ETV Bharat / bharat

পথ দুৰ্ঘটনাত মৃত্যু বিধায়িকা লাস্য নন্দিতাৰ; মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডীৰ শোক প্ৰকাশ

author img

By ETV Bharat Assamese Team

Published : Feb 23, 2024, 12:08 PM IST

MLA Lasya Nandita died : শুকুৰবাৰৰ পুৱাই পটাঞ্চেৰু অ’ আৰ আৰত সংঘটিত এক শোকাৱহ পথ দুৰ্ঘটনাত থিতাতে মৃত্যু ঘটে বিধায়িকা লাস্য নন্দিতাৰ । তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডীৰ লগতে বি আৰ এছৰ মুৰব্বীকে ধৰি বহু লোকে বিধায়কগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰে ৷ বিধায়িকা লাস্য নন্দিতাৰ পিতৃ প্ৰাক্তন বিধায়ক সায়ন্নাৰ ঠিক এবছৰ পূৰ্বে মৃত্যু ঘটিছিল । মৃত্যুৰ সময়ত বিধায়িকাগৰাকীৰ বয়স আছিল 37 বছৰ ৷

Haunted Death - Cantonment MLA Lasya Nandita died in a road accident

নেশ্যনেল ডেস্ক, 23 ফেব্ৰুৱাৰী: পটাঞ্চেৰু অ’ আৰ আৰত সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা ৷ এই দুৰ্ঘটনাটোত থিতাতে মৃত্যু হয় বিধায়িকা লাস্য নন্দিতাৰ । লগতে গাড়ীখনৰ চালকজন গুৰুতৰভাৱে আহত হয় বুলি জানিব পৰা গৈছে । মুখ্যমন্ত্ৰী তথা বি আৰ এছৰ মুৰব্বীকে ধৰি বহু লোকে বিধায়কগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰে ৷

Cantonment MLA Lasya Nandita died in a road accident
পথ দুৰ্ঘটনাত মৃত্যু বিধায়িকা লাস্য নন্দিতাৰ

জানিব পৰা মতে, ছেকেন্দ্ৰাবাদ কেণ্টনমেণ্টৰ বিধায়িকা লাস্য নন্দিতাক মৃত্যুয়ে খেদি ফুৰিছিল । দহদিন পূৰ্বে নলগোণ্ডা জিলাৰ নৰকটপল্লীত আন এক পথ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিছিল বিধায়িকাগৰাকী আৰু আজি পটাঞ্চেৰু অ’ আৰ আৰত সংঘটিত দুৰ্ঘটনাত থিতাতে মৃত্যু ঘটে যুৱ বিধায়িকাগৰাকীৰ ।

আনহাতে, গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত গাড়ীৰ চালকজনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৷ আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি গাড়ীখন তীব্ৰ বেগেৰে গৈ ৰেলিঙত খুন্দা মৰাৰ ফলত সংঘটিত হয় এই শোকাৱহ দুৰ্ঘটনাটো । থিতাতে বিধায়িকা নন্দিতাক মৃত বুলি ঘোষণা কৰা হয় ৷

ঠিক এবছৰৰ আগতে তেওঁৰ পিতৃ প্ৰয়াত বিধায়ক সায়ন্নাৰ স্বাস্থ্যজনিত সমস্যাৰ বাবে মৃত্যু হৈছিল । নন্দিতাৰ মৃত্যুৰ খবৰ লাভ কৰি তেওঁৰ মাক আৰু ভনীয়েক স্তম্ভিত হৈ পৰে । পৰিয়ালৰ সদস্য, দলৰ নেতা, অনুৰাগী, দলীয় কৰ্মী, সমষ্টিৰ জনসাধাৰণে শিবিৰৰ কাৰ্যালয়ত উপস্থিত হৈছে ৷

বিধায়কগৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে বি আৰ এছৰ নেতাসকলে । দলটোৰ নেতা কেচিআৰে বিধায়কগৰাকীৰ অকাল মৃত্যুত শোক প্ৰকাশ কৰে । অতি কম বয়সতে বিধায়িকা হিচাপে জনপ্ৰিয়তা লাভ কৰা লাস্য নন্দিতাৰ মৃত্যু দলটোৰ বাবে ক্ষতি বুলি কয় তেলেংগানাৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

এই কঠিন সময়ত দলে তেওঁলোকৰ পৰিয়ালক পৰ্যাপ্ত সহযোগিতা আগবঢ়াব বুলি কেচিআৰে কয় । লগতে, শোকসন্তপ্ত পৰিয়াললৈ প্ৰতি গভীৰ সমবেদনা জ্ঞাপন কৰে ৷ প্ৰাক্তন মন্ত্ৰী তথা বিধায়ক বিধায়ক হৰিশ ৰাও, প্ৰাক্তন মন্ত্ৰী ভেমুলা প্ৰশান্ত ৰেড্ডী, প্ৰাক্তন মন্ত্ৰী থালাছানি শ্ৰীনিবাস যাদৱে নন্দিতাৰ মৃত্যুত গভাৰ শোক প্ৰকাশ কৰে ৷

উল্লেখ কৰা প্ৰয়োজন যে, বিধায়িকা লাস্য নন্দিতাৰ পিতৃ প্ৰাক্তন বিধায়ক সায়ন্নাৰ ঠিক এবছৰ পূৰ্বে মৃত্যু ঘটিছিল । হৃদযন্ত্ৰ আৰু বৃক্কৰ সমস্যাৰ বাবে চিকিৎসালয়ত ভৰ্তি হোৱাৰ পিচত 19 ফেব্ৰুৱাৰীত হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হোৱাত তেওঁৰ মৃত্যু হয় । শেহতীয়াকৈ অনুষ্ঠিত হোৱা বিধানসভা নিৰ্বাচনত বি আৰ এছৰ নেতৃত্বই সায়ন্নাৰ ঠাইত তেওঁৰ কন্যা লাস্য নন্দিতাক টিকট প্ৰদান কৰিছিল ৷

মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডীয়ে বিধায়িকা নন্দিতাৰ অকাল মৃত্যুত স্তম্ভিত হৈ পৰা বুলি কয় । পৰিয়ালৰ লোকলৈ গভীৰ শোক প্ৰকাশ কৰাৰ লগতে নন্দিতাৰ পিতৃ প্ৰয়াত সয়ন্নাৰ সৈতে তেওঁৰ ঘনিষ্ঠ সম্পৰ্ক আছিল বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ।

লগতে পঢ়ক: বিয়া খাবলৈ গৈ শোকাৱহ পথ দুৰ্ঘটনা, নিহত 6

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.