ETV Bharat / bharat

হিমাচলৰ ৬ কংগ্ৰেছ বিধায়কক অযোগ্য ঘোষণা; শীৰ্ষ আদালতত আবেদন দাখিল ৰাজ্য চৰকাৰৰ

author img

By ETV Bharat Assamese Team

Published : Mar 11, 2024, 2:11 PM IST

Himachal government files caveat: কাইলৈ ছয়জন অযোগ্য বিধায়কে দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰাৰ সম্ভাৱনা উচ্চতম ন্যায়ালয়ত । উচ্চতম ন্যায়ালয়ে কোনো ৰায় দিয়াৰ পূৰ্বে ৰাজ্য চৰকাৰে তেওঁলোকৰ পক্ষৰ শুনানি গ্ৰহণ কৰিবলৈ আদালতত অনুৰোধ জনাই আবেদন দাখিল কৰিছে।

himachal-government-filed-caveat-in-mlas-dismissed-case-in-supreme-court
হিমাচলৰ ৬ কংগ্ৰেছ বিধায়কক অযোগ্য ঘোষণা; শীৰ্ষ আদালতত আবেদন দাখিল ৰাজ্য চৰকাৰৰ

নেশ্যনেল ডেস্ক, 11 মাৰ্চ : অব্যাহত হিমাচলৰ ৰাজনৈতিক সংকট । ৰাজ্যসভাৰ নিৰ্বাচনত ক্ৰছ ভোট দিয়া 6 কংগ্ৰেছ বিধায়কে তেওঁলোকক অযোগ্য ঘোষণা কৰাৰ সিদ্ধান্তক উচ্চতম ন্যায়ালয়ত প্ৰত্যাহ্বান জনাইছে । সমান্তৰালভাৱে হিমাচল চৰকাৰেও এই বিষয়ত উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে ।

ৰাজ্য চৰকাৰে উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰি নিজৰ পক্ষৰ শুনানি গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছে । অযোগ্য বিধায়কৰ ক্ষেত্ৰত কোনো অন্তৱৰ্তীকালীন আদেশ জাৰি কৰাৰ পূৰ্বে ৰাজ্য চৰকাৰৰ পক্ষৰ শুনানি গ্ৰহণ কৰিবলৈ চৰকাৰে অনুৰোধ জনাইছে । এই গোচৰৰ শুনানি 12 মাৰ্চ মঙলবাৰৰ বাবে নিৰ্ধাৰণ কৰা হৈছে ।

উচ্চতম ন্যায়ালয়ত ন্যায়াধীশ সঞ্জীৱ খান্না, ন্যায়াধীশ দিপাংকৰ দত্ত আৰু ন্যায়াধীশ প্ৰশান্ত কুমাৰ মিশ্ৰৰ তিনিজনীয়া বিচাৰপীঠে মঙলবাৰে দুই নম্বৰ আদালতত শুনানি গ্ৰহণ কৰিব পাৰে । মন কৰিবলগীয়া যে, সতৰ্কবাণী আবেদনত প্ৰতিবাদকাৰীৰ বিৰুদ্ধে কোনো সিদ্ধান্ত লোৱাৰ পূৰ্বে শুনানিৰ অধিকাৰ দিয়া হৈছে । এই অধিকাৰ সন্দৰ্ভত হিমাচল চৰকাৰে সতৰ্কতামূলক আবেদন দাখিল কৰিছে । ৰাজ্য চৰকাৰৰ যুক্তি হ’ল বিদ্ৰোহী বিধায়কসকলক বিধানসভাৰ অধ্যক্ষই দৃঢ়তাৰে অযোগ্য ঘোষণা কৰিছে ।

উল্লেখ্য যে, শাসকীয় দলৰ সকলো বিধায়কক বাজেট অধিৱেশনত বাজেট গৃহীত কৰিবৰ বাবে উপস্থিত থাকিবলৈ নিৰ্দেশ দিয়া হৈছিল ৷ সেই সময়ত এই ছয়জন বিধায়ক উপস্থিত নাছিল । সেইবাবেই তেওঁলোকক অযোগ্য ঘোষণা কৰা হৈছিল । কাইলৈৰ শুনানিত এই আবেদনৰ ওপৰত দুয়োপক্ষৰ শুনানি গ্ৰহণ কৰা হ’ব ।

সুধীৰ শৰ্মা, ৰাজেন্দ্ৰ ৰাণা, দেৱেন্দ্ৰ ভুট্টো, ইন্দ্ৰ দত্ত লাখনপাল, ৰবি ঠাকুৰ, চৈতন্য শৰ্মা বিধায়কসকলৰ সপক্ষত ওকালতি কৰিব অধিবক্ত তুষাৰ মেহতাই ।

লগতে পঢ়ক: জে পি নাড্ডাই এৰিলে হিমাচলৰ ৰাজ্যসভাৰ সদস্য পদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.