ETV Bharat / bharat

ডাকঘৰত গংগাজলৰ বটল সাজু : আপুনি বিচাৰিলেই হ'ল - Gangajal in post office

author img

By ETV Bharat Assamese Team

Published : Jul 20, 2024, 6:18 PM IST

Post office is providing Ganga water to Shiva devotees: আপুনি হয়তো ডাকঘৰৰ জৰিয়তে মানি অৰ্ডাৰ, ছেভিংছ একাউণ্ট, আৰ ডি আদিৰ সুবিধা লাভ কৰিছে । এতিয়া আপুনি ডাকঘৰৰ জড়িয়তে ঘৰতে বহি লাভ কৰিব গংগাজল । অনলাইনৰ জৰিয়তে অৰ্ডাৰ দি আপুনি পবিত্ৰ গংগাজল ঘৰতে বহি লাভ কৰিব পাৰিব ।

Gangajal in post office
শাওনত শিৱ ভক্তসকলক ডাকঘৰৰ উপহাৰ (ETV Bharat)

নিউজ ডেস্ক, ২০ জুলাই: যদি আপুনি পবিত্ৰ শাওন মাহত হৰিদ্বাৰলৈ যাব নোৱাৰে তেন্তে ঘৰত বহি হৰিদ্বাৰৰ পবিত্ৰ গংগাজলেৰে মহাদেৱক অভিষেক কৰিব পাৰে । নৈনীতাল জিলাৰ প্ৰতিটো ডাকঘৰৰ পৰা অনলাইন, ঘৰত বহি অথবা ডাকঘৰত গৈ গংগাপানী কিনিব পাৰিব ।

শাওণ মাহত ডাকঘৰত গংগাপানীৰ চাহিদা বৃদ্ধি: নৈনীতালৰ ৰামনগৰৰ পোষ্টমাষ্টৰে কয় যে শাওন আৰম্ভ হোৱাৰ লগে লগে প্ৰতিদিনে ১০ৰ পৰা ২০জন গ্ৰাহকে ডাকঘৰলৈ আহি গংগাজল ক্ৰয় কৰে । তাৰ লগতে অনলাইনতো যোৱা এসপ্তাহত ১৫ৰ পৰা ২০জন গ্ৰাহকে ঘৰতে গংগাপানীৰ অৰ্ডাৰ দিছে ।

যদি আপুনি হৰিদ্বাৰলৈ যাব পৰা নাই, তেন্তে ডাকঘৰলৈ যাওক: হিন্দু ধৰ্মত অতীজৰে পৰা শাওন মাহৰ এক সুকীয়া বিশেষত্ব আছে । শাওন মাহত বহু লোকে খোজকাঢ়ি হৰিদ্বাৰৰ পৰা পবিত্ৰ গংগাজল আনি ঘৰত শিৱক জলাভিষেক কৰে । শাওন মাহক হিন্দু ধৰ্মত অতি পবিত্ৰ মাহ বুলি গণ্য কৰা হয় । বিশ্বাস কৰা হয় যে শাওন মাহটো ভগৱান শিৱৰ বাবে উৎসৰ্গা কৰা হয় । এই সময়ত ভোলানাথক বেলপাত, গংগাজল আদি অৰ্পণ কৰিলে মহাদেৱ সন্তুষ্ট হয় ।

লগতে পঢ়ক: শাওন মাহত কিদৰে শিৱক আৰাধনা কৰিব ? - Astro Tips

২৫০ মিলিলিটাৰ গংগাজলৰ মূল্য আৰু কেনেদৰে কৰিব পাৰিব অৰ্ডাৰ: বহু লোকে খোজকাঢ়ি যাত্ৰা কৰি হৰিদ্বাৰৰ পৰা গংগাজল আনি শংকৰক জলাভিষেক কৰে । কিন্তু সকলোৱে হৰিদ্বাৰ বা আন ঠাইৰ পৰা গংগাৰ পানী আনিব নোৱাৰে । এনে লোকে শাওন মাহত ঘৰতে বহি ডাকঘৰৰ জৰিয়তে অনলাইনযোগে পবিত্ৰ গংগাৰ পানী আনি ভগৱান শংকৰৰ জলাভিষেক কৰিব পাৰে । এই সুবিধা ডাকঘৰৰ দ্বাৰা আৰম্ভ কৰা হৈছে । ডাকঘৰৰ ৱেবছাইট (ইণ্ডিয়া পোষ্ট)ত গৈ অনলাইনযোগে গংগাজল অৰ্ডাৰ কৰিব পাৰিব । তদুপৰি আপুনি আপোনাৰ এলেকাৰ ডাকঘৰৰ ঠিকনা দি গংগাজল অৰ্ডাৰ কৰিব পাৰে । পোষ্টমাষ্টৰ জি এছ গংগোলাই কয় যে এতিয়া গ্ৰাহকে ইণ্ডিয়া পোষ্টৰ ৱেবছাইটত গৈ ঘৰৰ পৰাই অনলাইনত গংগাজল অৰ্ডাৰ কৰিব পাৰিব । তেওঁ জানিবলৈ দিয়া মতে, ২৫০ মিলিলিটাৰৰ গংগাপানীৰ বটল ৩০ টকাত পোৱা যায় ।

ডাকঘৰত গংগাপানী পাই সুখী শিৱভক্ত : ডাকঘৰত গংগাপানী কিনিবলৈ অহা জিতেন্দ্ৰ কুমাৰে কয় যে পবিত্ৰ শাওন মাহত পবিত্ৰ গংগাজলেৰে শংকৰৰ জলাভিষেক কৰিব পৰাটো অতি সৌভাগ্যৰ কথা । হৰিদ্বাৰলৈ যাবলৈ তেওঁ সময় নাপালে । ইফালে ডাকঘৰত গংগাজল কিনিবলৈ অহা গুলশান মহাৰাজে কয় যে এইটো ডাকঘৰৰ দ্বাৰা প্ৰদান কৰা অতি উত্তম সুবিধা ৷ এতিয়া তেওঁ শাওনত ঘৰতে বহি গংগাজলৰ অৰ্ডাৰ দিব পাৰিব ।

লগতে পঢ়ক: শাওন মাহৰ এই বিশেষ দিনত পূৰ্ণ হ’ব আপোনাৰ মনৰ আশা: জানক এই দিনকেইটা কি কি - Shravana Putrada Ekadashi 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.