ETV Bharat / bharat

তেওঁৰ ত্যাগক কেতিয়াও পাহৰিব নোৱাৰি; শ্বহীদ কেপ্টেইন দীপক সিঙক সেনাৰ শ্ৰদ্ধাঞ্জলি - Tribute To Captain Deepak Singh

author img

By ETV Bharat Assamese Team

Published : Aug 15, 2024, 12:56 PM IST

Tribute To Captain Deepak Singh : বুধবাৰে জম্মু-কাশ্মীৰৰ ডোডা জিলাত সন্ত্ৰাসবাদীৰ সৈতে সংঘৰ্ষত শ্বহীদবৰণ কৰা ভাৰতীয় সেনাৰ কেপ্টেইন দীপক সিঙক বৃহস্পতিবাৰে সেনাৰ তৰফৰ পৰা অন্তিম শ্ৰদ্ধা জনোৱা হয় । জম্মুত অনুষ্ঠিত এই শ্ৰদ্ধাঞ্জলী অনুষ্ঠানত সেনাবাহিনীৰ তৰফৰ পৰা গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় ।

Tribute To Captain Deepak Singh
শ্বহীদ কেপ্টেইন দীপক সিঙক সেনাৰ শ্ৰদ্ধাঞ্জলি (Indian Army Social Media Post)

নিউজ ডেস্ক, ১৫ আগষ্ট : বুধবাৰে জম্মু বিভাগৰ ডোডা জিলাত সন্ত্ৰাসবাদীৰ সৈতে সংঘৰ্ষৰ সময়ত শ্বহীদ হয় সেনাৰ কেপ্টেইন দীপক সিং । তেওঁক শ্ৰদ্ধাঞ্জলি জনাবৰ বাবে বৃহস্পতিবাৰে পুৱা জম্মুৰ এয়াৰফ'ৰ্চ ষ্টেচনত এই অনুষ্ঠানৰ আয়োজন কৰা হয় ।

এক গাম্ভীৰ্যপূৰ্ণ পুষ্পাঞ্জলি অৰ্পণ অনুষ্ঠানত জি অ' চি হোৱাইট নাইট ক'ৰ্পছৰ লেফটেনেণ্ট জেনেৰেল নবীন সচদেৱে ভাৰতীয় সেনাৰ হৈ জীৱনৰ সৰ্বোচ্চ ত্যাগ কৰা কেপ্টেইন দীপক সিঙক অন্তিম সন্মান জনোৱাৰ উদ্দেশ্যে সেনাৰ সৰ্বোচ্চ পৰ্যায়ৰ শ্ৰদ্ধাঞ্জলি জনোৱা হয় ।

অনুষ্ঠানত উপস্থিত থকা জম্মুৰ সংমণ্ডলীয় আয়ুক্ত ৰমেশ কুমাৰ আৰু অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান (এ ডি জি পি) আনন্দ জৈনেও শ্বহীদ জোৱানগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।

"এক গাম্ভীৰ্যপূৰ্ণ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত ভাৰতীয় সেনাৰ জি অ' চি হোৱাইট নাইট ক'ৰ্পছৰ সৰ্বোচ্চ পৰম্পৰাত নিয়মত দেশৰ বাবে সৰ্বোচ্চ বলিদান দিয়া কেপ্টেইন দীপক সিঙক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় । তেওঁৰ ত্যাগক কেতিয়াও পাহৰিব নোৱাৰি ।" সেনাৰ হোৱাইট নাইট ক'ৰ্পছে অফিচিয়েল এক্স হেণ্ডেলৰ এটা পোষ্টত কয় ।

উল্লেখ্য যে বুধবাৰে জম্মু-কাশ্মীৰৰ ডোডা জিলাত সন্ত্ৰাসবাদীৰ সৈতে সংঘৰ্ষৰ সময়ত কেপ্টেইন দীপক সিং নিহত হয় । বৃহস্পতিবাৰে সেনাপ্ৰধান আৰু ভাৰতীয় সেনাৰ সকলো পদবীৰ সৰ্বাধিনায়ক জেনেৰেল উপেন্দ্ৰ দ্বিবেদীয়ে কেপ্টেইন দীপক সিঙৰ সৰ্বোচ্চ ত্যাগক অভিবাদন জনায় । লগতে জম্মু-কাশ্মীৰত কৰ্তব্যৰত অৱস্থাত প্ৰাণ আহুতি দিয়া বীৰ সৈনিকগৰাকীৰ শোকসন্তপ্ত পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰে ।

জম্মু-কাশ্মীৰৰ পাটনিটপৰ বিখ্যাত পৰ্যটন পাহাৰীয়া ৰিজ'ৰ্টৰ সৈতে সংলগ্ন ডোডা জিলাৰ আছাৰ অঞ্চলত সংঘটিত গুলীয়াগুলীত সেনাৰ কেপ্টেইন আৰু এজন সন্ত্ৰাসবাদী নিহত হয় । এই সংঘৰ্ষৰ পিচত কেপ্টেইন দীপক সিং আঘাতপ্ৰাপ্ত হয় আৰু তাৰ পিচত মৃত্যুবৰণ কৰে । সূত্ৰ অনুসৰি, কেপ্টেইন সিঙে সন্মুখৰ পৰা সেনা দলটোক নেতৃত্ব দি থকাৰ সময়তে বন্দুকৰ গুলীত আঘাতপ্ৰাপ্ত হয় । তেওঁক এখন চিকিৎসালয়লৈ স্থানান্তৰ কৰা হয় যদিও তাতেই তেওঁ শেষ নিশ্বাস ত্যাগ কৰে ।

আনহাতে, সন্ত্ৰাসবাদীৰ সৈতে সংঘটিত সংঘৰ্ষত হিৰনি গাঁৱৰ এজন নাগৰিকো আহত হয় বুলি সূত্ৰত প্ৰকাশ । নিৰাপত্তাৰক্ষীয়ে এনকাউণ্টাৰ স্থানৰ পৰা এটা এম ৪ ৰাইফল আৰু এটা একে ৪৭ জব্দ কৰে । ইফালে সন্ত্ৰাসবাদীৰ সন্ধানত ডোডাত তৃতীয়দিনাও তালাচী অভিযান অব্যাহত আছে ।

লগতে পঢ়ক :ডোডাত এনকাউণ্টাৰত শ্বহীদ কেপ্তেইন, দিল্লীত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ বৈঠক - Army Captain Killed
লগতে পঢ়ক :স্বাধীনতা দিৱস বৰ্জন নকৰিলে উৰুৱাই দিয়া হ’ব বোমাৰে: মুখ্যমন্ত্ৰী-বিধায়কক নিষিদ্ধঘোষিত সংগঠনৰ ভাবুকি - Life threatening call to CM

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.