ETV Bharat / bharat

নক্সালৰ আক্ৰমণ: সুকমাত আই ই ডি বিস্ফোৰণত ছহিদ দুজন জোৱান - Naxalite attack

IED blast in Jagargunda: ৰঙা সন্ত্ৰাসৰ ক’লা মুখখন আকৌ এবাৰ বস্তাৰৰ ৰাইজৰ সন্মুখত আবিৰ্ভাৱ হৈছে । সুকমাৰ জাগৰগুণ্ডাৰ চিলগাৰ কেম্পৰ সমীপত নক্সালবাদীয়ে আই ই ডি বিস্ফোৰণ ঘটায় । নক্সালবাদীৰ বিস্ফোৰণত ছহিদ হয় কোব্ৰা বেটেলিয়নৰ দুজন জোৱান ।

NAXALITE ATTACK
IED blast in Jagargunda (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Jun 23, 2024, 8:12 PM IST

নিউজ ডেস্ক, 23 জুন: চত্তীশগড়ৰ সুকমা জিলাৰ জাগৰগুণ্ডা থানাৰ অন্তৰ্গত চিলগাৰ সেনা কেম্পৰ সমীপত মাওবাদীৰ আক্ৰমণ ৷ এই আক্ৰমণত কোব্ৰা বেটেলিয়নৰ দুজন জোৱান ছহিদ হয় । জোৱানক লক্ষ্য কৰি মাওবাদীয়ে পথত আই ই ডি স্থাপন কৰিছিল । জোৱানসকলে আই ই ডিৰ ৰেঞ্জলৈ অহাৰ লগে লগে বিস্ফোৰণ ঘটে । নক্সালবাদীৰ এই বিস্ফোৰণত কোব্ৰা বেটেলিয়নৰ দুজন জোৱানে প্ৰাণ হেৰুৱায় । ছহিদ জোৱান দুজন হৈছে চালক বিষ্ণু আৰু কনিষ্টবল শৈলেন্দ্ৰ । বাহনখনত যাত্ৰা কৰা বাকী জোৱানসকলৰ অৱশ্যে কোনো হানি-বিঘিনি হোৱা নাই বুলি জানিব পৰা গৈছে ।

IED blast in Jagargunda
মাওবাদীৰ আক্ৰমণ (ETV Bharat)

টিম্মাপুৰত ছহিদ দুজন জোৱান: ছহিদ জোৱান দুজনৰ মৃতদেহ লৈ জিলা সদৰত উপস্থিত হৈছে বাহিনীটো । সুকমাৰ আৰক্ষী অধীক্ষক কিৰণ চাভানে নিজেই এই কথা নিশ্চিত কৰিছে । ঘটনাৰ পিচতে অঞ্চলটোত তালাচী অভিযান তীব্ৰতৰ কৰি তোলা হৈছে । বস্তাৰত চলি থকা নক্সাল বিৰোধী অভিযানৰ বাবে অহৰহ চাপত পৰিছে নক্সালবাদী ।

লগতে পঢ়ক: নক্সাল বিৰোধী অভিযানত নিহত 7 নক্সালবাদী - Operation against Naxal

"আজি বিয়লি সুকমা জিলাৰ জাগৰগুণ্ডা থানা এলেকাৰ চিলগাৰ কেম্প আৰু টেকালগুডাম কেম্পৰ মাজত টিম্মাপুৰত নক্সালবাদীয়ে এম্বুশ্ব কৰি আই ই ডি বিস্ফোৰণ সংঘটিত কৰে । এই বিস্ফোৰণত ছহিদ হৈছে নিৰাপত্তাৰ কামত নিয়োজিত দুজন জোৱান । দুয়োজন ছহিদ জোৱান কোব্ৰা বেটেলিয়নৰ আছিল । ছহিদ জোৱানৰ ভিতৰত আছে চালক বিষ্ণু আৰু কনিষ্টবল শৈলেন্দ্ৰ । ঘটনা সন্দৰ্ভত তথ্য পোৱাৰ লগে লগে বাহিনীক সেই স্থানলৈ প্ৰেৰণ কৰা হয় । ছহিদ জোৱান দুজনৰ মৃতদেহ জিলা সদৰলৈ অনা হৈছে । নক্সালবাদীক গ্ৰেপ্তাৰ কৰিবলৈ অঞ্চলটোত ব্যাপক তালাচী অভিযান চলোৱা হৈছে ।'' সুকমাৰ এছ পি কিৰণ চাভানে কয় ।

লগতে পঢ়ক: এনকাউণ্টাৰত শীৰ্ষস্থান দখল ছত্তীশগড় আৰক্ষীৰ : পাঁচ মাহত নিহত শতাধিক নক্সাল - Red terror in Chhattisgarh

ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী বিষ্ণু দেও সাইয়ে কয়, "আমি নক্সালবাদৰ বিৰুদ্ধে শক্তিশালী যুঁজ দিছো ৷ হতাশাত তেওঁলোকে বহু ঠাইত এই ধৰণৰ অপৰাধ সংঘটিত কৰিছে ।"

নক্সাল বিৰোধী অভিযানৰ বাবেই বেক্ ফুটলৈ গৈছে নক্সালবাদী: বস্তাৰত নক্সালবাদীৰ বিৰুদ্ধে অবিৰত জ্বলন্ত অভিযানৰ বাবে মাওবাদীসকলৰ মাজত শংকাৰ পৰিৱেশ । বৃহৎ সংখ্যক নক্সালবাদীয়েও আত্মসমৰ্পণ কৰিছে । বাষ্টৰত চলি থকা অভিযানৰ বাবে ক্ষুব্ধ নক্সালবাদীয়ে প্ৰতিশোধ ল’বলৈ এনে কাণ্ড সংঘটিত কৰিছে ।

লগতে পঢ়ক: মাওবাদী আৰু নিৰাপত্তা বাহিনীৰ সংঘৰ্ষ; ৮ টা মাওবাদীৰ মৃতদেহ উদ্ধাৰ - Narayanpur Maoist encounter

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.