ETV Bharat / bharat

মই এজন বিজেপি কেডাৰ, মোৰ কৰ্তব্য পালন কৰিছো- ভোটাধিকাৰ সাব্যস্ত কৰি মিথুন চক্ৰৱৰ্তীৰ মন্তব্য - Lok sabha election 2024 - LOK SABHA ELECTION 2024

Mithun Chakraborty Casting Vote : দেশত চলি থকা ১৮ সংখ্যক লোকসভা নিৰ্বাচনৰ সাতটা পৰ্যায়ৰ ভোটগ্ৰহণৰ আজি অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ । সাতখন ৰাজ্য আৰু এটা কেন্দ্ৰীয়শাসিত অঞ্চলৰ ৫৭ টা সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হৈছে । ইফালে নিজৰ সমষ্টিৰ অন্তৰ্গত ভোটদান কেন্দ্ৰত ভোটাধিকাৰ সাব্যস্ত কৰে বিজেপি নেতা তথা অভিনেতা মিথুন চক্ৰৱৰ্তীয়ে । নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰি উঠি তেওঁ কয়, "মই এজন বিজেপি কেডাৰ, মই মোৰ কৰ্তব্য পালন কৰিছো ।"

Mithun Chakraborty Casting Vote
মিথুন চক্ৰৱৰ্তী (ANI Photo)
author img

By ANI

Published : Jun 1, 2024, 11:10 AM IST

নিউজ ডেস্ক, ১ জুন : চলিত লোকসভা নিৰ্বাচনৰ সপ্তম তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ শনিবাৰে পুৱাৰে পৰা আৰম্ভ হৈছে । এই অন্তিম পৰ্যায়ত ৫৭ টা সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হৈছে । আনহাতে, এই পৰ্যায়ত শনিবাৰে ৯০৪ গৰাকী প্ৰাৰ্থীৰ ভাগ্য ই ভি এমত বন্দী হ'ব । ইফালে অন্তিম পৰ্যায়ত প্ৰধানমন্ত্ৰী নৰোন্দ্ৰ মোদীৰ পৰা আৰম্ভ কৰি কংগনালৈকে বহুকেইগৰাকী হেভীৱেইট প্ৰাৰ্থী নিৰ্বাচনত অৱতীৰ্ণ হৈছে ।

ভাৰতীয় জনতা পাৰ্টীৰ নেতা তথা অভিনেতা মিথুন চক্ৰৱৰ্তীয়ে শনিবাৰে লোকসভা নিৰ্বাচনৰ অন্তিম পৰ্যায়ত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে । তেওঁ পশ্চিমবংগৰ বেলগাচিয়াৰ এটা ভোটকেন্দ্ৰত ভোটদান কৰে । নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰি উঠি তেওঁ এ এন আইৰ আগত কয়, "মই এজন বিজেপি কেডাৰ, মই মোৰ কৰ্তব্য পালন কৰিছো । মই কাইলৈৰ পৰা চলচ্চিত্ৰৰ বিষয়ে কথা পাতিম । কাৰণ মই মোৰ পৰিয়ালকো খুৱাব লাগিব ।"

উল্লেখ্য যে, অন্তিম পৰ্যায়ত পশ্চিমবংগৰ নখন লোকসভা আসনত ভোটগ্ৰহণ চলি আছে । এই সমষ্টিকেইটা হৈছে - বৰসাত, বছিৰহাট, ডায়মণ্ড হাৰ্বাৰ, ডমডম, জয়নগৰ, যাদৱপুৰ, কলকাতা দক্ষিণ, কলকাতা উত্তৰ আৰু মথুৰাপুৰ ।

অন্তিম পৰ্যায়ৰ নিৰ্বাচনত মুঠ ৯০৪ গৰাকী প্ৰাৰ্থী নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছে । এই পৰ্যায়ত নিৰ্বাচনত অৱতীৰ্ণ হোৱা বিশিষ্ট প্ৰাৰ্থীসকলৰ ভিতৰত আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, বিজেপি নেতা ৰবি শংকৰ প্ৰসাদ, নিশিকান্ত দুবে, ৰৱনীত সিং বিট্টু, কংগ্ৰেছ নেতা মনীষ তিৱাৰী, চৰণজিৎ সিং চান্নী, শিৰোমণি আকালি দলৰ নেত্ৰী হৰচিমৰত কৌৰ বাদল, ৰাষ্ট্ৰীয় জনতা দলৰ নেত্ৰী মিছা ভাৰতী ।

আনহাতে, বিজেপিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা তথা অভিনয় জগতৰ পৰা ৰাজনীতিবিদ হোৱা কংগনাই মাণ্ডিত কংগ্ৰেছ প্ৰাৰ্থী বিক্ৰমাদিত্য সিঙৰ বিৰুদ্ধে যুঁজিছে । কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰে হামিৰপুৰৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে । একেদৰে অভিনেতাৰ পৰা ৰাজনীতিবিদ হোৱা ৰবি কিষাণে গোৰখপুৰৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে । লগতে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ ভতিজাক তথা তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী অভিষেক বেনাৰ্জীয়ে ডায়মণ্ড হাৰ্বাৰৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে ।

ইফালে শনিবাৰে ভোটদান কাৰ্য সমাপ্ত হোৱাৰ পিচত এগজিট প'লৰ ফলাফল বিভিন্ন টিভি চেনেলত সম্প্ৰচাৰ কৰা হ'ব । নিৰ্বাচন আয়োগে ১৯ এপ্ৰিলৰ পুৱা ৭ বজাৰ পৰা ১ জুনৰ সন্ধিয়া ৬.৩০ বজালৈ ভোটগ্ৰহণ সমাপ্ত হোৱালৈকে এগজিট প'লৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰিছে ।

ইয়াৰ পূৰ্বে লোকসভা নিৰ্বাচনৰ ছয়টা পৰ্যায়ৰ ভোটগ্ৰহণ ক্ৰমে ১৯ এপ্ৰিল, ২৬ এপ্ৰিল, ৭ মে', ১৩ মে', ২০ মে' আৰু ২৫ মে'ত অনুষ্ঠিত হৈছিল । ইয়াৰ সমান্তৰালভাৱে অন্ধ্ৰপ্ৰদেশ, ছিকিম আৰু অৰুণাচল প্ৰদেশত বিধানসভা নিৰ্বাচনো অনুষ্ঠিত হৈছে । উল্লেখ্য, ওড়িশাত যোৱা চাৰিটা পৰ্যায়ত লোকসভা আৰু বিধানসভাৰ নিৰ্বাচন একেলগে অনুষ্ঠিত হৈছে ।

লগতে পঢ়ক :অন্তিম পৰ্যায়ৰ লোকসভা নিৰ্বাচন; ৯ বজালৈকে ১১.৩১ শতাংশ ভোটদান সম্পন্ন - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.