ETV Bharat / bharat

এক ৰাষ্ট্ৰ, এক নিৰ্বাচন ধাৰণাৰ বিৰোধিতা দেশৰ ১৫ টা ৰাজনৈতিৰ দলৰ

One nation one election report: এক ৰাষ্ট্ৰ, এক নিৰ্বাচন সম্পৰ্কীয় উচ্চ পৰ্যায়ৰ সমিতিয়ে বৃহস্পতিবাৰে ৰাষ্ট্ৰপতিক প্ৰতিবেদন প্ৰদান কৰে । ৩২ টা দলে ইয়াক সমৰ্থন কৰিছে । বাকী ১৫ টা দলে এই ধাৰণাটোৰ বিৰোধিতা কৰিছে । কংগ্ৰেছৰ মতে ই অব্যৱহাৰিক আৰু ৰাজনৈতিক কৌশলৰ অংশ ।

One nation one election report
এক ৰাষ্ট্ৰ, এক নিৰ্বাচন ধাৰণাৰ বিৰোধিতা দেশৰ ১৫ টা ৰাজনৈতিৰ দলৰ
author img

By ETV Bharat Assamese Team

Published : Mar 14, 2024, 6:09 PM IST

নেশ্যনেল ডেস্ক,১৪ মাৰ্চ : প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ নেতৃত্বত উচ্চ পৰ্যায়ৰ সমিতিয়ে বৃহস্পতিবাৰে প্ৰথম পদক্ষেপ হিচাপে লোকসভা আৰু ৰাজ্যিক বিধানসভাসমূহৰ বাবে একেলগে নিৰ্বাচন অনুষ্ঠিত কৰাৰ পৰামৰ্শ দিয়ে । লগতে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ ওচৰত দাখিল কৰে 'এক ৰাষ্ট্ৰ, এক নিৰ্বাচন' সন্দৰ্ভত প্ৰতিবেদন ।

প্ৰায় ৪৭ টা ৰাজনৈতিক দলে একে সময়তে নিৰ্বাচনৰ ওপৰত সমিতিক তেওঁলোকৰ মতামত দিয়ে । যাৰ ভিতৰত ৩২ টা দলে ইয়াক সমৰ্থন কৰে । আনহাতে বাকী ১৫ টা দলে এই ধাৰণাটোৰ বিৰোধিতা কৰে । বিজেপি নেতৃত্বাধীন এনডিএৰ অংশ বিজেপি আৰু কনৰাড চাংমা নেতৃত্বাধীন নেচনেল পিপলছ পাৰ্টী (এনপিপি) আছিল একমাত্ৰ দুটা ৰাষ্ট্ৰীয় দল যি এই ধাৰণাক সমৰ্থন কৰিছে ।

কংগ্ৰেছ, বহুজন সমাজ পাৰ্টী (বিএছপি), আম আদমি পাৰ্টী (আপ), আৰু ভাৰতীয় কমিউনিষ্ট পাৰ্টী (মাৰ্ক্সবাদী) হৈছে ৪ টা স্বীকৃত ৰাষ্ট্ৰীয় দল যি ইয়াৰ বিৰোধিতা কৰিছে । ৬২ টা ৰাজনৈতিক দলৰ পৰা মতামত বিচৰা হৈছিল আৰু যোৱা কেইবাটাও মাহত বিষয়টোক লৈ কেইবাটাও পৰ্যায়ত আলোচনা হৈছিল ।

১৫ টা দলে ইয়াৰ বিৰোধিতা কৰি কয় যে ই সংবিধানৰ মৌলিক গাঁথনি উলংঘা কৰিব পাৰে । আনহাতে গণতান্ত্ৰিক বিৰোধী, ফেডাৰেল বিৰোধী, আঞ্চলিক দলসমূহক প্ৰান্তীয় কৰি তুলিব আৰু ৰাষ্ট্ৰীয় দলসমূহৰ আধিপত্যক উৎসাহিত কৰিব আৰু ৰাষ্ট্ৰপতিৰ প্ৰকাৰৰ চৰকাৰ লৈ যাব বুলি চিন্তা কৰি দলসমূহে এই নিৰ্বাচনৰ বিৰোধিতা কৰে ।

এক ৰাষ্ট্ৰ, এক নিৰ্বাচনক সমৰ্থন কৰা দলসমূহৰ ভিতৰত আছে বিজেপি, এনপিপি, এআইএডিএমকে, অল ঝাৰখণ্ড ছাত্ৰ সন্থা (এজেএছইউ), আপনা দল (সোণেইলাল), অসম গণ পৰিষদ, লোক জনশক্তি পাৰ্টী (আৰ), ৰাষ্ট্ৰীয় গণতান্ত্ৰিক প্ৰগতিশীল দল (নাগালেণ্ড), ছিকিম ক্ৰান্তিকাৰী মৰ্চা, মিজো নেচনেল ফ্ৰণ্ট আৰু ইউনাইটেড পিপলছ পাৰ্টী লিবাৰেল অফ আসাম; জেডি(ইউ), বিজু জনতা দল, শিৱসেনা আৰু অকালি দল ।

আনহাতে বিৰোধিতা কৰা দলবোৰৰ ভিতৰত ৪ টা স্বীকৃত দলৰ উপৰিও আছে এআইইউডিএফ, তৃণমূল কংগ্ৰেছ, এআইএমআইএম, চিপিআই, ডিএমকে, নাগা পিপলছ ফ্ৰণ্ট (এনপিএফ) আৰু সমাজবাদী পাৰ্টি (এছপি) । সমিতিখনৰ প্ৰতি সঁহাৰি নিদিয়া দলবোৰ হৈছে ভাৰত ৰাষ্ট্ৰ সমিতি, আইইউএমএল, জে এণ্ড কে নেচনেল কনফাৰেন্স, জেডি(এছ), ঝাৰখণ্ড মুক্তি মৰ্চা, কেৰালা কংগ্ৰেছ (এম), এনচিপি, আৰজেডি, ৰিভলিউচনৰী ছ'চিয়েলিষ্ট পাৰ্টী (আৰএছপি), টিডিপি আৰু আৰএলডি আৰু ৱাইএছআৰচিপি ।

সমিতিখনে ৰাষ্ট্ৰপতিক প্ৰতিবেদন দাখিল কৰাৰ পিচতে কংগ্ৰেছ, শিৱসেনা ইউবিটি আৰু চিপিআইয়ে বৃহস্পতিবাৰে কেন্দ্ৰৰ 'এক ৰাষ্ট্ৰ, এক নিৰ্বাচন'ৰ ধাৰণাটো তীব্ৰ সমালোচনা কৰে । লোকসভা নিৰ্বাচনৰ পূৰ্বে এই প্ৰস্তাৱটো অব্যৱহাৰিক আৰু বিজেপিৰ ৰাজনৈতিক কৌশল হিচাপে বিৰোধী দলসমূহে দাবী কৰে ।

উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা বিবেক তানখাই ইটিভি ভাৰতক কয় যে ই কেৱল ধাৰণা স্তৰতে ভাল । এইটো ৱেষ্টমিনষ্টাৰ আৰ্হিৰ ওপৰত আধাৰিত সংসদীয় গণতন্ত্ৰৰ বৰ্তমানৰ ব্যৱস্থাৰ অধীনত ৰূপায়ণ কৰিব নোৱাৰি । চৰকাৰে সংবিধান সংশোধন কৰিব লাগিব যাৰ বাবে সংসদৰ দুয়োখন সদনত দুই তৃতীয়াংশ সংখ্যাগৰিষ্ঠতাৰ প্ৰয়োজন হ'ব ।

নেতাগৰাকীৰ মতে লোকসভা নিৰ্বাচনৰ পূৰ্বে এয়া মাত্ৰ এটা ৰাজনৈতিক কৌশল । প্ৰধানমন্ত্ৰীয়ে এনে শ্ল'গান ভাল পায় বুলিও তেওঁ উল্লেখ কৰে । তেওঁ লগতে কয় যে এই সমিতিৰ সকলো সদস্যই এই ধাৰণাটোৰ প্ৰতি সহানুভূতিশীল আছিল । সেয়েহে তেওঁলোকে ইয়াক সমৰ্থন কৰিব লগা হৈছিল । কংগ্ৰেছ নেতাগৰাকীয়ে নিৰ্ধাৰিত তাৰিখত দেশৰ লোকসভা, বিধানসভা আৰু পৌৰসভা নিৰ্বাচন একত্ৰিত কৰাৰ সমিতিৰ প্ৰস্তাৱৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে ।

যদি চৰকাৰে সংবিধান সলনি কৰি ইয়াক কোনোপ্ৰকাৰে কাৰ্যকৰী কৰে তেনেহ'লে তেওঁলোকে নিশ্চিত কৰিব পাৰিবনে যে পৰৱৰ্তী নিৰ্বাচন একে হ'ব ? পূৰ্বে ৰাজনৈতিক আকস্মিকতাৰ বাবে স্নেপ নিৰ্বাচন অনুষ্ঠিত হৈছিল আৰু বিধানসভাবোৰো মধ্য-ম্যাদীভাৱে ভংগ কৰা হৈছিল । যদি ভৱিষ্যতে একে ধৰণৰ পৰিস্থিতি আহে তেন্তে কি হ'ব বুলি তানখাই প্ৰশ্ন কৰে ।

তানখাৰ মতে আনকি ৰাষ্ট্ৰপতিৰ ভূমিকাৰ বাবেও তেওঁলোকে সংবিধান সংশোধন কৰিব লাগিব । ৰাজ্যসভাৰ সাংসদ তথা শিৱসেনাৰ জ্যেষ্ঠ উদ্ধৱ ঠাকৰে গোটৰ নেতা প্ৰিয়ংকা চতুৰ্বেদীৰ মতে এক ৰাষ্ট্ৰ এক নিৰ্বাচনী ধাৰণাটোৱে ভাৰতীয় ৰাজনৈতিক ব্যৱস্থাৰ ভিত্তিগত বাস্তৱতাক বিবেচনা নকৰে । চতুৰ্বেদীৰ মতে এক ৰাষ্ট্ৰ এক নিৰ্বাচনৰ ধাৰণাটো ভাল লাগিব পাৰে কিন্তু ই ব্যৱহাৰিক নহয় । তেওঁ প্ৰশ্ন কৰে যে শেহতীয়াকৈ গঠন কৰা বিধানসভাসমূহক ভংগ হ'বলৈ আৰু তেওঁলোকৰ বাকী থকা কাৰ্যকাল সম্পূৰ্ণ নকৰাকৈ পুনৰ নিৰ্বাচন বিচাৰিবলৈ আপুনি কেনেদৰে সৈমান কৰিব ?

তেওঁ কয় যে এনে পৰিস্থিতিত লজিষ্টিকৰ এক সমস্যা আছে । এনেদৰে নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ পৰ্যাপ্ত সংখ্যক ইভিএম থকা আৰু ইয়াৰ বাবে প্ৰয়োজনীয় সহায়ক কৰ্মচাৰী আৰু নিৰাপত্তাৰ প্ৰয়োজন । তেওঁ উল্লেখ কৰা মতে বিৰোধীয়ে নিৰ্বাচনত স্বচ্ছতা নিশ্চিত কৰিবলৈ দীৰ্ঘদিন ধৰি ইভিএম ফলাফলৰ সৈতে ভিভিপিএটি স্লিপ মিলাবলৈ দাবী কৰি আহিছে কিন্তু নিৰ্বাচন আয়োগে এতিয়ালৈকে কোনো সঁহাৰি দিয়া নাই । তেওঁলোকে কেনেকৈ এক ৰাষ্ট্ৰ, এক নিৰ্বাচন ৰূপায়ণ কৰিব বুলিও তেওঁ প্ৰশ্ন কৰে ।

শিৱসেনাৰ উদ্ধৱ ঠাকৰে গোটৰ নেতাগৰাকীয়ে মহিলা সংৰক্ষণ আইনৰ বিষয়টোক লৈ কেন্দ্ৰ আৰু বিজেপিক অধিক সমালোচনা কৰে । চতুৰ্বেদীয়ে কয় যে যদি আপুনি এক ৰাষ্ট্ৰ, এক নিৰ্বাচনক লৈ ইমান উৎসাহিত হয়, তেন্তে আপুনি এই লোকসভা নিৰ্বাচনৰ পৰা মহিলা সংৰক্ষণ বিধেয়ক কাৰ্যকৰী কৰাৰ ক্ষেত্ৰতো একেই তাৎক্ষণিকতা প্ৰদৰ্শন কৰিব পাৰিলেহেঁতেন । কিন্তু সেয়া হোৱা নাছিল কিয়নো ই অসুবিধাজনক আছিল ।

ইফালে চিপিআই নেতা ডি ৰাজাই কয় যে তেওঁলোক এই ধাৰণাটোৰ বিৰোধী কিয়নো ই বহুদলীয় গণতন্ত্ৰ আৰু বৈচিত্ৰময় দেশত সংবিধানৰ সৈতে খাপ নাখায় । ইয়াৰ পৰিৱৰ্তে, চৰকাৰে ব্যাপক নিৰ্বাচনী সংস্কাৰৰ ওপৰত গুৰুত্ব দিয়া উচিত বুলি তেওঁ দাবী কৰে ।

লগতে পঢ়ক :এক ৰাষ্ট্ৰ এক নিৰ্বাচন, ৰামনাথ কোবিন্দৰ নেতৃত্বৰ সমিতিৰ প্ৰতিবেদন দাখিল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.