তথ্য লাভ কৰিছিল ১০ জুলাইত । সমগ্ৰ ঘটনাৰ বিষয়ে জানি হতভম্ব হৈ পৰে গাঁওবাসী ৷ ঘটনা পোহৰলৈ অহাৰ পাচতে সকলোৱে নথি-পত্ৰ খুচৰিবলৈ লয় ৷ তেতিয়াই পোহৰলৈ আহে সমগ্ৰ ঘটনা তথা ষড়যন্ত্ৰৰ কথা ৷ সমগ্ৰ গাঁৱৰ তালাতিৰ ৰেকৰ্ডত সাধাৰণ টোকা (raw note) প্ৰস্তুত কৰা হৈছিল ।

এই ষড়যন্ত্ৰৰ কথা পোহৰলৈ অহাৰ পাচতে চিন্তিত হৈ পৰিছে ৫০ বছৰতকৈও অধিক সময় ইয়াত বসবাস কৰা গাঁওবাসী । ক’ত যাব, কোনে শুনিব তেওঁলোকৰ মনৰ বেথা ৷ গাঁওবাসীৰ হাততো নাই মাটিৰ কোনো সঠিক তথ্য । গাঁওবাসীয়ে অভিযোগ কৰে যে এই গাঁওখন বিক্ৰী কৰাৰ বাবে ব্যৱহৃত সকলো নথি-পত্ৰ ষড়যন্ত্ৰমূলকভাৱে প্ৰস্তুত কৰা হৈছে ৷

মাটি বিক্ৰী কৰিবলৈ মিছাকৈ মাটিৰ গৰাকীৰ ফটো, সংখ্যা বা মানচিত্ৰ প্ৰস্তুত কৰা হৈছে ৷ ইয়াত বিভাগীয় বৰমূৰীয়াসকলো জড়িত হৈ আছে । শীৰ্ষ বিষয়াৰ হাত নাথাকিলে কোনেও সমগ্ৰ গাঁওখন বিক্ৰী কৰাৰ কথা ভাবিব নোৱাৰে ৷

ভুল নথি-পত্ৰ ব্যৱহাৰৰ অভিযোগ :

গাঁওবাসীয়ে শীৰ্ষ বিষয়ববীয়াৰ সহযোগত নিৰ্মিত এই নথিখন বাতিল কৰিবলৈ দাবী জনাইছে । এই ক্ষেত্ৰত গাঁওবাসীয়ে ঘটনাৰ বিষয়ে মামলাতদাৰ কার্যালয়ক (Mamlatdar Office) অৱগত কৰাৰ লগতে এক এজাহাৰ দাখিল কৰি ন্যায় বিচাৰিছে । তেওঁলোকৰ দাবী যে প্ৰথমখন বিক্ৰীৰ ডীড নোটৰ ৰেকৰ্ডত এই বিবাদত পঞ্জীয়ন কৰি তাৎক্ষণিক ন্যায় প্ৰদান কৰক, যাতে কোনো কাৰণতে গাঁওবাসী গৃহহীন হ’বলগীয়া নহয় ।

সষ্টম হৈছে চৰকাৰ তথা প্ৰশাসন :

গাঁও বিক্ৰী কৰা ঘটনাই তোলপাৰ লগাইছে ৰাজ্য ৷ এই বাতৰি পোহৰলৈ অহাৰ পাচতে সষ্টম হৈছে চৰকাৰ তথা প্ৰশাসন ব্যৱস্থাও । অবৈধভাৱে মাটি বিক্ৰী কৰা আৰু মাটি ক্ৰয় কৰা ব্যক্তিকে ধৰি আঠজন লোকৰ বিৰুদ্ধে অপৰাধমূলক ষড়যন্ত্ৰৰ ধাৰাত গোচৰ ৰুজু কৰা হৈছে । ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে দুটা অভিযুক্তক আটকো কৰিছে ৷

লগতে পঢ়ক : বন্ধৰ দিনত কৰা হ'ব ভূমি সম্পৰ্কীয় গোচৰৰ নিষ্পত্তি - Tripura land related cases

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.