ETV Bharat / bharat

ভাৰতীয় সেনাই ছিকিমত নিৰ্মাণ কৰিলে ৭০ ফুট দীঘল বেইলী দলং - Sikkim flood

author img

By ETV Bharat Assamese Team

Published : Jun 27, 2024, 8:29 PM IST

Natural disaster in Sikkim: প্ৰকৃতিৰ ৰোষত পৰা ছিকিমত উদ্ধাৰ অভিযান তৰান্বিত কৰাৰ উদ্দেশ্যে ভাৰতীয় সেনাই বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে ৷ এখন ৭০ ফুট দৈঘ্যৰ বেইলী দলং নিৰ্মাণ কৰিছে সেনাই ৷ যিয়ে উদ্ধাৰ অভিযানত সহায় কৰিব ৷

Natural disaster in Sikkim
Indian Army constructs Bailey bridge (PRO Defence)

তেজপুৰ, ২৭ জুন : শেহতীয়াকৈ ছিকিমত হোৱা ভয়ংকৰ বানৰ ফলত উত্তৰ-পূবৰ ৰাজ্যখনৰ বিভিন্ন স্থানত যোগাযোগ ব্যৱস্থা বিচ্ছিন্ন হৈ পৰিছে ৷ আবদ্ধ হ’বলগীয়া হৈছে বহুলোক ৷ ভাৰতীয় সেনাৰ ত্ৰিশক্তি কৰ্পছে এই অঞ্চলসমূহত যোগাযোগ ব্যৱস্থাৰ পুনৰুদ্ধাৰৰ বাবে প্ৰচেষ্টা অব্যাহত ৰখা দেখা গৈছে ৷ বানৰ পিচত পথসমূহৰ যোগাযোগ বিচ্ছিন্ন হৈ পৰা অঞ্চলত ব’ৰ্ডাৰ ৰোডছ অৰ্গেনাইজেছন চমুকৈ বি আৰ অ' আৰু স্থানীয় জিলা প্ৰশাসনৰ বিভিন্ন নিৰ্মাণ কাৰ্যক সহায় কৰি ত্ৰিশক্তি কৰ্পছৰ সেনা অভিযন্তাসকলে ডিক্চু-শংকলাং পথত ৭০ ফুট দীঘল এখন বেইলী দলং নিৰ্মাণ কৰিছে ।

সেনাই ছিকিমত নিৰ্মাণ কৰিলে ৭০ ফুট দীঘল বেইলী দলং (PRO Defence)

ধাৰাসাৰ বৰষুণ আৰু বিভিন্ন প্ৰত্যাহ্বানৰ মাজেৰে সেনাৰ অভিযন্তাসকলে যাতায়তৰ বাবে এই দলংখন ৭২ ঘণ্টাতকৈ কম সময়তে নিৰ্মাণ কৰি উলিয়াইছে বুলি জানিবলৈ দিয়ে প্ৰতিৰক্ষা মুখপাত্ৰ লেঃ কৰ্ণেল মহেন্দ্ৰ ৰাৱাটে ।

Natural disaster in Sikkim
ভাৰতীয় সেনা দলং নিৰ্মাণ (PRO Defence)

লগতে পঢ়ক: মনোমোহা ছিকিমত প্ৰচণ্ড বৰষুণ আৰু ভূমিস্খলনৰ তাণ্ডৱ: তিনিটা মৃতদেহ উদ্ধাৰ - landslides in Sikkim

তেওঁ কয় যে শেহতীয়াকৈ উত্তৰ ছিকিমত হোৱা বানৰ ফলত বহু অঞ্চলৰ পথ যোগাযোগ ব্যৱস্থা ব্যাহত হৈ পৰিছে । এই পথ আৰু দলংসমূহ পুনৰ নিৰ্মাণৰ বাবে সেনাৰ অভিযন্তাসকলে ডিকচু-শংকলাং অঞ্চলৰ ডেট খোলাত এখন বেইলী দলং নিৰ্মাণ কৰে । দলংখনৰ নিৰ্মাণৰ কাম যোৱা ২৩ জুনৰ পৰা কাম আৰম্ভ হৈছিল আৰু ৭২ ঘণ্টাৰ ভিতৰত সম্পূৰ্ণ হয় ৷ সেনাৰ জোৱান আৰু অভিযন্তাসকলে বহুতো প্ৰত্যাহ্বান আৰু প্ৰতিকূল বতৰৰ মাজতে এই কাম সমাপ্ত কৰে ৷

Natural disaster in Sikkim
৭০ ফুট দীঘল বেইলী দলং (PRO Defence)

এইখন দলঙৰ প্ৰধান বৈশিষ্ট্য হৈছে দিকচুৰ পৰা শংকলাংলৈ চুংথাং অভিমুখে যান-বাহন চলাচল কৰিব পৰাকৈ থকা একমাত্ৰ গুৰুত্বপূৰ্ণ লিংক । এই দলংখনে মংগন জিলাৰ ক্ষতিগ্ৰস্ত লোকসকলক চিকিৎসা সাহায্যকে ধৰি প্ৰয়োজনীয় সামগ্ৰী যোগান ধৰাত সহায় কৰিব বুলি ৰাৱাটে জনায় ।

Natural disaster in Sikkim
প্ৰকৃতিৰ ৰোষত ছিকিম (PRO Defence)

ৰাজ্যিক বনমন্ত্ৰী তথা দুৰ্যোগ ব্যৱস্থাপনাৰ ৰাজ্যিক সচিব পিন্টছো নামগ্যাল লেপচাই আজি উক্ত স্থান পৰিদৰ্শন কৰি ভাৰতীয় সেনাবাহিনীয়ে দলংখন দ্ৰুতগতিত সম্পূৰ্ণ কৰা কাৰ্যৰ শলাগ লয় ।

লগতে পঢ়ক: ইটানগৰত ভয়ংকৰ বান : ডাৱৰ বিস্ফোৰণ নহয় ধাৰাসাৰ বৰষুণৰ বাবেহে এই পৰিস্থিতি - Itanagar Flood

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.