ETV Bharat / bharat

বৃষ্টিপাত-তুষাৰপাতত হিমাচলত ঘাইপথকে ধৰি ৩৫০টা পথত যাতায়ত ব্য়াহত

author img

By ETV Bharat Assamese Team

Published : Mar 2, 2024, 8:41 PM IST

Heavy Rain and Snowfall in Himachal: হিমাচল প্ৰদেশত বৃষ্টিপাত আৰু তুষাৰপাত অব্যাহত । ৰাজ্য়ৰ নামনি অঞ্চলবোৰত ধাৰাসাৰ বৰষুণ হৈছে ।

Heavy Rain and Snowfall in Himachal
হিমাচল প্ৰদেশত তুষাৰপাত

নেশ্য়নেল ডেস্ক, ২ মাৰ্চ: হিমাচল প্ৰদেশৰ বতৰ বিজ্ঞান বিভাগে জাৰি কৰা সতৰ্কবাণীৰ পিছত প্ৰচুৰ পৰিমানে তুষাৰপাত আৰু বৰষুণ আৰম্ভ হৈছে । যোৱা নিশাৰে পৰা ৰাজ্যখনৰ বেছিভাগ ঠাইত তুষাৰপাতৰ লগতে বৃষ্টিপাত হৈ আছে । ৰাজ্য়খনত তুষাৰপাতৰ পৰিমাণ অধিক হোৱা বুলি উল্লেখ কৰিছে হিমাচল প্ৰদেশৰ বতৰ বিজ্ঞান বিভাগে । ইপিনে, সমভূমিতো ধাৰাসাৰ বৰষুণ অব্যাহত আছে । ফলত স্বাভাৱিক জনজীৱন স্তব্ধ হৈ পৰিছে । ৰাজ্য়খনৰ কিন্নৌৰ, লাহৌল স্পিতি, চম্বা, কুল্লুৰ ওপৰৰ অঞ্চলত প্ৰচণ্ড তুষাৰপাত হৈছে । ৰাজধানী চিমলাতো নিশাৰ পৰা প্ৰচণ্ড বৰষুণ হৈ আছে ।

  • " class="align-text-top noRightClick twitterSection" data="">

হিমাচল প্ৰদেশৰ বতৰ বিজ্ঞান বিভাগে উল্লেখ কৰা মতে,ধাৰাসাৰ বৰষুণ আৰু তুষাৰপাতৰ ফলত তাপমাত্ৰাও যথেষ্ট হ্ৰাস পাইছে । হিমাচলৰ প্ৰায়বোৰ স্থানেই শীত প্ৰৱাহৰ কবলত পৰিছে। বতৰ বিজ্ঞান বিভাগে আজি ৰাজ্যজুৰি বৰষুণ আৰু তুষাৰপাতৰ বাবে ৰেড এলাৰ্ট জাৰি কৰিছে । ৰাজ্যখনত তুষাৰপাতৰ ফলত বহু ঠাইত যান-বাহন চলাচলো স্থবিৰ হৈ পৰিছে । বতৰ বিজ্ঞান বিভাগৰ সঞ্চালক সুৰেন্দ্ৰ পালে এই সন্দৰ্ভত কয় যে হিমাচলত যোৱা নিশাৰ পৰা বহু ঠাইত বৰষুণ আৰু তুষাৰপাত হৈ আহিছে । বিশেষকৈ পাহাৰৰ উচ্চ অংশবোৰত বৰষুণ আৰু তুষাৰপাত হৈছে ।

হিমাচল প্ৰদেশত তুষাৰপাত আৰু বৰষুণৰ ফলত চাৰিটা ৰাষ্ট্ৰীয় ঘাইপথকে ধৰি ৩৫০ টা পথ বন্ধ কৰি দিয়া হৈছে । বিলাসপুৰ জিলাত আঠটা পথ বন্ধ কৰা হৈছে । তদুপৰি কাংৰা জিলাৰ এটা, কিন্নৌৰ জিলাৰ ৩২ টা, কুল্লু জিলাৰ সাতটা, লাহৌল স্পিতি জিলাৰ ২৯০ টা, মাণ্ডি আৰু চিমলা জিলাৰ দুঠাইত পথ বন্ধ কৰা হৈছে । ইয়াৰ উপৰি লাহৌল স্পিতি জিলাৰ ৰাষ্ট্ৰীয় ঘাইপথ ৫০৫ আৰু ৰাষ্ট্ৰীয় ঘাইপথ ০০৩ বন্ধ কৰি দিয়া হৈছে । ৰাজ্যিক জৰুৰীকালীন কেন্দ্ৰৰ মতে, কিন্নৌৰৰ ৰাষ্ট্ৰীয় ঘাইপথ-১ আৰু কুল্লু জিলাৰ ৰাষ্ট্ৰীয় ঘাইপথ-৩০৫ বন্ধ আছে। একে সময়তে, প্ৰচণ্ড তুষাৰপাতৰ বাবে ৰোহটাং পাছো বন্ধ কৰি দিয়া হৈছে ।

লগতে পঢ়ক:বৰফৰ শুভ্ৰ আচ্ছাদনৰ মাজত ছিমলা, ব্যাহত যাতায়ত সেৱা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.