ETV Bharat / bharat

সংসদৰ নিৰাপত্তা ভংগ গোচৰ; ৬ অভিযুক্তৰ ন্যায়িক জিম্মা ১১ মাৰ্চলৈ বৃদ্ধি - Parliament security lapse case

Parliament security breach case : সংসদৰ নিৰাপত্তা উলংঘন গোচৰত ছয় অভিযুক্তৰ ন্যায়িক জিম্মা ১১ মাৰ্চলৈ বৃদ্ধি কৰা হৈছে । একে সময়তে গোচৰটোত অভিযুক্তৰ অধিবক্তা সলনি কৰাৰ বিষয়টোও পোহৰলৈ আহিছে ।

সংসদৰ নিৰাপত্তা ভংগ গোচৰৰ অভিযুক্তৰ ন্যায়িক জিম্মা বৃদ্ধি

author img

By ETV Bharat Assamese Team

Published : Mar 1, 2024, 5:12 PM IST

নিউজ ডেস্ক, ১ মাৰ্চ : দিল্লীৰ পাটিয়ালা হাউছ আদালতে সংসদৰ নিৰাপত্তা ভংগ গোচৰত ছয় অভিযুক্তৰ ন্যায়িক জিম্মা ১১ মাৰ্চলৈ বৃদ্ধি কৰিছে । অতিৰিক্ত সত্ৰ ন্যায়াধীশ হৰদীপ কৌৰে এই নিৰ্দেশ জাৰি কৰে । আনহাতে, শুকুৰবাৰে ন্যায়ালয়ত হাজিৰ হোৱাৰ সময়ত অভিযুক্ত নীলম আজাদে আদালতক জনায় যে তেওঁ নিজৰ অধিবক্তা সুৰেশ চৌধুৰীক সলনি কৰিছে । লগতে বাকী পাঁচগৰাকী অভিযুক্তয়ো জনায় যে তেওঁলোকেও তেওঁলোকৰ নিজা অধিবক্তা ল'ব বিচাৰে ।

উল্লেখ্য যে ১৩ ডিচেম্বৰত দুজন অভিযুক্তই সংসদৰ দৰ্শক গেলেৰীৰ পৰা সংসদ চেম্বাৰত জঁপিয়াই পৰে । তাৰ পিছত এজন অভিযুক্তই ডেস্কৰ ওপৰেৰে জঁপিয়াই গৈ থাকোঁতে জোতাৰ পৰা কিবা এটা উলিয়ায় । ইয়াৰ পিছতে হঠাতে হালধীয়া ধোঁৱা ওলাই আহিবলৈ আৰম্ভ কৰে । এই ঘটনাত অভিযুক্তসকলক সাগৰ শৰ্মা, মনোৰঞ্জন ডি, অমল সিন্দে, নীলম আজাদ, ললিত ঝা আৰু মহেশ কুমাৱত বুলি চিনাক্ত কৰা হৈছে ।

ঘটনাটো সংঘটিত হোৱাৰ পিছত আটাইকেইজনকে গ্ৰেপ্তাৰ কৰা হয় । দিল্লী আৰক্ষীয়ে অভিযুক্তসকলক ইউএপিএৰ ১৬এ ধাৰাৰ অধীনত অভিযুক্ত কৰিছে । আনহাতে, ৫ জানুৱাৰীত আদালতে অভিযুক্তৰ পলিগ্ৰাফ, নাৰ্কো আৰু ব্ৰেইন মেপিঙৰ নিৰ্দেশ দিয়ে ।

প্ৰণিধানযোগ্য যে যোৱা বছৰৰ ২১ ডিচেম্বৰত পাটিয়ালা হাউছ আদালতে অভিযুক্ত নীলমৰ পৰিয়ালক ২৪ ঘণ্টাৰ ভিতৰত এজাহাৰৰ প্ৰতিলিপি প্ৰদান কৰিবলৈ দিল্লী আৰক্ষীৰ বিশেষ কোষক নিৰ্দেশ দিছিল । দিল্লী আৰক্ষীয়ে পাটিয়ালা হাউছ আদালতৰ এই আদেশক উচ্চ ন্যায়ালয়ত প্ৰত্যাহ্বান জনাইছে । আনহাতে, যোৱা বছৰ 22 ডিচেম্বৰত উচ্চ ন্যায়ালয়ে পাটিয়ালা হাউছ আদালতৰ আদেশ স্থগিত ৰাখে ।

লগতে পঢ়ক :নাফে সিং ৰাঠী হত্যা গোচৰ; ৰাঠী পৰিয়ালক ভাবুকি দিয়া অভিযুক্তক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.