ETV Bharat / bharat

কোনে আৰু কিয় হত্যা কৰিলে JDU ৰ নেতা সৌৰভক ? - JDU Leader Shot Dead In Patna

author img

By ETV Bharat Assamese Team

Published : Apr 25, 2024, 10:14 AM IST

JDU Leader Shot Dead In Patna : দ্বিতীয় পৰ্যায়ৰ লোকসভা নির্বাচনৰ পূর্বে বিহাৰৰ ৰাজধানী পাটনাত শাসকীয় দল জেডিইউৰ নেতাক হত্যা কৰিছে দুৰ্বৃত্তই ৷ এখন বিবাহ অনুষ্ঠানৰ পৰা উভতি অহাৰ সময়তে দুৰ্বৃত্তৰ গুলীত নিহত হয় JDU ৰ এজন নেতা ৷

JDU Leader Shot Dead In Patna
পাটনাত হত্যা JDU ৰ নেতাক

নেশ্যনেল ডেস্ক, ২৫ এপ্ৰিল : বিহাৰৰ পাটনাৰ মছৌৰীত দুৰ্বৃত্তৰ গুলীচালনা ৷ দুৰ্বৃত্তৰ গুলীত নিহত হয় জনতা দল ইউনাইটেড (জেডিইউ বা JDU)ৰ এজন নেতা ৷ নিহত JDU ৰ নেতাগৰাকী সৌৰভ কুমাৰ বুলি জানিব পৰা গৈছে ৷ বুধবাৰে নিশা পাটনাত এখন বিবাহ অনুষ্ঠানৰ পৰা উভতি অহাৰ সময়ত দুৰ্বৃত্তই গুলীয়াই হত্যা কৰে সৌৰভক ।

জানিব পৰা মতে, সৌৰভ কুমাৰৰ সৈতে আছিল আন এজন ব্যক্তি ৷ তেওঁৰ নাম মুনমুন কুমাৰ ৷ বুধবাৰে বিহাৰৰ পৰ্ছা বজাৰ গাঁৱত হোৱা গুলীচালনাত গুৰুতৰভাৱে আহত হয় মুনমুন ৷ পুনপুন আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আৰ সিঙে এই কথা সদৰী কৰে ৷

আৰক্ষীয়ে উল্লেখ কৰা অনুসৰি, বাইকত অহা অচিনাক্ত চাৰি দুৰ্বৃত্তই সৌৰভৰ মূৰত কেবাবাৰো গুলীয়াই হত্যা কৰে ৷ ইয়াৰ বিপৰীতে তেওঁৰ সংগী মুনমুন কুমাৰক তিনিবাৰকৈ আঘাত কৰে দুৰ্বৃত্তৰ দলটোৱে । ঘটনা সংঘটিত হোৱাৰ পাচতে ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও সৌৰভক চিকিৎসকে মৃত বুলি ঘোষণা কৰে ৷ লগতে মুনমুনক গুৰুতৰ অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ।

ইফালে এই ঘটনাৰ পাচতে স্থানীয় ৰাইজৰ মাজত ভয়-ক্ষোভৰ সৃষ্টি হৈছে । জানিব পৰা মতে, বুধবাৰে নিশা প্ৰায় ১২ বজাত এখন বিয়াৰ অভ্যৰ্থনা অনুষ্ঠানৰ পৰা উভতি অহা সময়তে উক্ত ঘটনাটো সংঘটিত হৈছে ৷ আনহাতে, উক্ত ঘটনাৰ বিষয়ে জানিব পাৰি পুনপুন থানা আৰু পৰ্ছা থানাৰ আৰক্ষী সেই স্থানত উপস্থিত হৈ আৰম্ভ কৰে তদন্ত। অপৰাধীক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি উচিত শাস্তি বিহিবলৈ আৰক্ষীক দাবী ৰাইজৰ ।

লগতে পঢ়ক : কালবুৰ্গীবাসীলৈ আৱেগিক আহ্বান মল্লিকাৰ্জুন খাৰ্গেৰ - Lok sabha election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.