ETV Bharat / bharat

২২ মাৰ্চত জেএনইউ ছাত্ৰ সন্থাৰ নিৰ্বাচন

author img

By ETV Bharat Assamese Team

Published : Mar 11, 2024, 10:49 AM IST

JNU Elections 2024 : জেএনইউ ছাত্ৰ সন্থাৰ নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰা হৈছে । মনোনয়ন প্ৰক্ৰিয়া ১৫ মাৰ্চৰ পৰা আৰম্ভ হ'ব । ভোটগ্ৰহণ ২২ মাৰ্চত আৰু ফলাফল ২৪ মাৰ্চত ঘোষণা কৰা হ'ব ।

২২ মাৰ্চত জেএনইউ ছাত্ৰ সন্থাৰ নিৰ্বাচন
২২ মাৰ্চত জেএনইউ ছাত্ৰ সন্থাৰ নিৰ্বাচন

নিউজ ডেস্ক, ১১ মাৰ্চ : জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ে (জেএনইউ) ছাত্ৰ সন্থাৰ নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰিছে । বিশ্ববিদ্যালয়খনৰ নিৰ্বাচন সমিতিয়ে দেওবাৰে নিশা এই কথা ঘোষণা কৰে । নিৰ্বাচন সমিতিৰ অধ্যক্ষ শৈলেন্দ্ৰ কুমাৰে ডিঅ'এছ আৰু নিৰ্বাচন সমিতিৰ ৪০ গৰাকী সদস্যৰ সৈতে আলোচনাৰ পিছত ছাত্ৰ সন্থাৰ নিৰ্বাচনৰ সময়সূচী লিখিতভাৱে প্ৰকাশ কৰে ।

প্ৰকাশিত নিৰ্বাচনী অনুসূচী অনুসৰি, নিৰ্বাচনত ভোটদান কৰিবলগা শিক্ষাৰ্থীসকলৰ চূড়ান্ত ভোটাৰ তালিকা সোমবাৰে প্ৰকাশ কৰা হ'ব । তাৰ পিচত তালিকাত নামৰ ক্ষেত্ৰত থকা আপত্তি বা নাম সংযোগ আৰু কৰ্তন কৰাৰ কাম মঙলবাৰে পুৱা 9 বজাৰ পৰা সন্ধিয়া 5 বজালৈ কৰা হ'ব ।

  • মনোনয়ন প্ৰক্ৰিয়া 15 মাৰ্চৰ পৰা আৰম্ভ হ'ব
  • ২২ মাৰ্চত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব
  • ফলাফল ২৪ মাৰ্চত ঘোষণা কৰা হ'ব

উল্লেখ্য যে জেএনইউত ছাত্ৰ সন্থাৰ নিৰ্বাচনৰ প্ৰক্ৰিয়া ফেব্ৰুৱাৰী মাহত আৰম্ভ হয় । আনহাতে, সকলো মহাবিদ্যালয়ৰ সাধাৰণ সভা (জিবিএম) সম্পন্ন কৰিবলৈ শিক্ষাৰ্থীসকলৰ ডীনে (চিঅ'এছ) নিৰ্দেশনা দিছিল । ইয়াৰ পিচত নিৰ্বাচনী সমিতি গঠনৰ বাবে জিবিএমৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হয় । ৪ মাৰ্চত সকলো মহাবিদ্যালয়ৰ জিবিএম প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিচত নিৰ্বাচন সমিতিক ৬ মাৰ্চত ডিঅ'এছ অধ্যাপক মনুৰাধা চৌধুৰীয়ে স্বীকৃতি দিয়ে । তেতিয়াৰে পৰা নিৰ্বাচন সমিতিয়ে ইয়াৰ কাম আৰম্ভ কৰে আৰু নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰাৰ প্ৰস্তুতি চলায় ।

উল্লেখ্য যে, লিংডো সমিতিৰ পৰামৰ্শ অনুসৰি, ডিঅ'এছৰ দ্বাৰা অধিসূচনা জাৰি কৰাৰ 6-8 সপ্তাহৰ ভিতৰত জেএনইউত নিৰ্বাচন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব লাগিব । এই চৰ্ত অনুসৰি, জেএনইউত ছাত্ৰ সন্থাৰ নিৰ্বাচন ২৯ মাৰ্চৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগিব । এই কথা মনত ৰাখিয়ে নিৰ্বাচনী কাৰ্যসূচী ঘোষণা কৰা হৈছে ।

জেএনইউ ছাত্ৰ সন্থাৰ বিতং নিৰ্বাচনী সময়সূচী

  • ১১ মাৰ্চত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ
  • ভোটাৰ তালিকা সংশোধন 12 মাৰ্চৰ পুৱা 9 বজাৰ পৰা সন্ধিয়া 5 বজালৈ
  • মনোনয়ন প্ৰপত্ৰ 14 মাৰ্চৰ পৰা আবেলি 2 বজাৰ পৰা 5 বজালৈ প্ৰদান কৰা হ'ব
  • ১৫ মাৰ্চৰ পুৱা ৯.৩০ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ মনোনয়ন দাখিল কৰিব পাৰিব
  • বৈধ মনোনয়নৰ তালিকা 16 মাৰ্চৰ পুৱা 9 বজাত প্ৰকাশ
  • মনোনয়ন প্ৰত্যাহাৰ 16 মাৰ্চৰ নিশা 10 বজাৰ পৰা দুপৰীয়া 1 বজালৈ
  • 16 মাৰ্চৰ আবেলি 3 বজাত প্ৰাৰ্থীৰ ঘোষণা
  • 16 মাৰ্চত আবেলি 4 বজাত সকলো ছাত্ৰ সংগঠনৰ বৈঠক
  • জিবিএম 17 মাৰ্চৰ পুৱা 10 বজাৰ পৰা
  • জিবিএম 18 মাৰ্চৰ পুৱা 10 বজাৰ পৰা
  • জিবিএম 19 মাৰ্চৰ পুৱা 10 বজাৰ পৰা
  • বিশ্ববিদ্যালয়ৰ ইউজিবিএম 20 মাৰ্চৰ পুৱা 10 বজাৰ পৰা
  • ২০ মাৰ্চৰ নিশা ৯ বজাৰ পৰা সভাপতিৰ বিতৰ্ক
  • 21 মাৰ্চত কোনো প্ৰচাৰ নাথাকিব
  • ২২ মাৰ্চৰ পুৱা ৯ বজাৰ পৰা দুপৰীয়া ১ বজালৈ আৰু আবেলি ২.৩০ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ ভোটগ্ৰহণ
  • ভোটগণনা ২২ মাৰ্চৰ নিশা ৯ বজাত আৰম্ভ হ'ব
  • ২৪ মাৰ্চত নিৰ্বাচনৰ ফলাফল ঘোষণা

লগতে পঢ়ক :তেলেংগানাৰ মুখ্যমন্ত্ৰীক 'সৎ প্ৰতাৰক' আখ্যা কেটিআৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.