ETV Bharat / bharat

সুকীয়া দল গঠনৰ ঘোষণা ঝাৰখণ্ডৰ প্রাক্তন মুখ্যমন্ত্রী চম্পাই ছোৰেনৰ - Champai Soren will form party

Champai Soren will form his own party: ঝাৰখণ্ডত বিধানসভা নিৰ্বাচনৰ পূৰ্বে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা ঝাৰখণ্ড মুক্তি মৰ্চাৰ নেতা চম্পাই ছোৰেনৰ ডাঙৰ ঘোষণা ৷ নিজৰ দল গঠন কৰিব ঝাৰখণ্ডৰ প্রাক্তন মুখ্যমন্ত্রীগৰাকীয়ে ৷ নিজৰ সমৰ্থকক সাক্ষাৎ কৰাৰ পাছত এই কথা ঘোষণা প্রাক্তন মুখ্যমন্ত্রীগৰাকীৰ ৷

Champai Soren will form his own party
ঝাৰখণ্ডৰ প্রাক্তন মুখ্যমন্ত্রী চম্পাই ছোৰেন (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Aug 21, 2024, 7:35 PM IST

নিউজ ডেস্ক, ২১ আগষ্ট: নিজৰ দল গঠন কৰিব ঝাৰখণ্ডৰ প্রাক্তন মুখ্যমন্ত্রী চম্পাই ছোৰেনে ৷ মঙলবাৰে নিশা দিল্লীৰ পৰা উভতি অহাৰ পাছত বুধবাৰে হাটা অঞ্চলত সমৰ্থকক সাক্ষাৎ কৰি সুকীয়া সংগঠন গঠনৰ কথা ঘোষণা কৰে প্রাক্তন মুখ্যমন্ত্রী চম্পাই ছোৰেনে । তেওঁ লগতে সাত দিনৰ ভিতৰত সম্পূৰ্ণ ছবিখন স্পষ্ট হ’ব বুলি উল্লেখ কৰে ।

মঙলবাৰৰ গভীৰ নিশাৰ পৰা তেওঁৰ ছেৰাইকেলাৰ বাসগৃহত সমৰ্থকৰ সমাগম ঘটিছিল । আজি পুৱা ভাগতো তেওঁৰ বাসগৃহত উপস্থিত হৈছিল বৃহৎ সংখ্যক সমৰ্থক । তেওঁলোকৰ লগত বাৰ্তালাপ কৰাৰ পাছত তেওঁ বিভিন্ন ঠাইত উপস্থিত হৈ সমৰ্থকসকলক সাক্ষাৎ কৰে । দিল্লীৰ পৰা উভতি অহাৰ পিছত তেওঁ স্পষ্টকৈ কৈছিল যে অতি সোনকালে তেওঁ কি কৰিবলৈ ওলাইছে সেই কথা গম পোৱা যাব । ইয়াৰ পাছতেই আজি তেওঁ পৃথক দল গঠনৰ কথা ঘোষণা কৰে ।

এটা সুকীয়া সংগঠন গঠনৰ ঘোষণাৰ পিছতে চম্পাই ছোৰেনে কয় যে মুখ্যমন্ত্ৰী হোৱাৰ পিছত তেওঁক যিদৰে অপমান কৰা হৈছে, সেয়া বুজাব নোৱাৰি । চম্পাই ছোৰেনৰ ক্ষোভ পোনপটীয়াকৈ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনৰ প্ৰতি প্ৰকাশ পাইছিল । চম্পাইৰ এই ঘোষণাৰ লগে লগে তেওঁৰ বিজেপিত যোগদানৰ জল্পনা-কল্পনাৰ অন্ত পৰিল । অৱশ্যে তেওঁৰ দলৰ নাম কি হ’ব সেয়া এতিয়াও কোৱা নাই ।

ইয়াৰ পূৰ্বে কোৱা হৈছিল যে বিজেপিৰ একাংশ জ্যেষ্ঠ নেতাৰ সৈতে চম্পাই ছোৰেনৰ সম্পৰ্ক হৈছিল । কিন্তু শেষ মুহূৰ্তত খেলখন সম্পূৰ্ণ সলনি হৈ পৰিল আৰু তেওঁৰ দিল্লী ভ্ৰমণ ৰাজনৈতিক কাৰণৰ পৰিবৰ্তে ব্যক্তিগত হৈ পৰিল । জানিব পৰা মতে, একাংশ ৰাজ্যিক পৰ্যায়ৰ বিজেপি নেতা ইয়াৰ প্ৰধান কাৰক আছিল আৰু তেওঁ বিজেপিত প্ৰৱেশ কৰাৰ পূৰ্বেই দুৱাৰখন বন্ধ হৈ পৰিছিল । বিৰোধী দলৰ নেতা অমৰ কুমাৰ বাউৰীয়ে কয় যে দলৰ নীতি আৰু সিদ্ধান্ত অনুসৰণ কৰি দললৈ অহা লোকৰ বাবে সকলো পথ মুকলি আছে ।

লগতে পঢ়ক : চম্পাই ছোৰেনৰ সমুখত তিনিটা বিকল্প: দলত্যাগ, নতুন দল গঠন আৰু আন দলত যোগদান - Champai Soren

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.