ETV Bharat / bharat

ভোট কিনা-বেচাৰ খেল চলিছিল বিহাৰত: নীতিশপন্থী বিধায়কে দাখিল কৰিলে এজাহাৰ

author img

By ETV Bharat Assamese Team

Published : Feb 12, 2024, 10:33 PM IST

Bihar Floor Test: বিহাৰ বিধানসভাত আস্থা ভোটৰ জৰিয়তে নীতিশ কুমাৰ পুনৰ মুখ্যমন্ত্ৰী নিৰ্বাচিত হোৱাৰ ঠিক পিচতেই জেডিইউৰ এগৰাকী বিধায়কে আৰজেডিৰ লগতে নিজৰ দলৰো এগৰাকী বিধায়কৰ বিৰুদ্ধে থানাত দাখিল কৰিলে এজাহাৰ ৷

Bihar Floor Test
MLA Sudhanshu Shekhar

নিউজ ডেস্ক, 12 ফেব্ৰুৱাৰী: বিশৃংখলতাৰ মাজতে অৱশেষত সংখ্যাগৰিষ্ঠতাৰে বিহাৰ বিধানসভাত আস্থা ভোট লাভ কৰে নীতিশ কুমাৰে । কিন্তু ইয়াৰ আগতে কিনা-বেচাৰ ৰাজনীতিও একেলগে বহু দিন ধৰি চলি আছিল । হৰলাখী বিধানসভা সমষ্টিৰ বিধায়ক সুধাংশু শেখৰে বিমা ভাৰতী (জেডিইউ) আৰু দিলীপ ৰায়ক অপহৰণ কৰাৰ অভিযোগত আৰজেডিৰ লগতে নিজৰ দলৰ বিধায়কৰ বিৰুদ্ধে গোচৰ তৰিছে । তেওঁৰ নিজৰ দলৰ বিধায়ক ডাঃ সঞ্জীৱ কুমাৰ আৰু আৰজেডি নেতা অভিযন্তা সুনীলে তেওঁক ১০ কোটি টকা (প্ৰথমে ৫ কোটি টকা আৰু কাম সম্পূৰ্ণ হোৱাৰ পিছত ৫ কোটি টকাৰ) অফাৰ দিয়াৰ অভিযোগ উত্থাপন কৰে ।

  • " class="align-text-top noRightClick twitterSection" data="">

কেৱল এয়াই নহয়, সেই দুই নেতাই (ডাক্তৰ সঞ্জীৱ আৰু অভিযন্তা সুনীল) দাবী কৰিছিল যে তেওঁলোকে সুধাংশুক মন্ত্ৰী পদো দিব । মাত্ৰ তেওঁ যিকোনো প্ৰকাৰে গ্ৰেণ্ড এলায়েন্সৰ সপক্ষে ভোট দিব লাগিব । বিমা ভাৰতী আৰু দিলীপ ৰায়ক ভাবুকি দি অপহৰণ কৰাৰ অভিযোগ উঠিছে । এই সন্দৰ্ভত বিধায়ক সুধাংশু শেখৰেও লিখিত অভিযোগ দিছে । সুধাংশু শেখৰে কয় যে পৰবত্তাৰ বিধায়ক ড৹ সঞ্জীৱ কুমাৰৰ নিজৰ দল জেডিইউত ভূমিকা সন্দেহজনক । এফ আই আৰত তেওঁ আৰজেডি নেতা অভিযন্তা সুনীলৰ নামো উল্লেখ কৰিছে ।

’’হৰলাখীৰ বিধায়ক সুধাংশু শেখৰে দিয়া আৱেদন সন্দৰ্ভত এজাহাৰ পঞ্জীয়ন কৰা হৈছে । বিষয়টো আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে । কি ব্যৱস্থা লোৱা হ’ব তদন্তৰ পিছতহে সেয়া কোৱা হ’ব ।’’ কোটৱালিৰ আইন শৃংখলাৰ ডি এছ পি কৃষ্ণ মুৰাৰী প্ৰসাদে কয় ।

দেওবাৰে গভীৰ নিশা পাটনাৰ কোতৱালি থানাত হৰলাখী বিধায়ক সুধাংশু শেখৰে লিখিত অভিযোগ দিয়ে । য'ত তেওঁ কয়, "হোৱাটছএপ নম্বৰৰ পৰা এটা ফোন আহিছিল আৰু তেওঁলোকে মোক কৈছিল যে অভিযন্তা সুনীলে আপোনাৰ লগত কথা পাতিব বিচাৰে । মই কথা কওঁতে এই মানুহবোৰে কৈছিল যে আপুনি গ্ৰেণ্ড এলায়েন্সলৈ আহিব লাগে । ৫ কোটি টকা এডভান্স দিয়া হ’ব আৰু কাম সম্পূৰ্ণ হোৱাৰ পিছত বাকী ৫ কোটি টকা দিয়া হ’ব । অন্যথা মন্ত্ৰীৰ পদ লওক । পিছত ভাবিম বুলি কৈ এৰাই চলিলোঁ । তাৰ পৰা কোৱা হৈছিল যে আপুনি বিচাৰিলে আমি আপোনাৰ বাসগৃহলৈও আহিম ।’’

আবেদনখনত জেডিইউৰ বিধায়ক সুধাংশু শেখৰে আৰু লিখিছে, "একেদৰে হিলছাৰ বিধায়ক কৃষ্ণ মুৰাৰী শৰণলৈও আৰজেডিৰ মুখপাত্ৰৰ ফোন আহিছিল । তাৰ পিছত ৰাতিপুৱা হিলছাৰ পৰা এজন ব্যক্তি আহি তেওঁক লগ কৰিবলৈ আহি স্পষ্টকৈ ক’লে যে ১২ তাৰিখে আস্থা ভোট হ’ব । যদি আপুনি RJDৰ সপক্ষে ভোট দিয়ে তেন্তে আপোনাক মন্ত্ৰী পদ দিয়া হ’ব । নহ'লে যিমান টকা দাবী কৰিব সিমান পাব ।"

বিধায়ক সুধাংশু শেখৰে তেওঁৰ আবেদনত আন এজন বিধায়ক নিৰঞ্জন কুমাৰৰ কথা উল্লেখ কৰিছে । তেওঁলোককো প্ৰলোভিত কৰি আৰজেডিৰ সপক্ষে ভোট দিয়াৰ ভাবুকি দিয়া বুলি সুধাংশুৱে কয় । এই সমগ্ৰ বিষটোত জে ডি ইউ পাৰবত্তাৰ বিধায়ক ডাঃ সঞ্জীৱ কুমাৰৰ ভূমিকা সন্দেহজনক । আৰজেডি নেতা অভিযন্তা সুনীলৰ নামো পঞ্জীয়ন কৰা হৈছে । দুয়োৰে বিৰুদ্ধে ষড়যন্ত্ৰ কৰি অপহৰণকাণ্ড সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছে ।

লগতে পঢ়ক: আস্থা ভোটত জয়লাভ নীতিশ কুমাৰৰ চৰকাৰৰ; ১২৯ বিধায়কৰ সমৰ্থন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.