ETV Bharat / bharat

ডাক বিভাগে ঘূৰাই পঠালে ভাতৃলৈ প্ৰেৰণ কৰা ৰাখী: 17 বছৰ ধৰি ন্যায়ৰ যুঁজ চলাই আছে এগৰাকী ভগ্নীয়ে - Rakhi Festival

author img

By ETV Bharat Assamese Team

Published : Aug 19, 2024, 7:07 PM IST

Case for Rakhi : ঘটনাটো সংঘটিত হৈছিল ২০০৭ চনত । লীলাৱতীয়ে পাঞ্জাবত বাস কৰা তেওঁৰ ভাতৃৰ ঠিকনালৈ ডাকযোগে ৰাখী পঠিয়াইছিল । কিন্তু ডাক বিভাগে এই ৰাখী তেওঁৰ ভাতৃক প্ৰদান কৰাৰ পৰিৱৰ্তে ৰাখী বন্ধনৰ এদিন পূৰ্বে পুনৰ লীলাৱতীৰ ঠিকনালৈ ঘূৰাই পঠায় । ভাতৃৰ পাঞ্জাবৰ বাসগৃহ আৰু ঠিকনা সকলো ঠিকে থকাৰ পিছতো এই ঘটনাটো ঘটে ।

Case For Rakhi
17 বছৰ ধৰি ৰাখীৰ বাবে ন্যায়ৰ যুঁজ চলাই আছে এগৰাকী ভগ্নীয়ে (ETV Bharat)

নিউজ ডেস্ক, ১৯ আগষ্ট : ভাতৃ-ভগ্নীৰ অটল প্ৰেমৰ উৎসৱ হৈছে ৰাখী বন্ধন । এই ৰক্ষাবন্ধনৰ দিনটোত ভাতৃৰ মংগল আৰু দীৰ্ঘায়ু কামনাৰে ভগ্নীসকলে ৰাখী পিন্ধায় । ইয়াৰ জৰিয়তে প্ৰকাশ পাই ভাতৃৰ প্ৰতি ভগ্নীৰ মৰম আৰু ভগ্নীৰ প্ৰতি ভাতৃৰ দায়বদ্ধতা । সেয়ে ভাতৃ-ভগ্নী একেলগে নাথাকিলেও ভগ্নীসকলে নিজৰ ভাতৃলৈ ৰাখী ডাকযোগে প্ৰেৰণ কৰে । কিন্তু 17 বছৰ পূৰ্বে গোৰখপুৰৰ পৰা এগৰাকী ভগ্নীয়ে পাঞ্জাবলৈ প্ৰেৰণ কৰা ৰাখী ভাতৃৰ হাতত গৈ নপৰাত ডাক বিভাগৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে ।

Case For Rakhi
লীলাৱতী (ETV Bharat)

লীলাৱতী নামৰ ভগ্নীগৰাকীয়ে ইয়াৰ বাবে ২০০৭ চনৰ পৰা ডাক বিভাগৰ বিৰুদ্ধে আইনী যুঁজ চলাই আহিছে । কিন্তু ডাক বিভাগ আৰু উপভোক্তা মঞ্চই এতিয়ালৈকে তেওঁৰ পক্ষত সিদ্ধান্ত লোৱা নাই । যাৰ বাবে তেওঁ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ জনতাৰ দৰবাৰত আবেদন দাখিল কৰি এইক্ষেত্ৰত সোনকালে ন্যায় প্ৰদানৰ বাবে অনুৰোধ জনাইছে ।

Case For Rakhi
লীলাৱতীৰ আবেদন (ETV Bharat)

ঘটনাটো সংঘটিত হৈছিল ২০০৭ চনত । লীলাৱতীয়ে পাঞ্জাবত বাস কৰা তেওঁৰ ভাতৃৰ ঠিকনালৈ ডাকযোগে ৰাখী পঠিয়াইছিল । কিন্তু ডাক বিভাগে এই ৰাখী তেওঁৰ ভাতৃক প্ৰদান কৰাৰ পৰিৱৰ্তে ৰাখী বন্ধনৰ এদিন পূৰ্বে পুনৰ লীলাৱতীৰ ঠিকনালৈ ঘূৰাই পঠায় । ভাতৃৰ পাঞ্জাবৰ বাসগৃহ আৰু ঠিকনা সকলো ঠিকে থকাৰ পিছতো এই ঘটনাটো ঘটে ।

কিন্তু তেওঁৰ ভাতৃলৈ ৰাখী প্ৰেৰণ নকৰাৰ কাৰণ স্পষ্ট নোহোৱাত লীলাৱতী অসন্তুষ্ট হয় । যাৰ বাবে তেওঁৰ নিৰ্দেশত স্বামী বিন্দু প্ৰসাদ চৌধুৰীয়ে উপভোক্তা মঞ্চত ডাক বিভাগৰ বিৰুদ্ধে অভিযোগ দাখিল কৰে । এই গোচৰৰ সিদ্ধান্ত তেওঁৰ পক্ষত আহে যদিও ডাক বিভাগ ৰাজ্যিক উপভোক্তা আয়োগৰ ওচৰ চাপে । তেতিয়াৰে পৰা আৰম্ভ হোৱা যুদ্ধ এতিয়ালৈকে অব্যাহত আছে ।

ইফালে বিষয়টো সন্দৰ্ভত ৰাজ্যিক পৰ্যায়ত কোনো মীমাংসা নহ'লেও বৰ্ধিত বয়স আৰু অসুস্থতা সত্ত্বেও লীলাৱতীয়ে এই যুঁজখন যুঁজি আছে । তেওঁ দৃঢ়প্ৰতিজ্ঞ যে ডাক বিভাগক এইক্ষেত্ৰত জৰিমনা বিহাইহে তেওঁ মৃত্যুবৰণ কৰিব । অন্তিম নিশ্বাসলৈকে তেওঁ এই যুঁজখন চলাই যাব ।

আনহাতে, লীলাৱতীৰ স্বামী বিন্দু প্ৰসাদে কয় যে ন্যায়ৰ আশাত তেওঁ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথলৈও আবেদন পঠিয়াইছে । ৰাইজৰ আদালতত তেওঁ ন্যায়ৰ অনুৰোধ জনাইছে । তেওঁ এতিয়া ইয়াৰ বাবে মুখ্যমন্ত্ৰীৰ সিদ্ধান্তলৈ অপেক্ষা কৰিছে । তেওঁলোকে কিমান দিনত ন্যায় পাব, কিমান দিন এই যুঁজখন চলাই যাব তাৰ উত্তৰ এতিয়াই পাব পৰা অৱস্থাত নাই । কিন্তু তেওঁলোকৰ এই কাহিনীয়ে ৰাখী উৎসৱৰ গম্ভীৰতাৰ কথা প্ৰকাশ কৰে । লগতে ডাক বিভাগৰ অৱহেলাও ইয়াৰ দ্বাৰা উন্মোচন হৈছে । কিয়নো ডাক বিভাগৰ ওপৰত নিৰ্ভৰ কৰিয়ে লাখ লাখ ভগ্নীয়ে তেওঁলোকৰ ভাতৃৰ মণিবন্ধ সজোৱাৰ সপোন ৰচে ।

লগতে পঢ়ক :ৰঙীণ সূতাৰে নহয়, এইবাৰ সোণ-ৰূপ-হীৰাৰ ৰাখীৰে ভগ্নীয়ে শুৱনি কৰিব ভাতৃৰ হাত - Raksha Bandhan 2024
লগতে পঢ়ক :বিশ্ব ফটোগ্ৰাফী দিৱস: ইয়াৰ ইতিহাস আৰু গুৰুত্ব - World Photography Day

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.