নেশ্যনেল ডেস্ক,২৫ আগষ্ট : চৰকাৰে বিহাৰত যথেষ্ট উন্নয়নৰ প্ৰতিশ্ৰুতি দি আহিছে । কিন্তু এয়া কেৱল প্ৰতিশ্ৰুতি হৈয়ে থাকিল ! কিয়নো এতিয়াও ৰাজ্যখনৰ বিভিন্ন অঞ্চলত নাই পকী পথ, নাই দলং । যাৰ বাবে নৈৰ মাজেৰে প্ৰতিদিনে বিপদসংকুলভাৱে একাংশ শিক্ষাৰ্থীয়ে বিদ্যালয়লৈ যাবলগীয়া হৈছে । ৰাজধানী পাটনাতে এই দৃশ্য এতিয়া সুলভ । পাটনাৰ বাংকিপুৰ অঞ্চলত একাংশ শিক্ষাৰ্থীয়ে নিতৌ বিপদজনকভাৱে গংগা পাৰ হ'ব লাগে । গংগাৰ জলস্তৰ বৃদ্ধি হোৱাৰ লগে লগে শিক্ষাৰ্থী তথা অঞ্চলটোৰ লোকসকল উদ্বিগ্ন হৈ পৰিছে ।
ব্যক্তিগত নাওৱেই একমাত্ৰ ভৰসা
বিহাৰৰ ৰাজধানী চহৰৰ নৈপৰীয়া অঞ্চলৰ বেছিভাগ শিক্ষাৰ্থীয়ে ঘৰ আৰু বিদ্যালয়ৰ মাজৰ যাত্ৰাত দৈনিক দুৰ্দশাৰ সন্মুখীন হয় । এখন দলঙৰ অভাৱৰ বাবে নিতৌ শ শ লোক তথা শিক্ষাৰ্থীয়ে বিপদজনকভাৱে নাৱেৰে যাত্ৰা কৰিবলগীয়া হয় ।
ইফালে গংগাৰ জলস্তৰ বৃদ্ধি হোৱাৰ লগে লগে নাওবোৰে যাত্ৰীসকলৰ সৈতে বিপদজনকভাৱে যাত্ৰা কৰিবলগীয়া হৈছে । লোকসকলে দীৰ্ঘদিন ধৰি এখন দলঙৰ দাবী জনাই আহিছে । কিন্তু প্ৰশাসন তথা চৰকাৰে এই ক্ষেত্ৰত কোনো গুৰুত্ব দিয়া নাই । যাৰ বাবে তেওঁলোকে পৰিবহণৰ বাবে একমাত্ৰ ভৰসা হিচাপে ব্যক্তিগত নাও ব্যৱহাৰ কৰিবলগীয়া হৈছে । স্থানীয় লোকসকলে দাবী কৰিছে যে ঘাটত প্ৰশাসনে কোনো নাৱৰ ব্যৱস্থা কৰা নাই । লগতে নাও যাত্ৰাৰ সময়ত যাত্ৰীসকলৰ সুৰক্ষাৰ ক্ষেত্ৰতো কোনো ব্যৱস্থা নাই । ইফালে এই অন্তঘাট পাটনা এছএছপি কাৰ্যালয়ৰ পৰা মাত্ৰ এক কিলোমিটাৰ দূৰত্বত আৰু ডিএমৰ কাৰ্যালয়ৰ পৰা ২ কিলোমিটাৰ দূৰত্বত অৱস্থিত ।
শিক্ষাৰ্থীৰ বিপদসংকুল যাত্ৰা
বিপদসংকুল যাত্ৰাৰ কথা উল্লেখ কৰি এগৰাকী ছাত্ৰীয়ে কয় যে গংগা নদীৰ জলস্তৰ যথেষ্ট বৃদ্ধি পাইছে আৰু অহা-যোৱা কৰাটো অতি ভয়ানক হৈ পৰিছে । একাংশ যাত্ৰীয়ে উল্লেখ কৰা মতে তেওঁলোকৰ গাঁওখন গংগা নদীৰ পাৰত আৰু ৰাজধানী চহৰৰ পৰা মাত্ৰ ৫ কিলোমিটাৰ দূৰত অৱস্থিত । অৱশ্যে, নদীৰ জলস্তৰ বৃদ্ধি হোৱাৰ লগে লগে নাৱেৰে এই যাত্ৰা অতি দীঘলীয়া হৈ পৰে । তেওঁলোকে জনোৱা মতে গাঁওখনত কোনো বিদ্যালয় বা আন কোনো চৰকাৰী কাৰ্যালয় নাই । যাৰ বাবে গাঁৱৰ বাসিন্দাসকলে যিকোনো প্ৰয়োজনৰ বাবে গংগা নদী পাৰ হ'ব লাগে ।
ইফালে শিক্ষাৰ্থীসকলৰ বিপদসংকুল যাত্ৰাৰ কথা গম পাই শেহতীয়াকৈ শিক্ষা বিভাগে সকলো জিলা বিষয়াক শিক্ষক আৰু শিক্ষাৰ্থীসকলে বিদ্যালয়ত উপস্থিত হ'বলৈ ব্যৱহাৰ কৰা এনে নদী ঘাট চিনাক্ত কৰিবলৈ নিৰ্দেশ দিছিল । সেই ঠাইবোৰত ডুবাৰু মোতায়েনৰো নিৰ্দেশনা দিয়া হৈছে । নাৱত অত্যধিক বোজা আৰু সুৰক্ষা সঁজুলিৰ উপলব্ধতা নিৰীক্ষণ কৰিবলৈও নিৰ্দেশনা দিয়া হৈছিল । কিন্তু এতিয়ালৈ এই নিৰ্দেশনা কেৱল নিৰ্দেশনা হৈয়ে থাকিল । প্ৰশাসনে এতিয়ালৈ কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ ৰাইজৰ ।