ৰাঁচী: গোলগাপ্পা বা পানীপুৰী বা ফুচকা খাই ভাল নোপোৱা মানুহ চাগৈ খুব কমেই ওলাব ৷ বিশেষকৈ যুৱতী-মহিলাসকলৰ অতি প্ৰিয় এইবিধ খাদ্য ৷ পথৰ কাষত পানীপুৰী বিক্ৰেতাৰ কাষত পৰিলক্ষিত হোৱা ভিৰে ইয়াৰ উমান দিয়ে ৷ আপুনি বাৰু পানীপুৰী খাই ভাল পাইনে ? আপোনাৰ প্ৰেয়সীয়ে আপোনাক বা যদি আপুনি যুৱতী তেন্তে আপোনাৰ প্ৰেমিকক পানীপুৰী খোৱাৰ বাবে খাটনি ধৰি বা হাতত ধৰি পানীপুৰীৱালাৰ কাষলৈ এবাৰ হ’লেও নিশ্চয় টানি নিছে ৷ নাখাওঁ বুলিলেও এটা হ’লেও পানী পুৰী প্ৰেমিকৰ মুখত গুজি দিছে নিশ্চয় ! ইয়াৰ সোৱাদ লোৱা জনেহে জানে ৷
পিচে ৰ’ব, পানীপুৰী খাই ভালপোৱা সকলৰ বাবে এইখিনিতে আছে এটা দুখৰ খবৰ ৷ এটা গৱেষণাত পানীপুৰী সন্দৰ্ভত এনে এক তথ্য আহিছে যি আপোনাক হতচকিত কৰি তুলিব ৷ পৰীক্ষাগাৰত পানীপুৰীত এনে এক দ্ৰব্যৰ সন্ধান পোৱা গৈছে, যি কেৱল হানিকাৰকেই নহয়, অতি ভয়ংকৰ আৰু প্ৰাণনাশকো হ’ব পাৰে ৷ ই কৰ্কট ৰোগৰো কাৰক হ’ব পাৰে ৷
ৰাঁচীৰ নামকুমস্থিত এখন ষ্ট্ৰীট ফুডৰ দোকানৰ পানীপুৰীত ব্যৱহৃত তেতেলী পানীৰ নমুনা এক পৰীক্ষাৰ বাবে গঢ়ৱাৰ খাদ্য সুৰক্ষা বিষয়াই পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰিছিল ৷ এই পৰীক্ষাৰ প্ৰতিবেদনে সকলোকে আচৰিত কৰি তুলিছে ৷
তেতেলী বা নেমুৰ ৰসযুক্ত পানীত পোৱা গ’ল কাৰখানাত ব্যৱহাৰ কৰা হাইড্ৰ’ক্ল’ৰিক এচিড
আমি সকলোৱে জানো যে পানীপুৰীত এবিধ টেঙাপানীত আলু-মচলা ভৰ্তি পুৰীটো ডুবাই পৰিবেশন কৰা হয় ৷ সাধাৰণতে এই টেঙাপানী তেতেলী আৰু নেমু ব্যৱহাৰ কৰি প্ৰস্তুত কৰা হয় ৷ কিন্তু খাদ্য সুৰক্ষা বিভাগৰ পৰীক্ষাত ইয়াত ধৰা পৰিছে ভয়ংকৰ দ্ৰব্য ৷ পৰীক্ষাগাৰত পৰীক্ষা কৰা পানীখিনিত চাইট্ৰিক বা টাইট্ৰিক এচিড ধৰা পৰা নাছিল, ধৰা পৰিছিল হাইড্ৰ’ক্ল’ৰিক এচিড ৷ যিটো সাধাৰণতে কাৰখানাত ব্যৱহাৰ কৰা হয় ৷
ইটিভি ভাৰতৰ সৈতে হোৱা এক বিশেষ বাৰ্তালাপত ৰাজ্যিক খাদ্য পৰীক্ষণ পৰীক্ষাগাৰৰ খাদ্য বিশ্লেষক চতুৰ্ভুজ মীনাই কয় যে কাৰখানাত ব্যৱহৃত হাইড্ৰ’ক্ল’ৰিক এচিড দাঁতৰ পৰা অন্ত্ৰলৈকে সকলোৰে বাবে বিপদজনক । তেওঁ কয় যে তদন্ত সম্পূৰ্ণ হোৱাৰ পাছত গঢ়ৱাৰ খাদ্য সুৰক্ষা বিষয়ালৈ প্ৰতিবেদন প্ৰেৰণ কৰা হৈছে যাতে তেওঁ আইন অনুসৰি ব্যৱস্থা গ্ৰহণ কৰিব পাৰে ।
টয়লেট ক্লীনাৰত ব্যৱহাৰ কৰা হয় হাইড্ৰ’ক্ল’ৰিক এচিড
দৰাচলতে ২০২৪ চনৰ ১৫ অক্টোবৰত গঢ়ৱাৰ পৰা এটা ৰিপ’ৰ্ট আহিছিল যে তাত পানীপুৰী (গোলগাপ্পা)ত ব্যৱহৃত পানীত টয়লেট ক্লিনাৰ ব্যৱহাৰ কৰা হৈছে । ইয়াৰ পাছতহে তাত থকা খাদ্য সুৰক্ষা বিষয়াই নমুনাটো পৰীক্ষাৰ বাবে ৰাঁচীলৈ প্ৰেৰণ কৰে । পানীপুৰীত ব্যৱহৃত পানীৰ নমুনাত টয়লেট ক্লীনাৰৰ উপস্থিতি পোৱা গৈছে নেকি ? সেই প্ৰশ্নৰ উত্তৰত খাদ্য বিশ্লেষক চতুৰ্ভুজ মীনাই মাথোঁ কয় যে কাৰখানাত ব্যৱহৃত হাইড্ৰ’ক্ল’ৰিক এচিড শৌচাগাৰ চাফাই কৰ্মত ব্যৱহাৰ কৰা হয় ।
হাইড্ৰ’ক্ল’ৰিক এচিডৰ ফলত ফাইব্ৰ’ছিছ আৰু কেন্সাৰ হ’ব পাৰে- ডাঃ বিদ্যাপতি
ফুচকা, পানীপুৰী বা গোলগাপ্পাৰ সৈতে ব্যৱহৃত পানীৰ নমুনাত হাইড্ৰ’ক্ল’ৰিক এচিডৰ উপস্থিতিৰ বাবে উদ্বেগ প্ৰকাশ কৰি ৰিমছৰ চিকিৎসা বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী ডাঃ বিদ্যাপতিয়ে কয় যে ইয়াৰ ফলত দাঁত আৰু পেটৰ বিপজ্জনক ৰোগ, ফাইব্ৰ’ছিছ আৰু আনকি কেন্সাৰ হোৱাৰো সম্ভাৱনা থাকে ।
লগতে পঢ়ক: আপুনিও দিনটোত ৪-৫ কাপ কফি খায় নেকি ? তেন্তে নিশ্চয়কৈ পঢ়ক এই প্ৰতিবেদন