ETV Bharat / bharat

২২ বছৰ ধৰি ৰাৱণক পূজা কৰা এজন ব্যক্তি; ৰাৱণেই তেওঁৰ আৰাধ্য দেৱতা, ৰাৱণেই তেওঁৰ গুৰু

Worshiping Ravana: জবলপুৰৰ দৰ্জী সন্তোষৰ আৰাধ্য দেৱতা হৈছে লংকাৰ ৰজা ৰাৱণ । ৰাৱণৰ প্ৰতি থকা সমৰ্পণৰ বাবে সন্তোষক লংকেশ বুলিও জনা যায় ।

author img

By ETV Bharat Assamese Team

Published : Oct 11, 2024, 1:00 PM IST

MP man worships Ravana
মধ্যপ্ৰদেশৰ সন্তোষক কিয় লংকাৰ ৰজা বুলি কোৱা হয় (PTI)

নেশ্যনেল ডেস্ক, ১১ অক্টোবৰ : দেশৰ বিভিন্ন প্ৰান্তত দুৰ্গা পূজাক লৈ ব্যাপক উছাহ দেখিবলৈ পোৱা গৈছে । ভক্তসকলে দেৱী দুৰ্গাৰ আৰাধনাত ব্যস্ত হৈ পৰিছে । তাৰ মাজতে মধ্য প্ৰদেশৰ এজন দৰ্জী চৰ্চালৈ আহিছে । অৱশ্যে দুৰ্গা দেৱীক পূজা কৰাৰ বাবে তেওঁ চৰ্চালৈ অহা নাই । লংকাৰ ৰজা ৰাৱণক পূজা-অৰ্চনা কৰি তেওঁ এতিয়া মধ্য প্ৰদেশত চৰ্চিত হৈছে । জবলপুৰৰ দৰ্জীজন হৈছে সন্তোষ নামদেৱ । নামদেৱ ৰাৱণৰ পৰম ভক্ত । যাৰ বাবে তেওঁক অঞ্চলটোত 'লংকেশ' বা লংকাৰ ৰজা হিচাপে জনা যায় । নামদেৱে ৰাৱণক তেওঁৰ গুৰু আৰু আৰাধ্য দেৱতা বুলি গণ্য কৰে ।

ৰাৱণক গুৰু হিচাপে পূজা

নামদেৱে ৰাৱণৰ প্ৰতি থকা তেওঁ ভক্তি সম্পৰ্কে কয়, "মই ভাবিছিলো যে মই তেওঁক মোৰ গুৰু বুলি বিবেচনা কৰা উচিত । ৰামজীয়ে তেওঁক সন্মান কৰিছিল আৰু লক্ষ্মণ জীয়ে তেওঁৰ পৰা শিক্ষা লৈছিল ।"

নামদেৱে ১৯৭৫ চনৰ পৰাই ৰাৱণৰ পূজা কৰি আহিছে আৰু যোৱা ২২ বছৰ ধৰি তেওঁৰ ঘৰতে মূৰ্তি স্থাপন কৰি দৈনিক প্ৰাৰ্থনা কৰি আহিছে ।

ৰাৱণৰ উত্তৰাধিকাৰীৰ প্ৰতি থকা নামদেৱৰ প্ৰতিশ্ৰুতি তেওঁৰ পৰিয়ালৰ মাজতো দেখা যায় । ৰাৱণৰ পুত্ৰৰ নামেৰে নামদেৱে তেওঁৰ পুত্ৰৰ নাম ৰাখিছে । তেওঁৰ পুত্ৰ অক্ষয় কুমাৰ নামদেৱে পিতৃয়ে দেখুওৱা পথ অনুসৰণ কৰিছে । অক্ষয় কুমাৰেও পিতৃৰ সুৰতে সুৰ মিলাই কয়, "ৰাৱণ এজন জ্ঞানী আৰু উচ্চ শিক্ষিত ব্যক্তি আছিল আৰু মই তেওঁক মোৰ গুৰু বুলি গণ্য কৰি যাম ।"

ইফালে ৰাৱণৰ প্ৰতি নামদেৱৰ ভক্তিয়ে তেওঁৰ বন্ধু আৰু চুবুৰীয়াসকলকো প্ৰভাৱিত কৰিছে । কাউঞ্চিলাৰ দীপক জৈনে কয়, "মই নাভাবো যে ৰাৱণৰ ত্ৰুটি আছিল । লংকেশৰ (সন্তোষ নামদেৱ) পৰিয়ালটো অতি চহকী । তেওঁলোকে 'জয় লংকেশ' নামেৰে কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠান পৰিচালনা কৰে ।"

স্থানীয় বাসিন্দা ধ্ৰুৱ নেমাই কয়, "লংকেশে কেৱল ৰাৱণ আৰু ভগৱান শিৱক উপাসনা কৰে । তেওঁ ৰাৱণৰ প্ৰাৰ্থনাৰে দিনটো আৰম্ভ কৰে আৰু শেষ কৰে ।" নৱৰাত্ৰিৰ সময়ত লংকেশে ৰাৱণৰ বাবে এক বিশাল শোভাযাত্ৰাৰ আয়োজন কৰে । য'ত অনুগামীসকলক ৰাৱণৰ প্ৰতি থকা তেওঁৰ ভক্তিৰ বিষয়ে অৱগত কৰে ।

লগতে পঢ়ক : ইছলামধৰ্মী হনুমান পঢ়া-শুনাত কেঁচা আছিল ! ছাত্ৰ-ছাত্ৰীক শ্ৰেণীকোঠাত শিকালে শিক্ষক জিয়াউদ্দিনে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.