ETV Bharat / bharat

ৰাঁচীত গৃহমন্ত্ৰী অমিত শ্বাহৰ কনভয়ত সোমাল যুৱকৰ বাইক : আৰক্ষীৰ মাজত হাহাকাৰ - Amit Shah Security Lapse

ৰাঁচীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ নিৰাপত্তাৰ ক্ষেত্ৰত ত্ৰুটি হোৱাৰ অভিযোগ উত্থাপন হৈছে । শ্বাহৰ কনভয়ত প্ৰৱেশ এখন বাইকত অহা দুই যুৱকৰ । আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দুই যুৱকক ।

Amit Shah security lapse
ৰাঁচীত গৃহমন্ত্ৰী অমিত শ্বাহৰ নিৰাপত্তাত ত্ৰুটি (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Jul 20, 2024, 6:30 PM IST

নেশ্যনেল ডেস্ক,২০ জুলাই: শনিবাৰে ৰাঁচীত উপস্থিত হোৱা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ নিৰাপত্তাত বিসংগতি । আৰক্ষীৰ নিৰাপত্তা ব্যৱস্থাত ত্ৰুটি হোৱাৰ অভিযোগ উত্থাপন হৈছে । কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ কনভয় বীৰচা মুণ্ডা বিমানবন্দৰৰ পৰা ধুৰৱাৰ প্ৰভাত তাৰা ময়দানৰ দিশে গৈ থকা অৱস্থাত বাইকত অহা দুই যুৱকে প্ৰৱেশ কৰে অমিত শ্বাহৰ কনভয়ৰ মাজত । লগে লগে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ নিৰাপত্তাৰ দায়িত্বত থকা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দুই বাইক আৰোহীক ।

আটকাধীন দুই আৰোহী ক্ৰমে বিহাৰৰ অংকিত আৰু ধুৰৱাৰ বাসিন্দা মোহিত বুলি চিনাক্ত কৰা হৈছে । দুয়োকে জগন্নাথপুৰ আৰক্ষী থানালৈ লৈ যোৱা হয় । কৰ্তব্যৰত ডি এছ পি পি কে মিশ্ৰই কয় যে, নিৰাপত্তাৰ ক্ষেত্ৰত কোনো ত্ৰুটি নাই । তেওঁ কয় যে যদি যুৱক দুজন পলাই যাবলৈ সক্ষম হ'লহেতেন, তেতিয়া নিৰাপত্তাৰ ক্ষেত্ৰত ভুল হ'লহেঁতেন । যিহেতু দুয়ো আৰোহীকে আটক কৰা হৈছে, অতি কটকটীয়া নিৰাপত্তা ব্যস্তনীৰ মাজেৰে অমিত শ্বাহৰ কাৰ্যসূচী চলি আছে ।

বাইকখনে কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ কনভয়ত খুন্দা মৰাহেতেন কি হ'লহেঁতেন বুলি সাংবাদিকে কৰা এক প্ৰশ্নৰ উত্তৰত কয় ডি এছ পিয়ে কয় যে যিহেতু কোনো ঘটনা সংঘটিত হোৱাৰ পূৰ্বেই দুই আৰোহীক আটক কৰা হৈছে, গতিকে সুৰক্ষা ব্যৱস্থাত কোনেধৰণৰ ত্ৰুটি হোৱা নাই ।

ইফালে, বাইক লৈ কনভয়ত প্ৰৱেশ কৰা দুয়োজন যুৱকৰ এজন যুৱক অংকিতে কয় যে কাৰ কনভয় গৈ আছে সেই বিষয়ে তেওঁলোক অৱগত নাছিল । দুয়োৱে ভুলটো স্বীকাৰ কৰাৰ লগতে তেঁওলোক অপৰাধী নহয় বুলি দাবী কৰে । তেওঁ কয় যে তেওঁলোকে পাৰ্কিঙত প্ৰৱেশ কৰাৰ বাবেহে চেষ্টা কৰিছিল । সেই উদ্দেশ্যৰে ব্ৰেক প্ৰয়োগ কৰাৰ লগে লগে আৰক্ষীয়ে তেওঁলোকক আটক কৰে ।

লগতে পঢ়ক: অসমৰ বান পৰিস্থিতি সন্দৰ্ভত দিল্লীত গৃহমন্ত্ৰীক সাক্ষাৎ ৰাজ্যপাল গুলাবচান্দ কাটাৰিয়াৰ - Governor Kataria in Delhi

প্ৰতিবছৰে ২৫ জুনত 'সংবিধান হত্যা দিৱস' পালনৰ সিদ্ধান্ত কেন্দ্ৰৰ - June 25 Samvidhaan Hatya Diwas

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.