ETV Bharat / bharat

সোমবাৰে হেমন্ত ছোৰেন মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ, ৰাজভৱনে শপত গ্ৰহণৰ বাবে দিছিল সময় - HEMANT SOREN CABINET EXPANSION

Hemant Soren Cabinet : সোমবাৰে সম্প্ৰসাৰণ কৰা হ'ব হেমন্ত ছোৰেন মন্ত্ৰীসভা । শাসকীয় দলৰ বিধায়কসকলে সোমবাৰে আবেলি 3.30 বজাত বিৰচা মণ্ডপত শপত ল'ব মন্ত্ৰী হিচাপে ।

author img

By ETV Bharat Assamese Team

Published : Jul 7, 2024, 10:20 PM IST

HEMANT SOREN CABINET EXPANSION
হেমন্ত ছোৰেন মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ (ETV Bharat)

নেশ্যনেল ডেস্ক, 7 জুলাই: হেমন্ত ছোৰেন মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ সম্পৰ্কে চলি থকা সকলো জল্পনা-কল্পনাৰ সমাপ্তি ৷ কিয়নো সোমবাৰে আবেলি 3.30 বজাত হেমন্ত ছোৰেন মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ কাৰ্যসূচী অনুষ্ঠিত হ’ব ৷ বিৰচা মণ্ডপত অনুষ্ঠিত হ’বলগীয়া এই শপতগ্ৰহণৰ কাৰ্যসূচীৰ বাবে ৰাজভৱনৰ তৰফৰ পৰা অনুমোদন জনোৱা হৈছে ৷

উল্লেখ্য যে, মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনে সদনত আস্থাৰ ভোট লাভ কৰিব লাগিব । সংখ্যাৰ ক্ষেত্ৰত এয়া চৰকাৰৰ বাবে কেৱল এক আনুষ্ঠানিকতা । দৰাচলতে, ভূমি কেলেংকাৰীৰ গোচৰত জামিন লাভ কৰি হেমন্ত ছোৰেনে 28 জুনত কাৰাগাৰৰ পৰা মুক্তি লাভ কৰিছিল ।

লগতে পঢ়ক: কাৰামুক্ত হৈ পুনৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ হেমন্ত ছোৰেনৰ - HEMANT SOREN

পৰৱৰ্তী 3 জুলাইত শাসকীয় দলৰ বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ পিছত তেওঁ অকলে 4 জুলাইত মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰে । যদিও ইয়াৰ আগতে 7 জুলাই অৰ্থাৎ মুখ্যমন্ত্ৰীকে ধৰি অন্যান্য মন্ত্ৰীসকলৰ শপতগ্ৰহণৰ বাবে ৰথযাত্ৰাৰ দিনটো বাছনি কৰা হৈছিল, কিন্তু কিছুমান আভ্যন্তৰীণ কাৰণত হেমন্ত ছোৰেনে 4 জুলাইতে মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰে ।

এতিয়া চৰ্চা হৈছে যে কোন বিধায়কে মন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিব ? হেমন্ত ছোৰেনক কাৰাগাৰলৈ নিয়াৰ পিছত মিথিলেশ ঠাকুৰ, বসন্ত ছোৰেন, দীপক বিৰুৱা, বেবী দেৱী আৰু হাফিজুল হাছান চম্পাই ছোৰেনৰ মন্ত্ৰীসভাত জে এম এম কোটাৰ পৰা মন্ত্ৰী হৈছিল । ৰামেশ্বৰ ওৰাওন, আলমগীৰ আলম, বান্না গুপ্তা আৰু বাদল পাত্ৰলেখক কংগ্ৰেছৰ কোটাৰ পৰা অন্তৰ্ভুক্ত কৰা হৈছিল ৷

লগতে পঢ়ক: হেমন্ত ছোৰেনৰ জামিন সন্দৰ্ভত কি ক’লে ড৹ হিমন্ত বিশ্ব শৰ্মাই ? - Himanta Biswa Sarma

আনহাতে, আৰ জে ডি কোটাৰ পৰা সত্য়ানন্দ ভোগ্তাক অন্তৰ্ভুক্ত কৰা হৈছিল । নগদ ধনৰ কেলেংকাৰীৰ গোচৰত আলমগীৰ আলমক গ্ৰেপ্তাৰ কৰাৰ পিছত সম্প্ৰতি কংগ্ৰেছৰ কোটাৰ পৰা মন্ত্ৰীৰ এটা পদ খালী হৈ আছে ৷ যাৰ ঠাইত আলমগীৰ আলমৰ সলনি সংখ্যালঘু কোটা পূৰণৰ স্থান পাব পাৰে ইৰফান আনছাৰীয়ে । অৱশ্যে, পোদিয়াতৰ কংগ্ৰেছ বিধায়ক প্ৰদীপ যাদৱৰ নামো এই তালিকাত সন্নিৱিষ্ট কৰাৰ সম্ভাৱনা আছে ৷

উল্লেখ্য যে, সত্যানন্দ ভোগতাৰ নাম চূড়ান্ত কৰা হৈছে, কিয়নো ভোগতা আৰ জে ডি কোটাৰ একমাত্ৰ বিধায়ক । এতিয়া এইটো চাবলৈ বাকী আছে যে, বৈদ্যনাথ ৰামে জে এম এম কোটাৰ পৰা দ্বাদশ মন্ত্ৰী হিচাপে স্থান লাভ কৰে নেকি ।

লগতে পঢ়ক: উচ্চ ন্যায়ালয়ৰ আবেদনক প্ৰত্যাহ্বান জনাই শীৰ্ষ আদালতৰ দ্বাৰস্থ হেমন্ত ছোৰেন - Hemant Soren Moves SC

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.