ETV Bharat / bharat

মনোমোহা ছিকিমত প্ৰচণ্ড বৰষুণ আৰু ভূমিস্খলনৰ তাণ্ডৱ: তিনিটা মৃতদেহ উদ্ধাৰ - landslides in Sikkim

author img

By ETV Bharat Assamese Team

Published : Jun 13, 2024, 9:44 PM IST

Sikkim Floods : ছিকিমত বান পৰিস্থিতিৰ অৱনতি ঘটাৰ লগে লগে প্ৰশাসনে জৰুৰীকালীন বৈঠক অনুষ্ঠিত কৰিছে । তিস্তা নদীৰ জলস্তৰে বিপদসীমা অতিক্ৰম কৰিছে ৷ ৰাষ্ট্ৰীয় ঘাইপথ নং 10, যিকোনো সময়তে বন্ধ হোৱাৰ সম্ভাৱনাই দেখা দিছে ৷

FLOOD SITUATION IN SIKKIM
ভূমিস্খলন আৰু ধাৰাসাৰ বৰষুণ (ETV BHARAT)

নেশ্যনেল ডেস্ক, 13 জুন : উত্তৰ ছিকিমৰ লাচুং অঞ্চলত ভূমিস্খলন আৰু ধাৰাসাৰ বৰষুণৰ পিচত, বৃহস্পতিবাৰে পাৰ্কচাং অঞ্চলৰ পৰা তিনিটা মৃতদেহ উদ্ধাৰ কৰা হয় ৷ উত্তৰ ছিকিমৰ জিলা আয়ুক্তই পৰিস্থিতিৰ বুজ ল'বলৈ এখন জৰুৰী বৈঠক আহ্বান কৰিছে ৷ আম্বিথাঙত সাতটা ঘৰ ক্ষতিগ্ৰস্ত হয় আৰু দুজন লোক সন্ধানহীন হোৱাৰ খবৰ পোৱা গৈছে ৷ আনহাতে এজন লোকক চিকিৎসাৰ বাবে জিলা চিকিৎসালয়লৈ লৈ যোৱা হৈছে বুলি জানিব পৰা গৈছে ৷

সূত্ৰ অনুসৰি, নিৰন্তৰ বৰষুণৰ ফলত তিস্তা নদীৰ জলস্তৰ যথেষ্ট বৃদ্ধি পাইছে ফলত লাচুঙত বানৰ দৰে পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ নদীৰ কাষৰ কেবাটাও ঘৰ পানীৰ প্ৰচণ্ড সোঁতত উটি যায় আৰু কেবাঠাইতো পথ ক্ষতিগ্ৰস্ত হয় ৷ তিস্তা নদীয়ে সিংথাম আৰু ৰংপোত বিপদসীমা অতিক্ৰম কৰিছে ৷

ইফালে, বৃহস্পতিবাৰে জৰবাংলোলৈ যোৱা পথটো পানীত ডুব যোৱাৰ ফলত কালিম্পঙৰ সৈতে যোগাযোগ বন্ধ হৈ যায় ৷ বেংগল-ছিকিমৰ জীৱনৰেখা, ৰাষ্ট্ৰীয় ঘাইপথ নং 10, যিকোনো সময়তে বন্ধ হোৱাৰ সম্ভাৱনাই দেখা দিছে ৷

বুধবাৰে নিশাৰ পৰা ছিকিমত ধাৰাবাহিক বৰষুণ হৈছে ৷ কিছুমান ঠাইত তিস্তাৰ পানীয়ে ৰাষ্ট্ৰীয় ঘাইপথ চুইছেগৈ ৷ যোৱা অক্টোবৰত তিস্তা বজাৰ এলেকাটো আকস্মিক বানত ডুব গৈছিল আৰু এয়া এতিয়াও স্থানীয় লোকসকলৰ স্মৃতিত সতেজ হৈ আছে ৷ পুনৰ্সংস্থাপনৰ কাম ততাতৈয়াকৈ আৰম্ভ হৈছে ৷ এতিয়া তিস্তা বজাৰ পুনৰ বানত বুৰ যোৱাৰ সম্ভাৱনাই দেখা দিছে ৷ আনহাতে তিস্তাৰ পানী উপচি পৰাৰ ফলত মল্লিত ৰাষ্ট্ৰীয় ঘাইপথৰ এটা অংশ খহি পৰে ৷

প্ৰশাসনে ইতিমধ্যে ৰেড এলাৰ্ট জাৰি কৰিছে আৰু সামগ্ৰিক পৰিস্থিতি নিৰীক্ষণ কৰিবলৈ আৰক্ষীৰ সৈতে এটা দল ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে ৷ অৱশ্যে তিস্তা বজাৰ আৰু মল্লি অঞ্চলৰ বাসিন্দাসকলে নদীৰ জলস্তৰ বৃদ্ধি পোৱাত আতংকিত হৈ পৰিছে ৷ আনহাতে ছিকিমত বৰষুণ বন্ধ নহ'লে, জলস্তৰ হ্ৰাস হোৱাৰো কোনো সম্ভাৱনা নাথাকে ৷

কালিম্পঙৰ জিলা দণ্ডাধীশ বালাসুব্ৰমণ্যম টিয়ে কয়, "আমি পৰিস্থিতি নিৰীক্ষণ কৰি আছো আৰু ছিকিম প্ৰশাসনৰ সৈতে যোগাযোগ কৰি আছো ৷" ইফালে, জিলা দণ্ডাধীশৰ নিৰ্দেশনা অনুসৰি ছিকিমৰ মংগনে জিলাৰ প্ৰশাসনিক বিষয়াসকলে সাহায্যৰ কাম আৰম্ভ কৰিছে ৷

বুধবাৰে মাজনিশাৰ পৰা কালিম্পঙৰ তিস্তা বজাৰ আৰু মল্লী অঞ্চলত নদীৰ পানী প্ৰৱেশ কৰিবলৈ আৰম্ভ কৰিছে ৷ বহুতে নিজৰ জীৱন বচাবলৈ ঘৰ এৰিছে কাৰণ তেওঁলোকৰ এতিয়াও যোৱা অক্টোবৰত ছিকিমৰ আকস্মিক বানৰ আতংক মাৰ যোৱা নাই ৷

অক্টোবৰত, ভয়ংকৰ বানৰ ফলত ছিকিমৰ বান্ধটো ভাঙি পৰে যাৰ ফলত প্ৰায় 80 টা ঘৰ পানীত উটি যায় ৷ লগতে কেবাজনো লোকে প্ৰাণ হেৰুৱাই ৷ বৃহস্পতিবাৰে তিস্তা বজাৰ আৰু মল্লিৰ বাসিন্দাসকলক একেধৰণৰ ভয়ে ক্ৰিয়া কৰিছিল ৷ পুৱা বহুতো ঘৰত পানী সোমাই আহে ৷ তাত থকা লোকসকলে হাততে পোৱা প্ৰয়োজনীয় বস্তুসমূহ লৈ পাহাৰৰ ঢালত উঠিছিল ৷

স্থানীয় বাসিন্দা ৱাছিম আনছাৰীয়ে কয়, "কেৱল ছিকিমতহে তিস্তা নদী এই হাৰত বৃদ্ধি পাইছে ৷ বাৰিষা এতিয়াও অহা নাই কিন্তু আমি এনে পৰিস্থিতিৰ সন্মুখীন হৈছো ৷ মই নাজানো বাৰিষাত কি হ'ব ৷ মাজনিশাৰ পৰা অঞ্চলটোত পানী প্ৰৱেশ কৰা আৰম্ভ হৈছে ৷ বহুলোকে নিজৰ জীৱন ৰক্ষা কৰিবলৈ ঘৰ এৰিছে ৷" আন এজন বাসিন্দা ভগৱান লাল প্ৰসাদে কয়, "আমি চিন্তিত ৷ যিধৰণে পানী বাঢ়ি আছে, আমি কি কৰিব লাগে নাজানো ! যদি চৰকাৰে আমাক সহায় নকৰে, আমি বৃহৎ সমস্যাৰ সন্মুখীন হ'ম ৷"

লগতে পঢ়ক : কুৱেইটৰ অগ্নিকাণ্ডত নিহত ১৪ কেৰালিয়ানক চিনাক্ত; ৫ লাখ টকাৰ এককালীন সাহাৰ্য ঘোষণা কেৰালাৰ মুখ্যমন্ত্ৰীৰ - Kerala Citizen Died in Kuwait Fire

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.