ETV Bharat / bharat

পেৰিছ অলিম্পিকত অংশ গ্ৰহণ কৰা ভাৰতীয় দলক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ - PM Meets Paris Olympians

author img

By ANI

Published : Aug 16, 2024, 1:35 PM IST

PM Meets Paris Olympians: স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ বাসগৃহত পেৰিছ অলিম্পিকৰ ভাৰতীয় দলক সাক্ষাৎ কৰে । প্ৰধানমন্ত্ৰীয়ে এয়া তেওঁৰ বাবে সন্মানৰ বিষয় বুলি অভিহিত কৰে । খেলুৱৈসকলেও প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰি আনন্দ প্ৰকাশ কৰে ।

PM Meets Paris Olympians
পেৰিছত প্ৰতিদ্বন্দ্বিতা কৰা ভাৰতীয় দলক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ (ANI)

নেশ্যনেল ডেস্ক, ১৬ আগষ্ট: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্বাধীনতা দিৱস উপলক্ষে পেৰিছ অলিম্পিকত অংশগ্ৰহণ কৰা ভাৰতীয় দলক সাক্ষাৎ কৰে । প্ৰধানমন্ত্ৰীয়ে বৃহস্পতিবাৰে দিল্লীত থকা তেওঁৰ বাসগৃহ ৭, লোক কল্যাণ মাৰ্গত পেৰিছ অলিম্পিকৰ ভাৰতীয় দলটোক সাক্ষাৎ কৰে । বৈঠকৰ সময়ত ভাৰতীয় পুৰুষ হকী দলে তেওঁক এখন স্বাক্ষৰিত জাৰ্চি আৰু হকী ষ্টিক প্ৰদান কৰে ।

ভাৰতীয় দলক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ:

ভাৰতীয় দলটোক সাক্ষাৎ কৰাৰ পিচত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে তেওঁৰ বাসগৃহত সকলো ভাৰতীয় খেলুৱৈক আতিথ্য দিয়াটো তেওঁৰ বাবে এক সন্মানৰ বিষয় । প্ৰধানমন্ত্ৰীয়ে কয়, "আপোনালোক সকলোকে ইয়াত পোৱাটো এক সন্মানৰ বিষয়...পিআৰ শ্ৰীজেশে প্ৰমাণ কৰিলে যে তেওঁক কিয় 'দ্য ৱাল' বুলি জনা যায় । পদক অৰ্জন কৰা সকলোৱে আৰু আনকি যিসকলে এটা পইণ্টত পৰাজিত হৈছিল তেওঁলোকে পুনৰ কৈছিল যে তেওঁলোকে স্বৰ্ণ জয় নকৰালৈকে এই কাহিনী বন্ধ নহ'ব ।"

অলিম্পিকৰ এটা সংস্কৰণত দুটা পদক অৰ্জন কৰা প্ৰথমগৰাকী ভাৰতীয় হিচাপে ইতিহাস ৰচনা কৰা শ্বুটাৰ মনু ভাকৰে কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁক যথেষ্ট উৎসাহিত কৰিছে । ভাকৰে কয়,"পদক লাভ কৰাৰ পিচত মই প্ৰধানমন্ত্ৰী ছাৰৰ পৰা ফোনটো পোৱাৰ বাবে মোৰ যথেষ্ট ভাল লাগিছিল । তেওঁ বহুত উৎসাহিত কৰিছে ।"

প্ৰশিক্ষকক প্ৰশংসা লক্ষ্য সেনৰ:

বেডমিণ্টন খেলুৱৈ লক্ষ্য সেনে প্ৰশিক্ষক প্ৰকাশ পাডুকনৰ সৈতে তেওঁৰ প্ৰশিক্ষণৰ বিষয়ে কয় । তেওঁ কয়, "প্ৰকাশ ছাৰে অলিম্পিকত খেলৰ সময়ত মোৰ ফোনটো লৈছিল আৰু কৈছিল যে প্ৰতিযোগিতাখনৰ শেষলৈকে আপুনি এয়া নাপাব । গোটেই যাত্ৰাটোত বহুতো মানুহে মোক সমৰ্থন কৰিছিল । পেৰিছ মোৰ বাবে এক ভাল অভিজ্ঞতা আছিল । এইটো অলপ নিৰাশাজনক আছিল কিয়নো মই পদকৰ বহু ওচৰলৈ গৈছিলো কিন্তু ইয়াক লাভ পৰা নাছিলো । মই ভৱিষ্যতে আৰু ভাল কৰিবলৈ চেষ্টা কৰিম ।"

পি আৰ শ্ৰীজেশৰ যাত্ৰা :

বৈঠকৰ সময়ত ভাৰতীয় হকীৰ প্ৰাক্তন গ'লকীপাৰ পি আৰ শ্ৰীজেশেও তেওঁৰ যাত্ৰাৰ বিষয়ে কয়, "মই যোৱা কেইবছৰমান ধৰি অৱসৰ লোৱাৰ কথা ভাবি আছো । মই ২০০২ চনত শিবিৰত যোগদান কৰিছিলো আৰু ২০০৪ চনত জুনিয়ৰ পৰ্যায়ত মোৰ প্ৰথম আন্তঃৰাষ্ট্ৰীয় খেল খেলিছিলো । মই তেতিয়াৰ পৰা খেলি আছো আৰু ২০ বছৰ ধৰি দেশক প্ৰতিনিধিত্ব কৰিছো গতিকে মই ভাবিছিলো যে মই খেলৰ পৰা ভাল স্থিতিত অৱসৰ লোৱা উচিত গতিকে অলিম্পিক সেই মঞ্চ আছিল । এয়া আমাৰ বাবে কঠিন আছিল কিয়নো আমি ছেমিফাইনেলত পৰাজিত হৈছিলো । আমাৰ এটা দল পেৰিছলৈ গৈছিলো আৰু আমি ভাবিছিলো যে আমি সোণৰ পদকৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিম । ব্ৰঞ্জৰ পদকৰ খেলখনৰ পূৰ্বে প্ৰতিজন খেলুৱৈয়ে কৈছিল যে আমি শ্ৰী ভাইৰ হৈ খেলিব লাগিব ।" উল্লেখ্য যে ভাৰতে পেৰিছ অলিম্পিকত ৫ টা ব্ৰঞ্জ আৰু এটা ৰূপসহ ৬ টা পদক লাভ কৰিছিল ।

লগতে পঢ়ক :স্বাধীনতা দিৱসত দেশবাসীক সম্বোধন প্ৰধানমন্ত্ৰীৰ; লালকিল্লাত মোদীৰ ভাষণৰ শীৰ্ষ ১০ টা উদ্ধৃতি - Modis Independence Day Speech

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.