ETV Bharat / bharat

মাজ আকাশত বিমান, তাতে আকৌ নাই এ চি : তেনেকৈয়ে উৰি থাকিল ১ ঘণ্টা ৫ মিনিট - IndiGo airline

author img

By ETV Bharat Assamese Team

Published : Sep 6, 2024, 8:28 PM IST

Updated : Sep 6, 2024, 10:51 PM IST

AC problem in Aeroplane : নতুন দিল্লীৰ পৰা বাৰাণসী অভিমুখী ইণ্ডিগ’ এয়াৰলাইনছৰ বিমানখনত হুলস্থূলীয়া পৰিস্থিতি ৷ কাম নকৰা হ’ল বিমানখনৰ এ চিয়ে ৷ ফলত তিনিগৰাকী মহিলা যাত্ৰীৰ স্বাস্থ্যৰ অৱনতি ঘটাৰ লগতে এগৰাকী মহিলা যাত্ৰী অচেতন হৈ পৰে ৷

AC problem in Aeroplane
এ চি নোহোৱকৈয়ে উৰি থাকিল ইণ্ডিগ’ বিমান (ANI)

নিউজ ডেস্ক, 6 ছেপ্টেম্বৰ : বৃহস্পতিবাৰে সন্ধিয়া নতুন দিল্লীৰ পৰা বাৰাণসী অভিমুখী ইণ্ডিগ' এয়াৰলাইনছৰ বিমানত হঠাৎ লাগিল হুলস্থূল ৷ কাম নকৰা হ’ল বিমানখনৰ এ চিয়ে ৷ ফলত স্বাস্থ্যৰ অৱনতি ঘটিল তিনিগৰাকী মহিলা যাত্ৰীৰ ৷ তদুপৰি মূৰ্চ্ছাও গ’ল এগৰাকী মহিলা যাত্ৰী ৷ প্ৰায় ১ ঘণ্টা ৫ মিনিট এনেদৰেই আকাশত থাকিল বিমানখন ৷ বিমানখন অৱতৰণৰ সময়তে এ চিয়ে কাম নকৰাৰ কথা বিমানবন্দৰ কৰ্তৃপক্ষক যাত্ৰীসকলে জনাইছিল ৷ ইণ্ডিগ’ৰ বিমানখনত সংঘটিত এই ঘটনাৰ ভিডিঅ’ ই টিভি ভাৰতে লাভ কৰিছে ৷

এ চি নোহোৱকৈয়ে উৰি থাকিল ইণ্ডিগ’ বিমান (ETV Bharat Assam)

বিমানখনে উৰা মৰাৰ পূৰ্বেই অভিযোগ কৰা হৈছিল :

বৃহস্পতিবাৰে সন্ধিয়া ৭.৩৫ বজাত নতুন দিল্লীৰ পৰা বাৰাণসীলৈ ইণ্ডিগ’ এয়াৰলাইনছৰ 6E 2235 বিমানখনে উৰা মৰাৰ সময় আছিল ৷ উক্ত সময়ছোৱাতে যাত্ৰীসকলে অভিযোগ কৰিছিল যে এ চি চলি থকা নাই ৷ যাত্ৰীসকলে গৰম আৰু উশাহজনিত সমস্যাত ভোগা বুলিও অভিযোগ কৰিছিল ৷ ইয়াৰ পিছতে বিমানখনৰ ক্ৰু মেম্বাৰে জনাইছিল যে অতি সোনকালেই এ চিৰ সমস্যাটো সমাধান হ’ব ৷ কিন্তু বিমানখনে দিল্লীৰ পৰা বাৰাণসীলৈ সন্ধিয়া ৭.৩৫ বজাত এ চি ঠিক নকৰাকৈ উৰা মাৰিছিল ৷ নিশা ৮.৪০ বজাত বাবতপুৰ বিমানবন্দৰত অৱতৰণ কৰা বিমানখনত গৰমৰ ফলত বহু মহিলাৰ স্বাস্থ্যৰ অৱনতি ঘটে ৷

বিমানৰ ভিতৰত সৃষ্টি হ’ল হুলস্থূলীয়া পৰিস্থিতিৰ :

বাৰাণসীৰ বাসিন্দা অমিত সিঙে কয়, ‘‘বিমানখন উৰণৰ বাবে সাজু হৈ থকাৰ সময়ত এ চি চলি থকা নাছিল । যাত্ৰীসকলে অভিযোগো কৰিছিল আৰু উত্তৰ আছিল যে উৰণৰ পিছতে সকলো ঠিক হৈ যাব ৷ কিন্তু সমগ্ৰ যাত্ৰাকালতে এ চি নচলিল ৷ ফলত এগৰাকী মহিলা যাত্ৰী অচেতন হৈ পৰে ৷ উশাহজনিত সমস্যাৰ ফলত বহুতো যাত্ৰীৰ স্বাস্থ্যৰ অৱনতি ঘটে ৷ ফলত বিমানখনৰ যাত্ৰীসকলে এক হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰে ৷ বিমানখনৰ কৰ্মচাৰীসকলে অচেতন যাত্ৰীসকলক অক্সিজেন দি আৰু পানী ছটিয়াই সুস্থ কৰিবলগীয়া হৈছিল ৷ এয়াৰলাইনৰ স্থানীয় মেনেজাৰ অংকুৰে কয় যে তেওঁ এ চি বিকল হোৱাৰ বিষয়ে অৱগত নহয় ৷

লগতে পঢ়ক : মাজ আকাশত জন্ম সন্তানৰ, চেন্নাই বিমানবন্দৰত বিমান অৱতৰণ

ভাঙৰ নিচাত 2500 ফুট উচ্চতাত বিমানৰ দৰ্জা খোলাৰ চেষ্টা যাত্ৰীৰ

ইণ্ডিগোক 1.20 কোটি টকাৰ জৰিমনা বিমান পৰিবহন সুৰক্ষা ব্যুৰৰ

Last Updated : Sep 6, 2024, 10:51 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.