ETV Bharat / bharat

২৫ জুন : ভাৰতৰ ইতিহাসৰ ছাঁ-পোহৰৰ এটা দিন - 25th June in Indian History

author img

By ETV Bharat Assamese Team

Published : Jun 25, 2024, 12:00 AM IST

25th June in Indian History : ২৫ জুন ভাৰতীয় ইতিহাসৰ এক গুৰুত্বপূৰ্ণ তাৰিখ । কিয়নো এই দিনটোতে ১৯৭৫ চনত জৰুৰীকালীন অৱস্থা জাৰি কৰা হৈছিল । আনহাতে, ১৯৮৩ চনত কপিল দেৱৰ নেতৃত্বত ভাৰতে ঐতিহাসিক লৰ্ডছত ৱেষ্ট ইণ্ডিজক পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে বিশ্বকাপৰ ট্ৰফীত বিজয় চুম্বন আঁকিছিল ।

25th June in Indian History
প্ৰথম বিশ্বকাপৰ ট্ৰফী লৈ কপিল দেৱ (Etv Bharat)

বিশেষ প্ৰতিবেদন, ২৫ জুন : ভাৰতীয় ইতিহাসৰ গুৰুত্বপূৰ্ণ তাৰিখবোৰৰ ভিতৰত এটা তাৰিখ হৈছে ২৫ জুন । কিয়নো এই তাৰিখটোত দুটা উল্লেখযোগ্য ঘটনা সংঘটিত হৈছিল । তাৰে এটা অতি বেদনাদায়ক, যাক ভাৰতবাসীয়ে পাহৰি যাব বিচাৰে । আনহাতে, আনটো হৈছে ভাৰতৰ বাবে এক নতুন সূৰুয উদয়ৰ দিন, যাৰ জৰিয়তে ভাৰতে বিশ্ব ক্ৰীড়া ক্ষেত্ৰত নিজৰ স্বৰ্ণ খোজ পেলাইছিল ।

১৯৭৫ চনৰ ২৫ জুন তাৰিখটোৱে ভাৰতক আজিৰে পৰা ঠিক ৪৯ বছৰ পূৰ্বৰ বৰ্ষা ঋতুৰ এক লজ্জাজনক আৰু হতাশাজনক দিনৰ কথা সোঁৱৰাই দিয়ে । কিয়নো এই তাৰিখটোতে দেশৰ তদানীন্তন ৰাষ্ট্ৰপতি ফখৰুদ্দিন আলি আহমেদে আনুষ্ঠানিকভাৱে ভাৰতৰ সংবিধানৰ ৩৫২ অনুচ্ছেদৰ অধীনত জৰুৰীকালীন অৱস্থা জাৰি কৰিছিল । এই জৰুৰীকালীন অৱস্থা ১৯৭৭ চনৰ ২১ মাৰ্চলৈকে অৰ্থাৎ প্ৰায় দুবছৰৰ বাবে কাৰ্যকৰী হৈ আছিল ।

২১ মাহৰ এই জৰুৰীকালীন সময়খিনি ভাৰতীয়সকলৰ বাবে গ্ৰহণ কৰাটো অতি কঠিন আছিল । কিয়নো এই পৈশাচিক আদেশটোৱে তদানীন্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ বাবে স্বৈৰতান্ত্ৰিক শাসন প্ৰৱৰ্তনৰ কৰ্তৃত্ব প্ৰশস্ত কৰিছিল । এই দুখজনক সময়ছোৱাত নিৰ্বাচন বাতিল কৰা হৈছিল, নাগৰিকৰ স্বাধীনতা হৰণ কৰা হৈছিল আৰু গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হিচাপে বিবেচিত সংবাদ মাধ্যমৰ ওপৰতো কেঁচি চলোৱা হৈছিল ।

ইয়াৰ ফলত দেশৰ সৰ্বত্ৰে তীব্ৰ প্ৰতিক্ৰিয়া আৰু ক্ষোভৰ সৃষ্টি হৈছিল । সেয়েহে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ তৃতীয়টো কাৰ্যকালৰ বাবে সংসদৰ অধিবেশন আৰম্ভ কৰাৰ লগে লগে তেওঁ জৰুৰীকালীন অৱস্থাৰ বিষয়টো সজীৱ কৰি তুলিছে আৰু ২৪ জুনৰ দিনা এই তাৰিখটো (২৫ জুন) মনত পেলাই দিয়াৰ পিচতে সমগ্ৰ দেশজুৰি চৰ্চাৰ বিষয় হৈ পৰিছে । উল্লেখ্য যে এই ২৫ জুন তাৰিখটো হ'ব ভাৰতীয় গণতন্ত্ৰৰ কলংকময় ৫০ বছৰীয়া জয়ন্তী ।

"কাইলৈ ২৫ জুন । ৫০ বছৰ পূৰ্বে এই দিনটোতে ভাৰতৰ সংবিধানত এটা ক'লা দাগ লাগিছিল । আমি চেষ্টা কৰিম (নিশ্চিত কৰিবলৈ) যাতে এনে কলংক কেতিয়াও দেশলৈ নাহে ।" সোমবাৰে সংসদৰ অধিবেশন আৰম্ভ কৰাৰ সময়ত ১৯৭৫ চনত জাৰি কৰা জৰুৰীকালীন অৱস্থাৰ কথা উল্লেখ কৰি মোদীয়ে কয় ।

অৱশ্যে এইটো কোৱাও প্ৰয়োজন যে এই কলংকময় তাৰিখটোৰ ৮ বছৰ পিচত ভাৰতীয় ইতিহাসৰ বাবে আন এক শুভ দিনে অপেক্ষা কৰি আছিল । ৮ বছৰৰ কলংকময় ২৫ জুন তাৰিখটো ভাৰতীয় জনসাধাৰণে ক্ষোভ আৰু হতাশাৰে স্মৰণ কৰি থকাৰ ৮ বছৰ পিচত অৰ্থাৎ ১৯৮৩ চনত সেই নতুন দিনৰ সূচনা হৈছিল । ১৯৮৩ চনৰ উক্ত দিনটোতে ভাৰতে কপিল দেৱৰ নেতৃত্বত প্ৰথম প্ৰুডেন্সিয়েল বিশ্বকাপ জয় কৰিছিল আৰু সেই যন্ত্ৰণাক এক আনন্দলৈ পৰিৱৰ্তন কৰিছিল । নিশ্চিভাৱে ভাৰতে পুনৰ ২০১১ চনত এই আকাংক্ষিত ট্ৰফীটো লাভ কৰিছে, কিন্তু ১৯৮৩ চনত লাভ কৰা বিজয়ে এক বিশেষ স্থান দখল কৰি আছে আৰু ক্ৰীড়াপ্ৰেমীসকলৰ হৃদয়ত ইয়াৰ গভীৰ সাঁচ খোদিত হৈ আছে ।

এই তাৰিখটোতে সুনীল গাভাস্কাৰ, কপিল দেৱ আৰু মহিন্দৰ অমৰনাথৰ ওপৰত নিৰ্ভৰ কৰি ভাৰত এখন গুৰুত্বপূৰ্ণ ক্ৰিকেট ৰাষ্ট্ৰ হৈ পৰিছিল । আনহাতে, ক্ৰিকেটৰ শক্তিশালী পশ্চিমীয়া বিশ্বক ভাৰতীয়সকলে পদানত কৰি উন্নীত হোৱাটোৱে আমাক গৌৰৱৰ অধিকাৰী কৰি তুলিছিল আৰু সেই কথা বিবেচনা কৰি এই দিনটোৰ তাৎপৰ্য ভাৰতৰ ইতিহাসৰ বাবে কোনোগুণে কম নহয় । উল্লেখ্য যে ক্লাইভ লয়ড, ভিভিয়ান ৰিচাৰ্ডছ, গৰ্ডন গ্ৰীনিজ, ডেচমণ্ড হেইনছ, ম্যালকম মাৰ্শ্বেল, জোৱেল গাৰ্ণাৰ, এণ্ডি ৰবাৰ্টছ, মাইকেল হল্ডিঙৰ দৰে ব্যক্তিসকলে সেই সময়ত একে প্ৰজন্মৰ আন দেশৰ ক্ৰিকেটাৰসকলৰ ধমনীত কঁপনি তুলিছিল ।

ৰাষ্ট্ৰই সেই সময়ত এই গৌৰৱৰ অধিকাৰী হোৱাৰ শ্ৰেয় নিশ্চয় কপিল দেৱক প্ৰদান কৰিব । কিয়নো কপিল দেৱে প্ৰায় এককভাৱে ভাৰতীয়সকলক ক্ৰিকেটৰ শিশুৰ পৰা যৌৱনলৈ উত্তৰণ ঘটাইছিল আৰু সমগ্ৰ ক্ৰিকেট সম্প্ৰদায়ক হতবাক কৰি ভাৰতত 'ক্ৰিকেট' সংস্কৃতিৰ উন্মেষ ঘটাইছিল । সেই সংস্কৃতি পিচলৈ অৰ্থাৎ বিগত ৪১ বছৰত এক ধৰ্মলৈ ৰূপান্তৰিত হৈছে । তেতিয়াৰে পৰা ভাৰতে বিশ্ব ক্ৰিকেটত এক মহাশক্তি হিচাপে পৰিগণিত হৈ আহিছে আৰু সকলোকে মূৰ দোৱাবলৈ বাধ্য কৰিছে । ভাৰতীয় দলটোৱে ১৯৮৪ চনত দুৰ্ধৰ্ষ পাকিস্তানক পৰাস্ত কৰি এছিয়া কাপ জয় কৰিছিল আৰু তাৰ পিচত ৰথমেনছ কাপ (১৯৮৫) আৰু বেনচন এণ্ড হেজেছ বিশ্ব শৃংখলা (১৯৮৫) জয় কৰিছিল । তাত ৰবি শাস্ত্ৰীয়ে 'চেম্পিয়ন অব চেম্পিয়ন' (শৃংখলাৰ শ্ৰেষ্ঠ খেলুৱৈ) হৈ অ'ডি গাড়ী লাভ কৰিছিল ।

তাৰ পিচৰ কাহিনী এতিয়া এক কিংবদন্তী । ক্ৰমান্বয়ে ভাৰতীয় ক্ৰিকেট লোককথাৰ কাহিনীৰ দৰে নিপোটল হ'বলৈ আৰম্ভ কৰে । কিয়নো ভাৰতে 1987 চনত (ৰিলায়েন্স কাপ) প্ৰথম ক্ৰিকেট বিশ্বকাপ আয়োজন কৰিছিল । সেয়েহে ভাৰতীয় প্ৰেক্ষাপটত 25 জুন তাৰিখটো যথেষ্ট গুৰুত্বপূৰ্ণ হৈ আছে । অৱশ্যে এই প্ৰসংগক এনেদৰে ক'ব পাৰি- 'দ্য গুড, দ্য বেড এণ্ড দ্য আগলী' ।

লগতে পঢ়ক :টি-২০ বিশ্বকাপ ২০২৪ ৰ মহাৰণ : ছুপাৰ-৮ ৰ অন্তিমখন খেলত আজি মুখামুখি হ’ব ভাৰত আৰু অষ্ট্ৰেলিয়া - T20 World Cup 2024

লগতে পঢ়ক :আজিৰে পৰা আৰম্ভ অষ্টাদশ লোকসভাৰ প্ৰথম অধিৱেশন - First session of 18 th Lok Sabha

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.