ETV Bharat / bharat

পুলৱামাত আইইডিসহ বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ - IED recovered - IED RECOVERED

IED recovered : পুলৱামাত এলইটিৰ দুই সন্ত্ৰাসবাদী নিহত হোৱাৰ পিচৰে পৰা অভাৰ-গ্ৰাউণ্ড কৰ্মীৰ বিৰুদ্ধে অভিযান অব্যাহত আছে । তেনে অভিযানৰ মাজতে এজন লোকে লুকুৱাই থোৱা আইইডি আৰু বিস্ফোৰক সামগ্ৰী উদ্ধাৰ । ৩ জন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ।

IED recovered
পুলৱামাত আইইডিসহ বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ (ANI)
author img

By ANI

Published : Jun 11, 2024, 7:08 AM IST

নেশ্যনেল ডেস্ক, ১১ জুন : জম্মু-কাশ্মীৰৰ পুলৱামাত নিৰাপত্তা বাহিনীয়ে বিস্ফোৰক সামগ্ৰীসহ আইইডি উদ্ধাৰ কৰিবলৈ সক্ষম হয় । প্লাষ্টিকেৰে বান্ধি থোৱা অৱস্থাত আছিল বিস্ফোৰক সমাগ্ৰীখিনি । সামগ্ৰীখিনিৰ পৰিমাণ প্ৰায় ৬ কিলোগ্ৰাম হ'ব বুলি জানিব পৰা গৈছে । এই বিস্ফোৰক সামগ্ৰীখিনি শেহতীয়াকৈ নিহত এলইটিৰ অভাৰ-গ্ৰাউণ্ড কৰ্মী কমাণ্ডাৰ ৰিয়াজ দাৰ আৰু তেওঁৰ সহযোগী ৰায়ছ দাৰৰ আছিল বুলি সন্দেহ কৰা হৈছে ।

পুলৱামা আৰক্ষী, সেনা আৰু চিআৰপিএফৰ যুটীয়া বেষ্টনী আৰু তালাচী অভিযানৰ পিচতে এই বিস্ফোৰক সামগ্ৰীখিনি উদ্ধাৰ কৰা হয় । আৰক্ষীয়ে এক প্ৰেছ বিজ্ঞপ্তিত এই কথা উল্লেখ কৰিছে । ২ আৰু ৩ জুনৰ মাজনিশা সংঘটিত এক গুলীচালনাৰ ঘটনাত নিৰাপত্তা বাহিনীৰ হাতত নিহত হয় এলইটিৰ কমাণ্ডাৰ ৰিয়াজ দাৰ আৰু ৰায়ছ দাৰ ।

সন্ত্ৰাসবাদীকেইটাক নিষ্ক্ৰিয় কৰাৰ পিচতে অঞ্চলটোত তীব্ৰ তালাচী আৰম্ভ কৰা হয় । এই অভিযানৰ মাজতে জানিব পৰা গৈছিল যে তাত অভাৰ-গ্ৰাউণ্ড কৰ্মীৰ এক গুৰুত্বপূৰ্ণ নেটৱৰ্ক আছে । সেই কৰ্মীসকলে সন্ত্ৰাসবাদীসকলক আশ্ৰয় আৰু লজিষ্টিক প্ৰদান কৰি আহিছিল । পৰৱৰ্তী সময়ত আৰক্ষীয়ে তাৰ পৰা বিলাল আহমেদ লোন, ছাজাদ গানী আৰু শাকিৰ বছিৰ নামৰ তিনিজন লোককো গ্ৰেপ্তাৰ কৰা হয় ।

অনুসন্ধানত এইটোও প্ৰকাশ পাইছে যে নিহত সন্ত্ৰাসবাদী দুটাই আইইডি নিৰ্মাণ কৰিছিল । যিবোৰ শাকিৰ বছিৰৰ বাগিচাৰ পৰা উদ্ধাৰ কৰা হৈছিল । প্ৰেছ বিজ্ঞপ্তিত কোৱা হৈছে যে উক্ত আইইডিবোৰ বিস্ফোৰক সামগ্ৰীৰ সৈতে প্লাষ্টিকৰ পাত্ৰত বান্ধি ৰখা হৈছিল আৰু সক্ৰিয় চাৰ্কিট ট্ৰিগাৰ মেকানিজম আছিল । পিচত পুলৱামা আৰক্ষী আৰু সেনাই ইয়াক চিটুত নিষ্ক্ৰিয় কৰে ।

অভিযানটোৰ সময়ত একে-৪৭ ৰাইফল, একে-৪৭ ৰাউণ্ড, পিষ্টল আদিকে ধৰি বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদো উদ্ধাৰ কৰা হয় । এই সন্দৰ্ভত পুলৱামা আৰক্ষীয়ে প্ৰকাশ কৰা প্ৰেছ বিজ্ঞপ্তিত কোৱা হৈছে যে এই সন্দৰ্ভত আৰক্ষী থানা কাকাপোৰাত ৩০৭ আইপিচি, ৭/২৭ অস্ত্ৰ আইন, ১৬,১৮,১৯,২০,৩৮ ইউএপিএ ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰা হৈছে ।

লগতে পঢ়ক :কুকি-মেইটেইৰ মাজত পুনৰ সংঘৰ্ষৰ ফলত অগ্নিগৰ্ভা মণিপুৰ, কাছাৰত আশ্ৰয় বিচাৰি প্ৰৱেশ ৫ শতাধিকৰ - MANIPUR VIOLENCE

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.