ETV Bharat / bharat

ভিন্ন মেৰুত বিভক্ত ইণ্ডিয়া ব্লক; সমগ্ৰ দেশত বিজেপি বিৰোধী ভোট বিভাজনৰ সম্ভাৱনা

INDIA Block Seat Sharing : সমগ্ৰ ভাৰতৰ বহুতো গুৰুত্বপূৰ্ণ আৰু সন্মানীয় লোকসভা আসনত বিৰোধী মিত্ৰশক্তিয়ে ইজনে সিজনৰ বিৰুদ্ধে যুঁজ দি আছে । যাৰ দ্বাৰা অৱশ্যেই বিজেপি বিৰোধী ভোট বিভাজন কৰিব পাৰে । আনহাতে, ইণ্ডিয়া ব্লকৰ কেইবাজনো নেতাই কংগ্ৰেছক ইয়াৰ অহংকাৰ আৰু অসামঞ্জস্যহীন মনোভাবৰ বাবে সমালোচনা কৰি আহিছে ।

author img

By ETV Bharat Assamese Team

Published : Mar 21, 2024, 6:42 AM IST

Updated : Mar 21, 2024, 8:07 AM IST

সমগ্ৰ দেশত বিজেপি বিৰোধী ভোট বিভাজনৰ সম্ভাৱনা

নিউজ ডেস্ক, ২১ মাৰ্চ : লোকসভা নিৰ্বাচন সমাগত । শাসক-বিৰোধী উভয়ে ইতিমধ্যে নিৰ্বচনী প্ৰচাৰ জোৰদাৰ কৰি তুলিছে । কিন্তু দেশৰ কেইবাখনো গুৰুত্বপূৰ্ণ লোকসভা আসনত ইণ্ডিয়া ব্লকৰ দলসমূহৰ কেন্দ্ৰীয় নেতৃত্বই কোনো বুজাবুজিত উপনীত হোৱাত ব্যৰ্থ হৈছে । আনহাতে, তেওঁলোকৰ ইজনে সিজনৰ বিৰুদ্ধে যুঁজৰ ফলত বিজেপি বিৰোধী ভোট বিভাজন হোৱাৰ সম্ভাৱনা আছে ।

কেৰালাৰ তিৰুৱন্তপুৰমৰ কংগ্ৰেছ প্ৰাৰ্থী শশী থাৰুৰে ভাৰতীয় কমিউনিষ্ট পাৰ্টীৰ (চিপিআই) বিৰুদ্ধে নিজ দলৰ পান্নিয়ান ৰবীন্দ্ৰনক প্ৰাৰ্থিত্ব প্ৰদান কৰি বিজেপি বিৰোধী ভোট বিভাজন কৰাৰ অভিযোগ উত্থাপন কৰিছে ।

থাৰুৰে লোকসভাত বিগত ১৫ বছৰ ধৰি তিৰুৱন্তপুৰমক প্ৰতিনিধিত্ব কৰি আহিছে আৰু তেওঁ চতুৰ্থটো কাৰ্যকালৰ এক অভিলেখ সৃষ্টিৰ দিশে লক্ষ্য ৰাখিছে । উল্লেখ্য যে কেন্দ্ৰীয় দক্ষতা বিকাশ আৰু উদ্যোগ আৰু ইলেক্ট্ৰ'নিক্স আৰু তথ্য প্ৰযুক্তি ৰাজ্যিক মন্ত্ৰী ৰাজীৱ চন্দ্ৰশেখৰ এই সন্মানীয় আসনখনৰ বাবে বিজেপিৰ প্ৰাৰ্থী ।

একেদৰে, ভাৰতীয় কমিউনিষ্ট পাৰ্টীয়ে (চিপিআই-মাৰ্ক্সবাদী) কংগ্ৰেছক অসমৰ বৰপেটা লোকসভা আসনৰ পৰা প্ৰাৰ্থী দীপ বায়নক প্ৰত্যাহাৰ কৰিবলৈ আহ্বান জনাইছে । কিয়নো বাঁওপন্থী দলটোৱে অসম গণ পৰিষদ (অগপৰ) ফণীভূষণ চৌধুৰীৰ বিৰুদ্ধে যুঁজ দিবলৈ অসম বিধানসভাৰ বৰ্তমানৰ বিধায়ক মনোৰঞ্জন তালুকদাৰক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে । অসমত বিজেপিৰ সহযোগী হৈছে অগপ । কংগ্ৰেছে ইয়াৰ বৰ্তমানৰ সাংসদ আব্দুল খালেকক টিকট দিয়াৰ পৰা বিৰত আছে ।

অৱশ্যে এক উল্লেখযোগ্য ঘটনাক্ৰমত দলটোৱে তেওঁক টিকট নিদিয়াৰ ফলত কংগ্ৰেছৰ পৰা পদত্যাগ পত্ৰ দাখিল কৰা খালেকে বুধবাৰে তেওঁৰ পদত্যাগ প্ৰত্যাহাৰ কৰে ।

"মই পদত্যাগ পত্ৰ দাখিল কৰাৰ পিচত মোক কে চি বেণুগোপাল, ছোনিয়া গান্ধীৰ কাৰ্যালয় আৰু কংগ্ৰেছ অধ্যক্ষ ছোনিয়া গান্ধীয়ে যোগাযোগ কৰিছিল । তেওঁলোকৰ অনুৰোধৰ পিচত মই মোৰ পদত্যাগ প্ৰত্যাহাৰ কৰিছোঁ ।" খালেকে ইটিভি ভাৰতক কয় ।

আনহাতে, অল ইণ্ডিয়া ইউনাইটেড ডেম'ক্ৰেটিক ফ্ৰণ্টৰ (এআইইউডিএফ) জ্যেষ্ঠ নেতা আমিনুল ইছলামৰ মতে, যদি বিৰোধীয়ে ঐক্যবদ্ধভাৱে যুঁজ দিলেহেঁতেন, তেন্তে ভাল হ'লহেঁতেন ।

"কেৱল কংগ্ৰেছ দলৰ অহংকাৰৰ বাবেই বিৰোধী দলবোৰে ইজনে সিজনৰ বিৰুদ্ধে যুঁজ দি আছে । কংগ্ৰেছে ত্যাগ কৰিব নোৱাৰে আৰু আঞ্চলিক দলসমূহক স্থান দিব নোৱাৰে, যিটো দুৰ্ভাগ্যজনক ।" ইছলামে কয় ।

আটাইতকৈ বিড়ম্বনাৰ বিষয় হ'ল, পশ্চিমবংগতো টিএমচি, কংগ্ৰেছ আৰু বাঁওপন্থী দলকে ধৰি ইণ্ডিয়া ব্লকৰ মিত্ৰশক্তিৰ মাজত কোনো বুজাবুজি হোৱা নাই, যাৰ ফলত তেওঁলোকে তেওঁলোকৰ নিজৰ নিজৰ প্ৰাৰ্থী প্ৰদান কৰিছে ।

শাসনাধিষ্ঠিত তৃণমূল কংগ্ৰেছে (টিএমচি) দেশৰ তৃতীয় সৰ্বাধিক সাংসদৰ অংশ থকা গুৰুত্বপূৰ্ণ ৰাজ্যখনত মিত্ৰতাৰ বাবে কংগ্ৰেছৰ প্ৰস্তাৱ নাকচ কৰিছিল ।

"এনে ধৰণৰ পাৰ্থক্য আৰু সংঘৰ্ষ অৱধাৰিত আছিল । আন সকলো ইণ্ডিয়া ব্লক মিত্ৰশক্তিৰ মাজত ডাঙৰ দল কংগ্ৰেছে তৃণমূলৰ বাস্তৱ পৰিস্থিতি বুজি পোৱাৰ প্ৰয়োজন আছিল । তেওঁলোকে আসন ভাগ-বতৰাৰ সূত্ৰত আন দলবোৰক স্থান দিব লাগিছিল । কিন্তু তেওঁলোকে আনৰ বাবে চিন্তা কৰা নাছিল ।" প্ৰাক্তন সাংসদ তথা চিপিএমৰ কেন্দ্ৰীয় সমিতিৰ সদস্য হান্নান মোল্লাই আমাৰ সংবাদদাতাক কয় ।

উল্লেখ্য যে ইমানৰ মাজতো শেহতীয়াকৈ ইণ্ডিয়া ব্লকৰ দলবোৰে বিজেপিৰ বিৰুদ্ধে ঐক্যবদ্ধ যুঁজ দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে ।

লগতে পঢ়ক :বিজেপিৰ বিৰুদ্ধে কংগ্ৰেছৰ মহা-অভিযোগনামা

Last Updated : Mar 21, 2024, 8:07 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.